• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁও জিলা গঠনৰ তেত্ৰিশ বছৰ, ১১ – ১২ অক্টোৱৰত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 29, 2022 7:16 am
146
VIEWS
Share on FacebookShare on Twitter

চাওঁতে চাওঁতে বঙাইগাঁও জিলা গঠনৰ তেত্ৰিশ বছৰ পূৰ্ণ হ’বলৈ ওলাইছে ৷ অহা ১২ অক্টোৱৰত বঙাইগাঁও জিলাই তেত্ৰিশ বছৰ পূৰ্ণ কৰি ৩৪ বছৰত ভৰি দিব ৷ জিলা গঠনৰ এই প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চলিছে প্ৰস্তুতি ৷ অহা ১১ আৰু ১২ অক্টোৱৰত দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে জিলা প্ৰশাসনে উদযাপন কৰিব বঙাইগাঁও জিলা গঠনৰ প্ৰতিষ্ঠা দিৱস ৷

উল্লেখ্য যে আজিৰ পৰা ৩৩ বছৰ আগতে ১৯৮৯ চনৰ ১২ অক্টোৱৰত অবিভক্ত গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ পৰা এটাকৈ অংশ কাটি আনি বঙাইগাঁৱক এখন পূৰ্ণ আৰু পৃথক জিলা হিচাপে গঠন কৰি প্ৰশাসনিক কাম – কাজ আৰম্ভ কৰা হৈছিল ৷ অৱশ্যে তেতিয়াৰ ৰাজ্য চৰকাৰে ১ অক্টোৱৰত বঙাইগাঁৱক নতুন জিলা হিচাপে ঘোষণা কৰিছিল যদিও কাম – কাজ ১২ অক্টোৱৰৰ পৰা আৰম্ভ হৈছিল ৷

বঙাইগাঁও জিলাৰ প্ৰথম গৰাকী উপায়ুক্তই জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজ ১২ অক্টোৱৰৰ পৰা আৰম্ভ কৰাত সেই দিনটোকে জিলা গঠনৰ দিন হিচাপে গ্ৰহণ কৰা হয় ৷ মন কৰিবলগীয়া যে বঙাইগাঁও জিলাৰ প্ৰথমগৰাকী জিলা উপায়ুক্তৰ দায়িত্বত আছিল দীনেশ চন্দ্ৰ বৰ্মন আৰু জিলা আৰক্ষী অধীক্ষকৰ পদত আছিল আৰ এম সিং ৷ বঙাইগাঁৱৰ দেউৰীপাৰাস্থিত নৰ্মাল স্কুলত অস্থায়ীভাৱে উপায়ুক্ত কাৰ্যালয় আৰম্ভ কৰি কাম- কাজ চলিছিল যদিও এতিয়া চহৰৰ মাজত স্থায়ী কাৰ্যালয় হৈছে ৷ কিন্তু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো বৰ্তমানো ৰে’লৱেৰ মাটিতে চলি আছে ৷ বঙাইগাঁও জিলাৰ বহু পৰিৱৰ্তন হ’ল ৷ চহৰখনৰো পৰিৱৰ্তন হ’ল ৷

কিন্তু এতিয়াও আৰু বহু কৰিবলগীয়া আছে ৷ ইপিনে বঙাইগাঁও জিলা প্ৰতিষ্ঠা দিৱস উদযাপন সন্দৰ্ভত মঙলবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত নবদ্বীপ পাঠকৰ সভাপতিত্বত অগ্ৰণী ব্যক্তি তথা জ্যেষ্ঠ নাগৰিকৰ সৈতে এখন সভা অনুষ্ঠিত কৰা হয়। এই প্ৰতিষ্ঠা দিৱস চৰকাৰৰ নিৰ্দেশনামৰ্মে জিলা প্ৰশাসনে ১১ আৰু ১২ অক্টোৱৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে। জিলা প্ৰশাসনে সাংস্কৃতিক শোভাযাত্ৰা, আত্ম-সহায়ক গোটৰ মেলা, সাংস্কৃতিক কাৰ্যসূচী, সম্বৰ্ধনা, বিভিন্ন খেলা-ধূলা,পত্ৰ লিখন প্ৰতিযোগিতা, পেইন্টিং প্ৰতিযোগিতা আদি কাৰ্যসূচীৰে জিলাখনৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি চলাইছে। এইক্ষেত্ৰত জিলাখনৰ অগ্ৰণী ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকৰ পৰা দিহা-পৰামৰ্শ বিচাৰি জিলা প্ৰশাসনে তেওঁলোকৰ লগত সভাত মিলিত হয়।

জ্যেষ্ঠ নাগৰিকসকলে এই ক্ষেত্ৰত জিলাখনৰ তেতিয়াৰে পৰা এতিয়ালৈ যি যি পৰিবৰ্তন হ’ল আৰু কোনসকল ব্যক্তিয়ে এই জিলাখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগভাগ ল’লে সেই আদ্যোপান্ত সম্পৰ্কত আলোচনামূলক অনুষ্ঠান ৰখাৰ এটা প্ৰস্তাৱ প্ৰশাসনৰ ওচৰত দাঙি ধৰে।জিলা উপায়ুক্ত নৱদ্বীপ পাঠকে ‘বঙাইগাঁও জিলা প্ৰতিষ্ঠা দিৱস’ উদযাপন সফলতাৰে সম্পন্ন কৰাৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ লগত পুনৰ আলোচনাত মিলিত হ’ব বুলি উল্লেখ কৰে।

এইক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে তেওঁলোকক জানিবলৈ দিয়ে যে জিলা প্ৰতিষ্ঠা দিৱসৰ কিছুমান কাৰ্যসূচী উত্তৰ শালমাৰা মহকুমাতো মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ব।৷এই সভাত জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস,অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি (ভাৰপ্ৰাপ্ত) পাৰ্থ সাৰথী জহৰী, অতিৰিক্ত উপায়ুক্ত ক্ৰমে জেনিফাৰ ইয়াচমিন চৌধুৰী আৰু মগেন নৰহ, চক্ৰ বিষয়াসকল আৰু জিলা প্ৰশাসন তথা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd