• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলা গঠনৰ তেত্ৰিশ বছৰ, ১১ – ১২ অক্টোৱৰত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 29, 2022 7:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাওঁতে চাওঁতে বঙাইগাঁও জিলা গঠনৰ তেত্ৰিশ বছৰ পূৰ্ণ হ’বলৈ ওলাইছে ৷ অহা ১২ অক্টোৱৰত বঙাইগাঁও জিলাই তেত্ৰিশ বছৰ পূৰ্ণ কৰি ৩৪ বছৰত ভৰি দিব ৷ জিলা গঠনৰ এই প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চলিছে প্ৰস্তুতি ৷ অহা ১১ আৰু ১২ অক্টোৱৰত দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে জিলা প্ৰশাসনে উদযাপন কৰিব বঙাইগাঁও জিলা গঠনৰ প্ৰতিষ্ঠা দিৱস ৷

উল্লেখ্য যে আজিৰ পৰা ৩৩ বছৰ আগতে ১৯৮৯ চনৰ ১২ অক্টোৱৰত অবিভক্ত গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ পৰা এটাকৈ অংশ কাটি আনি বঙাইগাঁৱক এখন পূৰ্ণ আৰু পৃথক জিলা হিচাপে গঠন কৰি প্ৰশাসনিক কাম – কাজ আৰম্ভ কৰা হৈছিল ৷ অৱশ্যে তেতিয়াৰ ৰাজ্য চৰকাৰে ১ অক্টোৱৰত বঙাইগাঁৱক নতুন জিলা হিচাপে ঘোষণা কৰিছিল যদিও কাম – কাজ ১২ অক্টোৱৰৰ পৰা আৰম্ভ হৈছিল ৷

Apply Now

বঙাইগাঁও জিলাৰ প্ৰথম গৰাকী উপায়ুক্তই জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজ ১২ অক্টোৱৰৰ পৰা আৰম্ভ কৰাত সেই দিনটোকে জিলা গঠনৰ দিন হিচাপে গ্ৰহণ কৰা হয় ৷ মন কৰিবলগীয়া যে বঙাইগাঁও জিলাৰ প্ৰথমগৰাকী জিলা উপায়ুক্তৰ দায়িত্বত আছিল দীনেশ চন্দ্ৰ বৰ্মন আৰু জিলা আৰক্ষী অধীক্ষকৰ পদত আছিল আৰ এম সিং ৷ বঙাইগাঁৱৰ দেউৰীপাৰাস্থিত নৰ্মাল স্কুলত অস্থায়ীভাৱে উপায়ুক্ত কাৰ্যালয় আৰম্ভ কৰি কাম- কাজ চলিছিল যদিও এতিয়া চহৰৰ মাজত স্থায়ী কাৰ্যালয় হৈছে ৷ কিন্তু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো বৰ্তমানো ৰে’লৱেৰ মাটিতে চলি আছে ৷ বঙাইগাঁও জিলাৰ বহু পৰিৱৰ্তন হ’ল ৷ চহৰখনৰো পৰিৱৰ্তন হ’ল ৷

কিন্তু এতিয়াও আৰু বহু কৰিবলগীয়া আছে ৷ ইপিনে বঙাইগাঁও জিলা প্ৰতিষ্ঠা দিৱস উদযাপন সন্দৰ্ভত মঙলবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত নবদ্বীপ পাঠকৰ সভাপতিত্বত অগ্ৰণী ব্যক্তি তথা জ্যেষ্ঠ নাগৰিকৰ সৈতে এখন সভা অনুষ্ঠিত কৰা হয়। এই প্ৰতিষ্ঠা দিৱস চৰকাৰৰ নিৰ্দেশনামৰ্মে জিলা প্ৰশাসনে ১১ আৰু ১২ অক্টোৱৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে। জিলা প্ৰশাসনে সাংস্কৃতিক শোভাযাত্ৰা, আত্ম-সহায়ক গোটৰ মেলা, সাংস্কৃতিক কাৰ্যসূচী, সম্বৰ্ধনা, বিভিন্ন খেলা-ধূলা,পত্ৰ লিখন প্ৰতিযোগিতা, পেইন্টিং প্ৰতিযোগিতা আদি কাৰ্যসূচীৰে জিলাখনৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি চলাইছে। এইক্ষেত্ৰত জিলাখনৰ অগ্ৰণী ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকৰ পৰা দিহা-পৰামৰ্শ বিচাৰি জিলা প্ৰশাসনে তেওঁলোকৰ লগত সভাত মিলিত হয়।

জ্যেষ্ঠ নাগৰিকসকলে এই ক্ষেত্ৰত জিলাখনৰ তেতিয়াৰে পৰা এতিয়ালৈ যি যি পৰিবৰ্তন হ’ল আৰু কোনসকল ব্যক্তিয়ে এই জিলাখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগভাগ ল’লে সেই আদ্যোপান্ত সম্পৰ্কত আলোচনামূলক অনুষ্ঠান ৰখাৰ এটা প্ৰস্তাৱ প্ৰশাসনৰ ওচৰত দাঙি ধৰে।জিলা উপায়ুক্ত নৱদ্বীপ পাঠকে ‘বঙাইগাঁও জিলা প্ৰতিষ্ঠা দিৱস’ উদযাপন সফলতাৰে সম্পন্ন কৰাৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ লগত পুনৰ আলোচনাত মিলিত হ’ব বুলি উল্লেখ কৰে।

এইক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে তেওঁলোকক জানিবলৈ দিয়ে যে জিলা প্ৰতিষ্ঠা দিৱসৰ কিছুমান কাৰ্যসূচী উত্তৰ শালমাৰা মহকুমাতো মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ব।৷এই সভাত জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস,অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি (ভাৰপ্ৰাপ্ত) পাৰ্থ সাৰথী জহৰী, অতিৰিক্ত উপায়ুক্ত ক্ৰমে জেনিফাৰ ইয়াচমিন চৌধুৰী আৰু মগেন নৰহ, চক্ৰ বিষয়াসকল আৰু জিলা প্ৰশাসন তথা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd