গোধ্ৰা হিংসাত্মক কাণ্ডত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে জড়িত আছিল! গুজৰাট হিংসাত্মক কাণ্ডৰ বাবে তেতিয়াৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে দায়ী! উক্ত কাণ্ডত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে জড়িত থকাৰ প্ৰমাণ আছে! সেই হিংসাত্মক কাণ্ড মুছলমানৰ বিৰুদ্ধে পদ্ধিতগত আক্ৰমণ তথা অভিযান আছিল! মুছলমান মহিলাৰ ওপৰত ব্যাপক আৰু পদ্ধতিগত ধৰ্ষণ চলোৱা হৈছিল! হিংসাৰ পৰিসৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাতকৈ অধিক ভয়ংকৰ আছিল! হিন্দু অঞ্চলৰ পৰা মুছলমানক পৰিষ্কাৰ অৰ্থাৎ মুছলমানমুক্ত কৰাৰ উদ্দেশ্য আছিল! এই সকলোবোৰ তেতিয়াৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জ্ঞাতসাৰে ঘটিছিল!
দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লগোৱা এই বিস্ফোৰক অভিযোগবোৰ আমাৰ নহয়। এই বিস্ফোৰক অভিযোগ কৰিছে ব্ৰিটিছ ব্ৰডকাষ্টিং ক’ৰ্পৰেচন, চমুকৈ BBC-য়ে। BBC-য়ে ২০০২ চনৰ গুজৰাটৰ গোধ্ৰা হিংসাত্মক কাণ্ডৰ ওপৰত দুটা খণ্ডৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। এই তথ্য চিত্ৰতে ব্ৰিটিছ সংবাদ সংস্থাটোৱে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এই গুৰুতৰ তথা বিস্ফোৰক অভিযোগসমূহ কৰিছে।
লগতে পঢ়ক: নেতাজীৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি আৰ এছ এছৰ: সতৰ্কবাণী নেতাজীৰ কন্যাৰ
উল্লেখ্য যে ২০০২ চন ২৭ ফেব্ৰুৱাৰিত অয্যোধাৰ পৰা আহমদাবাদলৈ এখন ৰে’লৰ দবাত গুজৰাটৰ গোধ্ৰাত অগ্নিসংযোগ কৰা হৈছিল য’ত কৰ সেৱকৰ দলে যাত্ৰা কৰিছিল। উক্ত অগ্নিকাণ্ডত শিশু, মহিলাসহ ৫৯ গৰাকী লোক অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰিয়েই গুজৰাটত সূত্ৰপাত হৈছিল গোধ্ৰাৰ ভয়ংকৰ হিংসাত্মক কাণ্ড।
লগে লগে গুজৰাটত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা হয়। অভিযোগ অনুসৰি হিন্দুৱে মুছলমানৰ ওপৰত হিংসাত্মক প্ৰতিশোধমূলক আক্ৰমণ আৰম্ভ কৰে। প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি এই হিংসাত্মক সাম্প্ৰদায়িক সংৰ্ঘষত ৭৯০ গৰাকী মুছলমান আৰু ২৫৪ গৰাকী হিন্দু লোকৰ মৃত্যু হৈছিল। ইফালে অন্যান্য সূত্ৰৰ উৎস অনুসৰি ২০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল। নিৰুদ্দেশ হৈছিল ২২৩ গৰাকী আৰু আহত হৈছিল ২৫০০ ৰো অধিক লোক।
সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী। সেয়ে BBC-য়ে India: The Modi Question শীৰ্ষক দুটা খণ্ডত গুজৰাটৰ হিংসাত্মক কাণ্ডৰ ওপৰত প্ৰস্তুত কৰা তথ্য চিত্ৰত এতিয়াৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যক্ষভাৱে দায়ী বুলি অভিযোগ কৰিছে। তথ্য চিত্ৰখনৰ প্ৰথমটো খণ্ডত এতিয়ালৈকে প্ৰকাশ নকৰা ব্ৰিটেইনৰ চৰকাৰী প্ৰতিবেদন এখন বিতংভাৱে দেখুওৱাই কোৱা হৈছে যে গোধ্ৰা কাণ্ডৰ বাবে নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে দায়ী। তথ্য চিত্ৰখনৰ দাবী-
সংঘৰ্ষৰ নামত ইচ্ছাকৃতভাৱে মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছিল! সংঘৰ্ষটো ৰাজনৈতিকভাৱে পৰিচালিত কৰিবলৈ চেষ্টা কৰা হৈছিল! কট্টৰ হিন্দুত্ববাদী সংগঠন আৰএছএছ আৰু বিশ্ব হিন্দু পৰিষদ সদ্যসকল জড়িত আছিল! আক্ৰমণকাৰীৰ বিৰুদ্ধে মোদীৰ আৰক্ষীয়ে বিশেষ ব্যৱস্থা আৰু তৎপৰতা লোৱা নাছিল! এই ক্ষেত্ৰত আৰক্ষীক বাধা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে! এইদৰে মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৌনতাৰে আক্ৰমণকাৰীক উৎসাহিত কৰিছিল! মোদীৰ মন্ত্ৰীসকলেও হিংসাক প্ৰশ্ৰয় দি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক হিংসাত্মক কাণ্ডক হস্তক্ষেপ নকৰিবলৈ নিৰ্দেশ নিছিল! আৰক্ষীয়ে হস্তক্ষেপ কৰা হ’লে হিংসাত্মক কাণ্ডৰ ক্ষয়-ক্ষতি নিয়ন্ত্ৰণলৈ আহিলহেঁতেন!
লগতে পঢ়ক: সমকামী ন্যায়াধীশ নিযুক্তিত বাধা দি উচ্চতম ন্যায়ালয়ত মুখথেকেচা খালে কেন্দ্ৰই
BBC-ৰতথ্য চিত্ৰখনত এইবোৰ বিস্ফোৰক অভিযোগ কৰি তেতিয়াৰ ব্ৰিটিছ চৰকাৰৰ বৈদেশিক সচিব জন হুৱাইটকাৰ ষ্ট্ৰ’ৰ মন্তব্য লোৱা হৈছে। ব্ৰিটেইনৰ প্ৰাক্তন বৈদেশিক সচিব ষ্ট্ৰ’ৱে কয় যে ব্ৰিটেইন চৰকাৰৰ নিজাববীয়াকৈ তদন্তৰ ফল হৈছে উক্ত ব্ৰিটিছ চৰকাৰ প্ৰতিবেদনখন। সেই তদন্ত কাৰ্য আৰু ইয়াৰ প্ৰতিবেদনখন তেওঁৰ বিশেষ তত্বাৱধানতে অতি পুংখানুপুংখভাৱে সম্পন্ন কৰা বুলিও কয় প্ৰাক্তন ব্ৰিটিছ বৈদেশিক মন্ত্ৰীগৰাকীয়ে। তেওঁ স্পষ্টভাৱে কৈছে যে, “মুখ্যমন্ত্ৰী মোদীয়ে আৰক্ষীক পিছুৱাই নিয়াৰ ক্ষেত্ৰত আৰু উগ্ৰ হিন্দুত্ববাদীসকলক মৌনভাৱে উৎসাহিত কৰাত যথেষ্ট সক্ৰিয় ভূমিকা পালন কৰিছিল।”
উল্লেখ্য যে গুজৰাট হিংসাত্মক কাণ্ডৰ বাবেই ব্ৰিটিছ চৰকাৰে নৰেন্দ্ৰ মোদীক ২০০২ চনৰ পৰা কূটনৈতিকভাৱে বৰ্জন কৰি আহিছিল। যি নিষেধাজ্ঞা ২০১২ চনতহে ব্ৰিটিছ চৰকাৰে উঠাই লৈছিল।
ইফালে তথ্য চিত্ৰখনত নাম প্ৰকাশত অনিচ্ছুক এগৰাকী প্ৰাক্তন ব্ৰিটিছ কুটনীতিবিদে দাবী কৰিছে যে গোধ্ৰা হিংসাত্মক কাণ্ডত অতি ক’মেও ২০০০ লোকক হত্যা কৰা হৈছে। তাৰে অধিক সংখ্যক হৈছে মুছলমান সম্প্ৰদায়ৰ।
BBC-ৰ এই তথ্য চিত্ৰখনৰ প্ৰথম খণ্ডটো প্ৰকাশ কৰাৰ লগে লগে ভাৰত আৰু ব্ৰিটেইনৰ ৰাজনীতিত তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছে। ইমানেই নহয় দ্বিতীয় খণ্ডটো প্ৰকাশ হোৱাৰ পূৰ্বে প্ৰথম খণ্ডটোৰ প্ৰচাৰ এতিয়া কেৱল ব্ৰিটেইনতে সীমাৱদ্ধ কৰা হৈছে। প্ৰথমাৱস্থাত ভাৰততো তথ্যচিত্ৰখন উপলব্ধ হৈছিল যদিও এতিয়া তথ্যচিত্ৰখন ভাৰতত উপলব্ধ নহয়।
ইফালে গুজৰাট কাণ্ডক লৈ BBC-ৰ দুটা খণ্ডৰ তথ্য চিত্ৰখন মুকলি হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমৰ্থন কৰি কেন্দ্ৰই কৈছে যে তথ্যচিত্ৰখন ঔপনিৱেশিক মনোবৃত্তিৰে নিৰ্মাণ কৰা হৈছে।
লগতে পঢ়ক:অষ্ট্ৰেলিয়াত আৱিষ্কৃত বিশাল আকৃতিৰ ভেকুলী; নাম দিয়া হৈছে ‘টোডজিলা’
ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই তথ্যচিত্ৰখন এখন ‘প্ৰপাগ’ণ্ডা, যিখন এক বিশেষ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছে।
BBC-ৰ তথ্যচিত্ৰখনৰ এই বিস্ফোৰক অভিযোগবোৰে এইটোকে প্ৰমাণ কৰিছে যে দেশৰ উচ্চতম ন্যায়ালয়ে গোধ্ৰা হিংসাত্মক কাণ্ডত প্ৰধানমন্ত্ৰী মোদীক ক্লীনশ্বিট দিলেও আন্তঃৰাষ্ট্ৰীয় মঞ্চত এতিয়াও কলংকমুক্ত হোৱা নাই।