• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘লাভ জেহাদ’ আৰু আন্তঃধৰ্মীয় ভূমি বিক্ৰীৰ ক্ষেত্ৰত নতুন আইন প্ৰৱৰ্তন কৰা হ’ব অসমত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2024 9:36 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে তেওঁৰ চৰকাৰে ‘লাভ জেহাদ’ক অপৰাধ হিচাপে এক নতুন আইন প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে, য’ত দোষী সাব্যস্ত হোৱাসকলক যাৱজ্জীৱন কাৰাদণ্ডকে ধৰি শাস্তি প্ৰদান কৰা হ’ব।

গুৱাহাটীত অসম বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ বৰ্ধিত অধিৱেশনৰ সময়ত এই ঘোষণা কৰা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “আমি অতি সোনকালে ‘লাভ জেহাদ’ৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ আইন আনিম।”

Apply Now

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিৰোধীৰ প্ৰচেষ্টা যিয়েই নহওক কিয়, আমি পদে পদে অসমীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

মুখ্যমন্ত্রীয়ে এই প্রস্তাৱিত আইনখন চলিত মাহৰ শেষৰ ফালে অসম বিধানসভাৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনৰ সময়ত উত্থাপন কৰা হ’ব বুলি অৱগত কৰে৷

লগতে পঢ়কঃ ব’ল ব’মত অঘটন, উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দিয়ালে DJয়েই; বিহাৰৰ হাজীপুৰত ৯ জনৰ মৃত্যু

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই নতুন আৱাসিক নীতিৰ  (ডমিচাইল পলিচি) পৰিকল্পনা প্ৰকাশ কৰে, যাৰ অধীনত কেৱল অসমত জন্মগ্ৰহণ কৰা ব্যক্তিয়েহে চৰকাৰী চাকৰিৰ বাবে যোগ্য হ’ব।

তেওঁ পূৰ্বৰ কংগ্ৰেছ শাসন ব্যৱস্থাক সমালোচনা কৰি দাবী কৰে যে, ‘কংগ্ৰেছৰ সময়ত অসম আৰক্ষীৰ ৩০ শতাংশ চাকৰি এটা নিৰ্দিষ্ট সম্প্ৰদায়ক প্ৰদান কৰা হৈছিল। আমি এই বিষয়ে আগন্তুক প্ৰকাশনত নথিভুক্ত কৰিছো।”

শৰ্মাই উল্লেখ কৰে যে তেওঁৰ চৰকাৰ চৰকাৰী চাকৰি আবণ্টনৰ ক্ষেত্ৰত খিলঞ্জীয়াক অগ্ৰাধিকাৰ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

তেওঁ উল্লেখ কৰে যে সম্পূৰ্ণ তালিকা প্ৰকাশ হোৱাৰ পিছত প্ৰতিশ্ৰুতি দিয়া “এক লাখ চৰকাৰী চাকৰি” সম্পূৰ্ণ হ’ব।

তদুপৰি, মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ভূমি বিক্ৰী নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ কথা ঘোষণা কৰে। লেনদেনৰ ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰীৰ অনুমোদনৰ প্ৰয়োজন হ’ব।

লগতে পঢ়কঃ টীম ইণ্ডিয়াৰ ছন্দপতন! ৱাণ্ডাৰছেৰ স্পিনত ধৰাশায়ী ভাৰত, দ্বিতীয়খন এদিনীয়াত মসৃন জয় শ্ৰীলংকাৰ

শৰ্মাই কয় যে “হাজাৰ হাজাৰ হেক্টৰ মাটি এটা বিশেষ সম্প্ৰদায়ে অধিগ্ৰহণ কৰিছে, কিন্তু আমি এই মাটি খিলঞ্জীয়া লোকসকলৰ হাতত পুনৰ ঘূৰাই দিম।”

তেওঁ লগতে কয় যে চৰকাৰে হিন্দু আৰু মুছলমানৰ মাজত ভূমিৰ লেনদেন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব নোৱাৰে যদিও এনে চুক্তিৰ বাবে মুখ্যমন্ত্ৰীৰ সন্মতি প্ৰয়োজনীয় হ’ব।

ইয়াৰ উপৰিও খিলঞ্জীয়া আৰু পিছপৰা সম্প্ৰদায়ৰ মাটি আৰু হস্তান্তৰযোগ্য নহ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd