• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজ্ঞান বিস্ময়! আঁতৰি গৈছে একমাত্ৰ উপগ্ৰহ চন্দ্ৰ, পৃথিৱীত দিন হ’ব ২৫ ঘন্টাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2024 1:27 pm
14.5k
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীৰ পৰা আঁতৰি গৈছে ইয়াৰ একমাত্ৰ উপগ্ৰহ! চন্দ্ৰটো বছৰি গড়ে ৩.৮ চে.মি.কৈ দূৰলৈ আঁতৰি গৈছে। ফলত দিনটোৰ দৈৰ্ঘ্য ২৫ ঘন্টালৈ বৃদ্ধি পাব! কাৰণ, চন্দ্ৰ আঁতৰি গ’লে পৃথিৱীখন নিজৰ অক্ষৰেখাত লাহে লাহে ঘূৰিব। আমেৰিকাৰ উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ অধ্যয়নত এনে তথ্য পোহৰলৈ আহিছে।

কিন্তু চন্দ্ৰ কিয় আঁতৰি গৈছে? জনা যায় যে বিজ্ঞানীসকলে পৃথিৱী আৰু মহাকাশৰ মাধ্যাকৰ্ষণ শক্তি, মহাকৰ্ষণ শক্তিকে ধৰি বিভিন্ন বিষয় পৰ্যবেক্ষণ কৰিছে। ঐতিহাসিক আৰু ভূতাত্ত্বিক গঠনৰ তথ্যও পৰীক্ষা কৰা হয়। চন্দ্ৰৰ গতি, পৃথিৱীৰ কক্ষপথ আৰু অক্ষৰ ঘূৰ্ণনৰ হিচাপ কৰি তেওঁলোকে এই সিদ্ধান্তত উপনীত হয়।

লগতে পঢ়কঃ ১০০ মিটাৰৰ নতুন সম্ৰাট, বিশ্বৰ দ্ৰুততম মানৱ, ৯.৭৯ ছেকেণ্ডত অলিম্পিক চেম্পিয়ন নোৱা লাইলছ

উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞানৰ অধ্যাপক ষ্টিফেন মায়াৰ্ছে কয় যে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ মহাকৰ্ষণীয় বলৰ বাবেই  একমাত্ৰ উপগ্ৰহটো আঁতৰি গৈছে। ফলত দিনটো ২৫ ঘন্টালৈ বৃদ্ধি পাব।

তেওঁ লগতে কয় যে চন্দ্ৰটো আঁতৰি যোৱাৰ লগে লগে পৃথিৱীখনে বহুপৰিমানে ঘূৰি থকা স্কেটাৰৰ দৰে আচৰণ কৰিব। যেনেকৈ ৰোলাৰ স্কেটাৰসকলে হাত দুখন প্ৰসাৰিত কৰিলে তেওঁলোকৰ গতি লেহেমীয়া হয়, ঠিক তেনেদৰে চন্দ্ৰ আঁতৰি যোৱাৰ লগে লগে পৃথিৱীৰ ঘূৰ্ণন গতিও লেহেমীয়া হ’ব। ইয়াৰ ফলত দিনটোৰ দৈৰ্ঘ্য বাঢ়ি যাব।

এই সন্দৰ্ভত অতীতৰ বিশদ তথ্যৰ ওপৰত পোহৰ পেলাবলৈ গৱেষকসকলে জ্যোতিৰ্কালবিজ্ঞানৰ সহায় ল’ব বিচাৰিছে। অধ্যাপক মায়াৰ্ছে কয় যে আমি শ শ কোটি বছৰ পুৰণি শিলৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰো। আধুনিক ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ সৈতে ইয়াৰ পাৰ্থক্যও পৰীক্ষা কৰা হ’ব।

লগতে পঢ়কঃ ‘লাভ জেহাদ’ আৰু আন্তঃধৰ্মীয় ভূমি বিক্ৰীৰ ক্ষেত্ৰত নতুন আইন প্ৰৱৰ্তন কৰা হ’ব অসমত

এই বিষয়টো পোহৰলৈ অহাৰ লগে লগে এলানি প্ৰশ্ন অৱতাৰণা হৈছে। তেতিয়াহ’লে দিন-ৰাতিৰ হিচাপ সলনি হৈ যাব? ঘড়ীটো কোন নিয়মত চলিব? সকলো গণনা সলনি হৈ যাব? এই সকলোবোৰ প্ৰশ্নত সদ্যহতে বিভ্ৰান্ত হবলৈ বাৰণ কৰিছে বিশেষজ্ঞসকলে। কাৰণ, পৃথিৱীত ২৫ ঘন্টাৰ দিনটো চাবলৈ আমি ২০ কোটি বছৰ অপেক্ষা কৰিব লাগিব। তেওঁলোকে কয় যে আজিৰ পৰা ১৪০ কোটি বছৰৰ আগতে ১৮ ঘণ্টাৰ দিন আছিল। 

Recent News

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

‘মুছলমানৰ এগৰাকীতকৈ অধিক পত্নী থাকিব পাৰে, কিন্তু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব’- এলাহাবাদ উচ্চ ন্যায়ালয়

‘মুছলমানৰ এগৰাকীতকৈ অধিক পত্নী থাকিব পাৰে, কিন্তু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব’- এলাহাবাদ উচ্চ ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd