• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দূৰদৰ্শনৰ পিছত এইবাৰ নিশাৰ ভিতৰতে গেৰুৱাকৰণ হ’ল বিএছএনএল! প্ৰতিক্ৰিয়া বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2024 1:00 pm
223
VIEWS
Share on FacebookShare on Twitter

যোৱা এপ্ৰিল মাহত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ চৰকাৰী টিভি চেনেল দূৰদৰ্শনৰ ল’গ’ নীলাৰ পৰা গেৰুৱালৈ সলনি কৰা হৈছিল। এতিয়া ঠিক ছমাহৰ পাছত কেন্দ্ৰই দূৰদৰ্শনৰ পথ অনুসৰণ কৰি টেলিকম কোম্পানী বি এছ এন এলৰ ৰং নীলাৰ পৰা গেৰুৱালৈ সলনি কৰিছে।

শেহতীয়াকৈ বি এছ এন এলৰ নতুন ল’গ’ প্ৰকাশ পাইছে। দেখা গৈছে যে বি এছ এন এলৰ ল’গ’ৰ ৰংও গেৰুৱালৈ সলনি হৈছে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে। আনহাতে, ইয়াৰ টেগলাইন ‘কানেক্টিং ইণ্ডিয়া’ৰ ঠাইত ‘কানেক্টিং ভাৰত’ কৰা হৈছে।

যেতিয়াই এই ছবিখন ওলাল, তেতিয়া ৰাজনৈতিক মহলৰ এটা অংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। দেশৰ বিৰোধী দলসমূহৰ অভিযোগ যে বৰ্তমান মোডী চৰকাৰে দেশৰ প্ৰতিটো কেন্দ্ৰীয় সংস্থাক গেৰুৱাকৰণৰ দিশত আগুৱাই লৈ গৈছে।

লগতে পঢ়কঃ উইলত পোহনীয়া জন্তু, ৰান্ধনী-সহায়কৰো নাম; সম্পত্তিৰ অংশীদাৰ হিচাপে কাৰ কাৰ নাম লিখিছে ৰতন টাটাই?

বিগত সময়তো কেন্দ্রই কেইবাটাও সংস্থা আৰু প্রতিষ্ঠানৰ গেৰুৱাকৰণৰ বাবে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ এইবাৰ দেশৰ অন্যতম টেলিকম সংস্থাৰ গেৰুৱাকৰণ পোহৰলৈ অহাৰ লগে লগে বিতৰ্কৰ সৃষ্টি হৈছে।

এই কেন্দ্ৰীয় টেলিকম সংস্থাটোৱে বিগত কেইবছৰমানৰ পৰা আৰ্থিক সমস্যাত পৰিছে। ২০১৬ চনত মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ মুকলি কৰাৰ পিছত বি এছ এন এলৰ দৰে টেলিফোন আৰু ইণ্টাৰনেট সেৱা ম্লান হৈ পৰিল।

কিন্তু শেহতীয়াকৈ ৰিলায়েন্সৰ জিঅ’ নেটৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক বিপাঙত পেলাইছে। ফলত তেওঁলোকে সস্তা সেৱাৰ বাবে বিএছএনএললৈ ঘূৰি আহিছে। স্বাভাৱিকতে কেন্দ্ৰীয় টেলিকম কোম্পানীটোৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে। ছিম আৰু ইণ্টাৰনেট সংযোগৰ চাহিদাও বৃদ্ধি পাইছে।

লগতে পঢ়কঃ ইৰাণৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰম্ভ ইজৰাইলৰ; তেহৰাণৰ সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰৰ বৰ্ষণ

যোৱা এপ্ৰিল মাহত দূৰদৰ্শনৰ ল’গ’ৰ ৰং সলনি হৈছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ চেনেলটোৰ প্ৰতীক সলনি হোৱা নাছিল। কিন্তু প্ৰতীকৰ ৰং সলনি হৈছে। চিনাকি নীলা ৰংটো গেৰুৱালৈ সলনি হৈছে। দুৰ্দৰ্শনে ১৯৫৯ চনৰ পৰাই যাত্ৰা আৰম্ভ কৰিছিল। কেবল টিভিৰ আগমনৰ আগতে টেলিভিছন আছিল মনোৰঞ্জনৰ প্ৰধান মাধ্যম। কেবল টিভিৰ উত্থানৰ যুগতো দুৰদৰ্শনৰ প্ৰভাৱ কমি যোৱা নাছিল। চৰকাৰী চেনেল হোৱাৰ বাবে মৰ্যাদাও অক্ষত আছিল।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd