ধাৰাসাৰ বৰষুণৰ ফলত ভাঙি পৰিল এটা শিৱ মন্দিৰ। সোমবাৰে পুৱা হিমাচল প্ৰদেশৰ জনপ্ৰিয় পৰ্যটনস্থলী শিমলাৰ এটা মন্দিৰ ভাঙি পৰে। মন্দিৰৰ তলত চেপা খাই পৰি কমেও ৯ জন লোকৰ মৃত্যু হয়। এতিয়াও ভিতৰত কমেও ১২ জন লোক আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।
ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে আৰু ঘটনাস্থলীতল গৈ উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখু।
জানিব পৰা মতে, শ্ৰৱণ মাহৰ সোমবাৰে শিৱলিংগৰ মূৰত পানী ঢালিবলৈ শিমলাৰ ছামাৰ হিলছৰ শিৱ মন্দিৰত ভক্তসকলে ভিৰ কৰে। দুৰ্ঘটনাৰ সময়ত কমেও ৫০ জন ভক্ত উপস্থিত থকা বুলি জানিব পৰা গৈছে। হঠাৎ মন্দিৰটো ভাঙি পৰে। পূজা কৰিবলৈ মন্দিৰত প্ৰৱেশ কৰা সকল ধ্বংসাৱশেষৰ তলত চেপা খাই পৰিল। এই মন্দিৰটো অতি প্ৰচীন বুলি জনা যায়।
লগতে পঢ়ক: আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰা গঁড়ৰ ‘চোৰাংচিকাৰী’ক চিৰাঙত গুলীয়াই হত্যা
মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে কয় যে মন্দিৰৰ ভিতৰৰ পৰা এতিয়ালৈকে ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আন কমেও ১২ জন লোক আৱদ্ধ হৈ আছে। স্থানীয় প্ৰশাসনৰ মতে ইতিমধ্যে উদ্ধাৰৰ কাম চলোৱা হৈছে। আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে।
মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে টুইট কৰি কয়, ‘শিমলাৰ পৰা আহিছে এক আতংকজনক খবৰ। ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ছামাৰ হিলছৰ এটা শিৱ মন্দিৰ ভাঙি পৰে। এই পৰ্যন্ত উদ্ধাৰ হৈছে ৯ টা মৃতদেহ। স্থানীয় প্ৰশাসনে ধ্বংসাৱশেষ আঁতৰাই ভিতৰত আৱদ্ধ হৈ থকা তীৰ্থযাত্ৰীসকলক উদ্ধাৰৰ চেষ্টা চলাইছে।”
লগতে পঢ়ক: Independence Day 2023: জাতীয় পতাকাৰ প্ৰথম ৰূপ কেনেকুৱা আছিল? কেনেকৈ আহিল এই ৰূপ? জানি লওক ইতিহাস
হিমাচল প্ৰদেশত বিগত ৪৮ ঘণ্টা ধৰি ধাৰাবাহিকভাৱে বৰষুণ দি আছে। ফলত বিপাশা নদীৰ জলপৃষ্ঠই বিপদসীমাত উপনীত হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত কেইবাঠাইতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বন্ধ হৈ আছে ৪৫০ টাতকৈও অধিক পথ। ইফালে, দেওবাৰে নিশা হিমাচল প্ৰদেশৰ সোলানত ক্লাউড বাৰ্ষ্টৰ বৰষুণৰ ফলত হোৱা বানত কমেও ৭ জন লোকৰ মৃত্যু হৈছে।
বতৰ বিজ্ঞান বিভাগে ১৭ আগষ্টলৈকে বজ্ৰপাত, ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস সদৰী কৰিছে।