• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অত্যধিক গৰমত সম্ভোগ কৰিলে ক্ষতি হ’ব পাৰে নেকি আপোনাৰ? জানি লওঁক সকলো প্ৰতিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2023 9:15 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জলবায়ু পৰিৱৰ্তন আৰু ক্ৰমান্বয়ে বৃদ্ধি পোৱা উষ্ণতাৰ বাবে গৰমৰ দিনকেইটা সকলোৰে বাবে অসহ্যকৰ হৈ পৰে। অত্যধিক গৰমত শাৰীৰিক পৰিশ্ৰম কৰিবলৈ একেবাৰেই মন নাযায়। কিন্তু স্বভাৱগতভাবে গৰমৰ কালছোৱাতো মানুহৰ মনৰ ভিতৰত কামনা-বাসনা সক্ৰিয় হৈ থাকে। কিন্তু অত্যধিক গৰমৰ বাবে বহুতেই যৌন সম্পৰ্ক স্থাপনৰ পৰা আঁতৰি থাকে। আনহাতে আন কিছুমান লোকে যৌন সম্পৰ্ক স্থাপন কৰি না না সমস্যাত ভোগা দেখা যায়। সেয়েহে আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব খুজিছোঁ এই সকলো কথা আগুৰি লোৱাকৈ এটা বিশেষ লেখা।

অত্যধিক গৰমত যৌন সম্পৰ্ক স্থাপন কৰাটো ভাল নে বেয়া সেই লৈ না না বিতৰ্কৰ সূচনা হৈছে। লাহে লাহে এই বিতৰ্কটো সকলোৰে আগ্ৰহৰ বিষয় হৈ পৰিছে।

Apply Now

লগতে পঢ়কঃ যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

গৰম বাঢ়ি অহাৰ লগে লগে আমাৰ যৌন জীৱনত তাপৰ প্ৰভাৱ বুজি পোৱাটো অতি প্ৰয়োজনীয়হৈ পৰিছে। সেয়ে এই লেখাটোত আমি বিশেষজ্ঞৰ মতামত আৰু বৈজ্ঞানিক অধ্যয়নৰ এক পৰিসৰৰ ভিত্তিত যৌন ইচ্ছা, কামনা, ঘনিষ্ঠতা, আৰু উৰ্বৰতাৰ ওপৰত তাপৰ প্ৰভাৱৰ বিষয়ে গভীৰভাৱে আলোচনা কৰিম।

১/ যৌনতা আৰু কামনাত গৰমৰ প্ৰভাৱ

উষ্ণতা বৃদ্ধি হ’লে শৰীৰত বিভিন্ন হৰম’নৰ পৰিৱৰ্তন ঘটে যিয়ে যৌন ইচ্ছাত প্ৰভাৱ পেলাব পাৰে। ২০১৫ চনত আমেৰিকাত হোৱা এক অধ্যয়ন অনুসৰি গৱেষকসকলে লক্ষ্য কৰিছে যে ১৯৩১ চনৰ পৰা ২০১০ চনৰ ভিতৰত গৰমৰ দিনত ২৬ ৰ পৰা ৩২ ডিগ্ৰী চেলছিয়াছৰ দিনকেইটাত প্ৰতিটো দিনৰ বিপৰীতে ৯ মাহৰ পিছত সন্তান জন্মৰ সংখ্যা ০.৪ শতাংশ কম। অৰ্থাৎ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে অত্যধিক গৰমে কামনা আৰু যৌন কাৰ্য্যকলাপ হ্ৰাস কৰিব পাৰে, যাৰ ফলত গৰ্ভধাৰণ কম হ’ব পাৰে।

লগতে পঢ়কঃ “৪৩ বছৰ বয়সত মই কুমাৰীত্ব হেৰুৱালো”, যৌনতালৈ শংকিত এগৰাকী মহিলাৰ স্বীকাৰোক্তি

গ্ৰীষ্মকালত ভিটামিন ডি আৰু চেৰ’টনিনৰ মাত্ৰা অধিক হ’লে মানুহে অধিক যৌন উত্তেজনা অনুভৱ কৰিব পাৰে, কিন্তু জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা অত্যধিক উষ্ণতাই ইয়াৰ বিপৰীত প্ৰভাৱ পেলাব পাৰে। উচ্চ উষ্ণতাৰ সংস্পৰ্শলৈ আহিলে পুৰুষৰ মানসিক চাপৰ হৰম’ন বৃদ্ধি, খং, উচ্চ ৰক্তচাপ বৃদ্ধি পোৱাৰ বিপৰীতে টেষ্ট’ষ্টেৰনৰ মাত্ৰাও হ্ৰাস পাব পাৰে, যাৰ ফলত কামনাশক্তি হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে।

অত্যধিক গৰমে আমাৰ যৌন ইচ্ছাক প্ৰভাৱিত কৰি আমাক শাৰীৰিকভাৱে অস্বস্তিকৰ কৰি তুলিব পাৰে আৰু অন্তৰংগ কাম-কাজত লিপ্ত হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। ঘামচি, পানীলগা আৰু সামগ্ৰিকভাৱে ক্লান্তিৰ অনুভৱে যৌনতাৰ ধাৰণাটোক কম আকৰ্ষণীয় কৰি তুলিব পাৰে, বিশেষকৈ গৰমত শাৰীৰিক স্পৰ্শই আৰু অধিক অস্বস্তি বৃদ্ধি কৰিব পাৰে। 

ইয়াৰ উপৰিও অত্যধিক উত্তাপে মানসিক স্বাস্থ্যজনিত সমস্যা যেনে “ইক’-এংজাইটি”ৰ সৃষ্টি কৰিব পাৰে, যিয়ে যৌন ইচ্ছা আৰু উত্তেজনাত আৰু অধিক বাধাৰ সৃষ্টি কৰিব পাৰে।

২/ ঘনিষ্ঠতা আৰু সম্পৰ্কৰ ওপৰত তাপৰ প্ৰভাৱ

গৰমত দম্পতী সকলে শাৰীৰিক ঘনিষ্ঠতা বজাই ৰখাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। কিয়নো গৰম জলবায়ুৱে ঘনিষ্ঠ সংস্পৰ্শক অসহ্যকৰ কৰি তুলিব পাৰে। উদাহৰণস্বৰূপে, পৰম্পৰাগত মিছনেৰী অৱস্থান অত্যধিক গৰমত উপযুক্ত নহ’বও পাৰে, কিয়নো এনে অৱস্থান গ্ৰহণ কৰি যৌন কাৰ্যত লিপ্ত হ’লে দুয়ো ওচৰত থকাৰ বাবে ঘাম আৰু শৰীৰৰ উত্তাপে অস্বস্তি সৃষ্টি কৰিব পাৰে। গতিকে দম্পতীসকলে গৰমত আৰামদায়ক আৰু সন্তোষজনক সম্ভোগৰ বাবে শৰীৰৰ সংস্পৰ্শ কম হ’ব পৰা বিকল্প অৱস্থান গ্ৰহণ কৰিব লাগিব। 

অত্যধিক গৰমে যৌন সম্পৰ্কত আৱেগিক সংযোগ স্থাপনৰ ক্ষেত্ৰটো প্ৰভাৱ পেলাব পাৰে। অতিপাত উত্তাপৰ ফলত সৃষ্টি হোৱা অস্বস্তি আৰু খঙৰ ফলত সংগীৰ মাজত উত্তেজনা আৰু তৰ্ক বৃদ্ধি পাব পাৰে। তদুপৰি অতিপাত উত্তাপৰ বাবে সৃষ্টি হোৱা যৌন ঘনিষ্ঠতাৰ অভাৱে সম্পৰ্কত সামগ্ৰিকভাবে নেতিবাচক প্ৰভাৱ পেলাব পাৰে, কিয়নো যৌন সন্তুষ্টিয়ে সুস্থ আৰু প্ৰেমময় বান্ধোন বজাই ৰখাত উল্লেখযোগ্য ভূমিকা পালন কৰে।

লগতে পঢ়কঃ বৰষুণৰ আনন্দ আই পি এলৰ উত্তেজনাত চুইগিত বিক্ৰী হ’ল ২৪২৩ পেকেট কণ্ডম

৩/ উৰ্বৰতা আৰু প্ৰজনন স্বাস্থ্যৰ চিন্তা

গৱেষণাৰ পৰা দেখা গৈছে যে অত্যধিক গৰমে শুক্ৰাণুৰ গুণাগুণত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অধ্যয়নত দেখা গৈছে যে গৰমৰ দিনত শুক্ৰাণুৰ অৱনতি ঘটে। ইয়াৰ ফলত নিষেচনৰ সম্ভাৱনা হ্ৰাস পাব পাৰে আৰু গৰ্ভধাৰণত সমস্যাই দেখা দিব পাৰে।

জলবায়ুৰ পৰিৱৰ্তনে পুৰুষ আৰু মহিলা নৱজাতকৰ অনুপাততো প্ৰভাৱ পেলাব পাৰে। জাপানত কৰা এক অধ্যয়নত দেখা গৈছে যে জলবায়ু পৰিৱৰ্তনে এই অনুপাত সলনি কৰিব পাৰে। উষ্ণতা বৃদ্ধি পোৱা ঠাইত অধিক পুৰুষ আৰু অন্যান্য পৰিৱেশ পৰিৱৰ্তন, যেনে খৰাং বা গোলকীয় উষ্ণতাৰ ফলত হোৱা বন্য অগ্নিকাণ্ডৰ সন্মুখীন হোৱা অঞ্চলত কম পুৰুষৰ জন্ম হয়। জলবায়ুৰ পৰিবৰ্তনৰ ফলত উদ্ভৱ হোৱা মানসিক চাপে পুৰুষৰ ভ্ৰূণ আৰু ভ্ৰুণৰ দুৰ্বলতাৰ বাবে লিংগ অনুপাততো প্ৰভাৱ পেলাব পাৰে।

৪/ অত্যধিক গৰমৰ যৌন সম্পৰ্ক উপভোগ কৰাৰ পৰামৰ্শ

অতি উত্তাপৰ সময়ত যৌনতাক অধিক উপভোগ্য কৰি তুলিবলৈ শীতল আৰু আৰামদায়ক পৰিৱেশ গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। দিনত পৰ্দা বা ব্লাইণ্ড বন্ধ কৰি কোঠাত ৰ’দ নপৰাকৈ, এয়াৰ কণ্ডিচনাৰ বা ফেন ব্যৱহাৰ কৰি, আনকি কোঠাৰ উষ্ণতা কম কৰিবলৈ বিচনা চাদৰবোৰ ঠাণ্ডা পানীৰে তিয়াই ৰাখিও এই কাম কৰিব পাৰি।

লগতে পঢ়কঃ আপোনাৰ কাষ চাপিব নিবিচাৰে নেকি স্বামীয়ে? কিন্তু কিয় জানেনে?

শৰীৰৰ স্পৰ্শ কমকৈ প্ৰয়োজন হোৱা নতুন যৌন অৱস্থান, যেনে ‘ডগি ষ্টাইল’ আদিৰ দৰে অৱস্থানত সম্ভোগ কৰিলে গৰমৰ দিনত আৰামদায়ক সম্ভোগ উপভোগ কৰাত সহায়ক হ’ব পাৰে।  ইয়াৰ উপৰিও বিভিন্ন স্থানত পৰীক্ষা-নিৰীক্ষা কৰিলে, যেনে শীতল শ্বাৱাৰত বা ফেনৰ তলত যৌন সম্পৰ্ক স্থাপন কৰিলে যৌনতাক অধিক উপভোগ্য কৰি তুলিব পাৰি।

উচ্চ উষ্ণতাই ঘামচিৰ ফলত তৰল পদাৰ্থৰ ক্ষতি বৃদ্ধি কৰিব পাৰে, যাৰ বাবে পৰ্যাপ্ত পৰিমাণে হাইড্ৰেচন থকাটো অতি গুৰুত্বপূৰ্ণ। মনত ৰাখিব যে যৌন কাৰ্য্যৰ আগতে, সময়ত আৰু পিছত প্ৰচুৰ পৰিমাণে পানী খাব লাগে যাতে পানীলগা নহয়।

লগতে পঢ়কঃ পৌনঃপুনিক বিৰক্তিৰ পৰা মুক্তি পাবলৈ আশ্ৰয় লওক ‘তান্ত্ৰিক যৌনতা’ৰ, লাভ কৰক অনন্য অভিজ্ঞতাৰ

অত্যধিক তাপৰ ফলত ক্লান্তি আৰু শক্তিৰ মাত্ৰা কমি যায়, যাৰ ফলত যৌন ক্ষমতা বা ইচ্ছাত প্ৰভাৱ পৰিব পাৰে। শৰীৰৰ সংকেটসমূহৰ প্ৰতি মনোযোগ দিয়ক আৰু প্ৰয়োজন অনুসৰি বিৰতি লওক যাতে ক্লান্তিৰ পৰা হাত সাৰিব পাৰে।

যৌন কাৰ্য্যকলাপৰ ওপৰত অত্যন্ত তাপৰ প্ৰভাৱ ব্যক্তিজনৰ সহনশীলতা, পছন্দ আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। বিশেষকৈ প্ৰত্যাহ্বানমূলক বতৰত যিকোনো যৌন কাৰ্য্যকলাপৰ সময়ত আপুনি আৰু আপোনাৰ সংগী দুয়োজনেই আৰামদায়ক আৰু নিৰাপদ হোৱাটো দৰকাৰ। গৰমৰ দিনত সম্ভোগৰ সময়ত আপোনাৰ সুস্থতাক অগ্ৰাধিকাৰ দিয়া আৰু হাইড্ৰেটেড হৈ থকাটো অতি গুৰুত্বপূৰ্ণ।

লগতে পঢ়কঃ সপ্তাহত কেইবাৰ কৰিলে ভাল? যৌন সম্ভোগে বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd