• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ন্যায়াধীশ চন্দ্ৰচূড় হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ; আজি মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে দিলে পত্ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 11, 2022 11:32 am
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। ফাইল ফটো।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। ফাইল ফটো।

126
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে তেওঁৰ উত্তৰাধিকাৰী হিচাপে ন্যায়াধীশ চন্দ্ৰচূড়ৰ নাম প্ৰেৰণ কৰিছে। আজি তেওঁ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক এখন পত্ৰ প্ৰদান কৰে য’ত তেওঁক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নিযুক্তিৰ বিষয়ে অৱগত কৰা হয়। উচ্চতম ন্যায়ালয়ৰ আন ন্যায়াধীশসকলৰ উপস্থিতিত এই পত্ৰখন তেওঁক হস্তান্তৰ কৰা হয়।

তদুপৰি, মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে একেটা বিষয়ত আইন মন্ত্ৰালয়লৈও পত্ৰ লিখিছে আৰু ন্যায়াধীশ চন্দ্ৰচূড়ক মুখ্য ন্যায়াধীশ হিচাপে ৰখাৰ পৰামৰ্শ দিছে। আইন আয়োগে ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীক তেওঁৰ উত্তৰাধিকাৰীৰ নাম ছুপাৰিছ কৰিবলৈ কৈছিল।

লগতে পঢ়ক: ছুইছ বেংকত আছে ৩৪ লাখ ভাৰতীয়ৰ একাউণ্ট; কেন্দ্ৰক বিশদ তথ্য দিলে চুইজাৰলেণ্ডে

মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে অহা ৮ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ ল’বলৈ সাজু হৈছে।

ইপিনে, তাৎপৰ্যপূৰ্ণভাৱে উচ্চতম ন্যায়ালয়ত চাৰিগৰাকী ন্যায়াধীশ নিযুক্তিৰ বাবে গঠিত কমিটিত অন্তৰ্ভুক্ত ন্যায়াধীশ চন্দ্ৰচূড় আৰু ন্যায়াধীশ আব্দুল নাজিৰে এই নিযুক্তিত আপত্তি জনাইছিল। ইয়াৰ বাবে মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বৰ কলেজিয়ামে ৪ গৰাকী ন্যায়াধীশৰ নিযুক্তি দিব নোৱাৰিলে।

নিয়ম অনুসৰি যিকোনো দেশৰ মুখ্য ন্যায়াধীশে তেওঁৰ অৱসৰৰ মাত্ৰ এমাহ আগলৈকে কলেজিয়ামৰ মুৰব্বী হ’ব পাৰে আৰু ন্যায়াধীশ নিযুক্তিৰ পৰামৰ্শ দিব পাৰে। এই দুগৰাকী ন্যায়াধীশৰ আপত্তিৰ বাবে ৪গৰাকী ন্যায়াধীশ নিযুক্ত কৰিব পৰা নগ’ল। তদুপৰি, এতিয়া ইউ ইউ ললিতৰ অৱসৰৰ বাবে এমাহৰো কম সময় বাকী আছে। এনে পৰিস্থিতিত তেওঁ এতিয়া এই বিষয়ে সিদ্ধান্ত ল’ব নোৱাৰিব।

সোমবাৰে এক যুটীয়া বিবৃতিত প্ৰকাশ কৰা হৈছে যে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এছ আব্দুল নাজিৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতিৰ বাবে এখন পত্ৰৰ জৰিয়তে ভাৰতৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ ওপৰত আপত্তি জনাইছে। চাৰি বছৰৰ ভিতৰত এইটো প্ৰথম বাৰৰ বাবে কলেজিয়ামে ইয়াৰ আলোচনা ৰাজহুৱা কৰিছে।

লগতে পঢ়ক:ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; আতংকময় ইউক্ৰেইনৰ পৰিস্থিতি কি?

কলেজিয়ামে এক সৰ্বসন্মত সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে আৰু ইয়াৰ মাজতে যোৱা ৭ অক্টোবৰত কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পৰা এখন আহে য’ত মুখ্য ন্যায়াধীশগৰাকীক তেওঁৰ উত্তৰাধিকাৰী মনোনীত কৰিবলৈ আহ্বান জনোৱা হয়। সেয়ে, ৩০ ছেপ্টেম্বৰত কলেজিয়াম বৈঠকত আৰম্ভ কৰিবলগা পৰিকল্পনা নাকচ কৰা হয়। প্ৰস্তাৱটোত কোৱা হয় যে এনে পৰিস্থিতিত আৰু কোনো পদক্ষেপৰ প্ৰয়োজন নাই। ৩০ ছেপ্টেম্বৰত আহ্বান কৰা বৈঠকত কোনো আলোচনা অবিহনেই অসম্পূৰ্ণ কাম বন্ধ ৰখা হয় আৰু বৈঠকখন বাতিল কৰা হয়।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd