• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চেক বিশ্ববিদ্যালয়ত বন্দুকধাৰী ছাত্ৰৰ গুলীত নিহত ১৫ জন; ৰাছিয়াৰ সৈতে কি সংযোগ হত্যাকাৰীৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2023 10:12 am
ইনছেটত হত্যাকাৰী ছাত্ৰ ডেভিড কোজাক। ফটোঃ সংগ্ৰহীত।

ইনছেটত হত্যাকাৰী ছাত্ৰ ডেভিড কোজাক। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰোপৰ দেশ চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগৰ চাৰ্লছ বিশ্ববিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণত ১৫ জন লোক নিহত হয়। অৱশ্যে আৰক্ষীৰ গুলীত বন্দুকধাৰীজনো নিহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাত আৰু ২৪ জন লোক আহত হয়। 

বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি বিয়লি ৩ বজাত চাৰ্লছ বিশ্ববিদ্যালয়ৰ কলা অনুষদত সংঘটিত হয় বন্দুকৰ আক্ৰমণ। চতুৰ্দশ শতিকাৰ বিখ্যাত চাৰ্লছ দলঙৰ কাষতে অৱস্থিত। সেই ঠাইলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী আহে।

এই আক্ৰমণৰ পিছতে বিশ্ববিদ্যালয়খনৰ গাতে লাগি থকা কেইবাটাও পথ বন্ধ কৰি দিয়া হয়। অৱশ্যে গুলীচালনাত কোন কোন নিহত হৈছে সেই সন্দৰ্ভত কোনো বিতং তথ্য দিয়া হোৱা নাই।

Apply Now

প্ৰাগেৰ আৰক্ষী অধীক্ষক মাৰ্টিন ভণ্ড্ৰাচেকে কয় যে আক্ৰমণকাৰীজন এজন ছাত্ৰ। অৱশ্যে সবিশেষ তথ্য তেওঁ দিয়া নাই। ইয়াৰ উপৰিও বন্দুকধাৰীজনৰ নাম আৰক্ষীয়ে এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

লগতে পঢ়কঃ চেমছনৰ শতক, অৰ্শদীপ-সুন্দৰৰ দুৰ্দান্ত বলিং; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয় ভাৰতৰ

চেক গণৰাজ্যৰ ইতিহাসত কেতিয়াও এনে গণ গুলীচালনা অৰ্থাৎ নিৰ্বিচাৰ গুলীচালনা হোৱা নাই। বৃহস্পতিবাৰে (২১ ডিচেম্বৰ) ৰাজধানী প্ৰাগৰ পুৰণি চহৰৰ ওচৰৰ চাৰ্লছ বিশ্ববিদ্যালয়ৰ কলা অনুষদৰ ভৱনত এজন ছাত্ৰই গুলীচালনা কৰি কমেও ১৪ জন লোক নিহত হোৱাৰ লগতে ২৫ জন আহত হয়। এই ঘটনাত বন্দুকধাৰীজনৰ নিজেও মৃত্যু হয়। প্ৰথম অৱস্থাত এই ঘটনাৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক আছে। এতিয়ালৈকে আৰক্ষীয়ে প্ৰকাশ কৰা নাই দুৰ্বৃত্তৰ পৰিচয়। অৱশ্যে স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বন্দুকধাৰীজনৰ নাম ডেভিদ কোজাক (২৪) বুলি চিনাক্ত কৰা হৈছে। প্ৰতিবেদনত আৰু কোৱা হৈছে যে নিৰ্বিচাৰে গুলীচালনাৰ পিছত তেওঁ হয়তো আত্মহত্যা কৰিছে।

আৰক্ষীয়ে এতিয়াও নিহতসকলৰ বিষয়ে বা ছাত্ৰজনে কিয় গুলীচালনা কৰিলে তাৰ কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই । অৱশ্যে চেক ৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী ভিট ৰাকুছানে জনাইছে যে ইয়াৰ সৈতে কোনো উগ্ৰবাদী মতাদৰ্শ বা গোটৰ সৈতে কোনো সম্পৰ্ক নাই।

তদন্তকাৰীয়ে জনোৱা মতে, বন্দুকধাৰীয়ে বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বেই ছাত্ৰজনৰ পিতৃকো গুলীয়াই হত্যা কৰে। অৱশ্যে তেওঁৰ কোনো পূৰ্বৰ অপৰাধজনিত ইতিহাস নাই।

অৱশ্যে ডেভিদ কোজাকৰ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা তথ্য অনুসৰি শেহতীয়াকৈ ৰাছিয়াত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত তেওঁ এই আক্ৰমণ সংঘটিত কৰিবলৈ অনুপ্ৰাণিত হৈছিল। আইনগতভাৱে তেওঁৰ হাতত আছিল কেইবাটাও আগ্নেয়াস্ত্ৰ।

চেক আৰক্ষীয়ে জনোৱা মতে, চলিত মাহৰ আৰম্ভণিতে ইউক্ৰেইনৰ সীমান্তৰ ওচৰৰ ৰাছিয়াৰ ব্ৰাইয়ানস্কত আৰু ২০২১ চনত কাজানত হোৱা আন এক গুলীচালনাৰ পৰা কোজাক অনুপ্ৰাণিত হৈছিল।

লগতে পঢ়কঃ ফেচবুক কৰ্ণাৰ : আলফাত যোগদান কৰা সাংবাদিক বিদ্যুৎ মহন্তৰ পত্নীৰ এটা ফেচবুক পোষ্ট

১০ ডিচেম্বৰত ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টত তেওঁ লিখিছে, ‘এলিনাই মোৰ প্ৰেৰণা। অৱশ্যে তেওঁ যথেষ্ট হত্যা কৰিব নোৱাৰিলে। মই সেইটো ঠিক কৰি দিম।’ ইয়াৰ তিনিদিন আগতে ব্ৰাইয়ানস্কৰ স্কুলত এলিনা আফানাস্কিনা নামৰ ১৪ বছৰীয়া এগৰাকী কিশোৰীৰ গুলীত মৃত্যু হৈছিল তেওঁৰ দুগৰাকী সহপাঠীৰ।

যোৱা ১৭ ডিচেম্বৰত কোজাকো লিখিছিল, ‘মই এই পৃথিৱীখনক ঘৃণা কৰো আৰু যিমান পাৰো কষ্ট দি যাব বিচাৰো।’ আন এটা পোষ্টত তেওঁ লিখিছিল, ‘মই সদায় হত্যা কৰিব বিচাৰো। মই ভয় খাওঁ, ভৱিষ্যতে বোধহয় মই পাগল হৈ যাম।” আৰু, ১৯ ডিচেম্বৰৰ শেষৰটো পোষ্টত তেওঁ লিখিছিল, “মোৰ কাণত সিহঁতে কথা পাতিছে… মহৰ দৰে। মোৰ কাণ ফাটি গৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd