• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছিয়াৰ আটাইতকৈ চহকী গাঁওখন আছে ভাৰতত! এই সমৃদ্ধিৰ কাৰণ কি? জানি লওক আঁৰৰ কাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2024 2:58 pm
2.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ শীৰ্ষ ব্যৱসায়িক স্থানসমূহৰ ভিতৰত অন্যতম গুজৰাট। স্বাধীনতাৰ পিছত দেশৰ সকলো আগশাৰীৰ উদ্যোগপতি এই ৰাজ্যৰ পৰাই ওলাই আহিছে। সেই ৰাজ্যৰ সমৃদ্ধি কেৱল চহৰতে সীমাবদ্ধ নহয়,গাঁওলৈও বিয়পি পৰিছে। কচ্ছত আছে মাধাপাৰ গাঁও। এই গাঁওখন এছিয়াৰ আটাইতকৈ চহকী গাঁও হিচাপে পৰিচিত।

ভূজৰ বাহিৰৰ মাধাপাৰ গাঁৱৰ বাসিন্দাসকলৰ ৭ হাজাৰ কোটি টকাৰ ফিক্সড ডিপ’জিট আছে। এই পৰিসংখ্যাৰ পৰাই মাধাপাৰৰ বাসিন্দাসকল কিমান ধনী তাৰ ধাৰণা পোৱা যায়। এই গাঁৱত বেছিভাগেই পেটেল সম্প্ৰদায়ৰ লোকে বসবাস কৰে। গাঁওখনৰ জনসংখ্যা প্ৰায় ৩২ হাজাৰ, যিটো ২০১১ চনত আছিল ১৭ হাজাৰ।

মাধাপাৰ গাঁৱত আছে ১৭টা বেংক। এইচ ডি এফ চি, পি এন বি, এক্সিছ, আই চি আই চি আই আৰু ইউনিয়ন বেংকৰ দৰে সকলো চৰকাৰী আৰু ব্যক্তিগত প্ৰথম স্তৰৰ বেংকৰ শাখা কচ্ছৰ এই গাঁৱত আছে। যিটো একেবাৰে অস্বাভাৱিক। তথাপিও ইয়াত অধিক বেংকে নিজৰ শাখা খুলিবলৈ আগ্ৰহী।

লগতে পঢ়কঃ ‘নাৰীৰ সংজ্ঞা কি?’ এগৰাকী ৰূপান্তৰকামী মহিলাৰ গোচৰত তাৎপৰ্যপূৰ্ণ ব্যাখ্যা অষ্ট্ৰেলিয়াৰ আদালতৰ

গুজৰাটৰ মাধাপাৰ গাঁৱৰ সমৃদ্ধিৰ আঁৰৰ প্ৰকৃত কাৰণ হ’ল ইয়াৰ প্ৰবাসী ভাৰতীয় পৰিয়াল। গাঁৱৰ প্ৰবাসীয়ে প্ৰতি বছৰে কোটি কোটি টকা স্থানীয় বেংক আৰু ডাকঘৰত জমা কৰে। সেই গাঁৱত প্ৰায় ২০ হাজাৰ ঘৰ আছে। ইয়াৰে ১২০০ পৰিয়াল বিদেশত থাকে। বেছিভাগেই আফ্ৰিকান দেশত।

মধ্য আফ্ৰিকাৰ নিৰ্মাণ ব্যৱসায়ত গুজৰাটীৰ প্ৰভাৱ বেছি। তাত থকা জনসংখ্যাৰ এক বৃহৎ অংশ মাধাপাৰ গাঁৱৰ লোক। বহুতে ব্ৰিটেইন, অষ্ট্ৰেলিয়া, আমেৰিকা আৰু নিউজিলেণ্ডতো বাস কৰে।

অৱশ্যে তেওঁলোকে নিজৰ শিপা পাহৰি যোৱা নাই। গাঁৱৰ লগত সংযুক্ত। পৃথিৱীৰ যি ঠাইতে মাধাপাৰৰ মানুহ নাথাকক কিয়, দেশৰ গাঁৱৰ বেংকত নিজৰ ধন ৰখাটোহে বেছি পছন্দ কৰে। এই কথা কয় জিলা পঞ্চায়তৰ প্ৰাক্তন সভাপতি পাৰুলবেন কাৰাই।

লগতে পঢ়কঃ ক্ৰিকেটৰ পৰা বিদায় ল’লে শিখৰ ধাৱানে; কোনো ক্ৰিকেটেই আৰু নেখেলে ভাৰতীয় অ’পেনাৰগৰাকীয়ে

মাধাপাৰৰ ৰাষ্ট্ৰয়ত্ত্ব বেংকৰ এটা শাখাৰ এগৰাকী শীৰ্ষ বিষয়াৰ মতে, প্ৰবাসী গাঁৱৰ লোকৰ বিশাল জমা ধনে গাঁওখন চহকী কৰি তুলিছে। এই গাঁৱত পানী, শৌচাগাৰ, পথ আদি সকলো মৌলিক সা-সুবিধা আছে। বাংলো, চৰকাৰী-বেচৰকাৰী বিদ্যালয়, হ্ৰদ, মন্দিৰ আদিও দেখা যায়। 

Recent News

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd