• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কমলা নে ট্ৰাম্প; বিশ্ব নেতাসকলৰ পছন্দৰ প্ৰাৰ্থী কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2024 12:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন হ’ব তালৈ সমগ্ৰ বিশ্বই চাই আছে। কমলা হেৰিছ বা ড’নাল্ড ট্ৰাম্প যিয়ে ক্ষমতালৈ নাহক, আমেৰিকাৰ সৈতে সম্পৰ্ক কেনেকুৱা হ’ব, সেই বিষয়ে বিশ্বৰ নেতাসকলে চিন্তা কৰিছে। কিন্তু ৰাষ্ট্ৰপতি হিচাপে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থী কোন সেই সম্পৰ্কে বহু চৰ্চা চলিছে।

এই তালিকাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নাম প্ৰথমতে আহে। হোৱাইট হাউছত তেওঁ কাক দেখাটো বিচাৰিব?  ধেমালিতে কমলাক পুটিনে পছন্দ কৰা বুলি কোৱা হৈছে যদিও ট্ৰাম্প যে তেওঁৰ পছন্দৰ ব্যক্তি তাৰ বহু ইংগিত পোৱা গৈছে।

গৱেষণা সংস্থা চাথাম হাউছৰ ৰাছিয়া আৰু ইউৰেছিয়া কাৰ্যসূচীৰ সহযোগী ফেলো টিমোথি এছে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে পুটিনে কেইবাটাও কাৰণত ট্ৰাম্পক ৰাষ্ট্ৰপতি হিচাপে পছন্দ কৰিব পাৰে। প্ৰথমতে, পুটিনে ভাবে যে ট্ৰাম্প ৰাছিয়াৰ প্ৰতি নমনীয় আৰু ইউক্ৰেইনৰ সৈতে উন্নত চুক্তিৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰিও ইউক্ৰেইনলৈ দিয়া সাহায্য বন্ধ কৰি ৰাছিয়াৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা উঠাই লোৱা হ’ব।

Apply Now

লগতে পঢ়কঃ ‘বাবা ছিদ্দিকিৰ দৰে দশা হ’ব’, এইবাৰ অজ্ঞাত নম্বৰৰ পৰা যোগী আদিত্যনাথক হত্যাৰ ভাবুকি

এছে কয় যে, ‘মই ভাবো পুটিনে ট্ৰাম্পৰ মাজত একনায়কত্ববাদী হিচাপে নিজৰ এখন ছবি দেখা পায়। তেওঁ ভাবে যে তেওঁ ট্ৰাম্পক বুজিব পাৰিব।’

কিন্তু বিশ্লেষকসকলে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত যিয়েই জয়ী হ’ব, মস্কোৱে ভাবে যে ৰাছিয়াৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী একেই থাকিব।

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে কমলা বা ট্ৰাম্পৰ কোনো এজনকে প্ৰত্যক্ষভাৱে সমৰ্থন কৰা নাই। ৰাছিয়াৰ লগতে ডেম’ক্ৰেট আৰু ৰিপাব্লিকান দুয়োটা দলে চীনৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। চীনৰ সৈতে বাণিজ্য যুদ্ধ আৰম্ভ হৈছিল ট্ৰাম্পৰ সময়ত। গতিকে যদিহে ট্ৰাম্প পুনৰ জয়ী হয় তেন্তে সেই পৰিস্থিতিৰ সৃষ্টি হ’ব। ডেম’ক্ৰেটসকলেও এতিয়া সমগ্ৰ বিশ্বতে চীনৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। অৱশ্যে বাণিজ্য যুদ্ধৰ মাজতো ট্ৰাম্পে চীনৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব বিচাৰিছে। ১৪ জুলাইত ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ পিছত বিশ্বৰ বহু নেতাই তেওঁক বাৰ্তা প্ৰদান কৰে। সেই সময়ত তেওঁ জি জিনপিঙৰ পৰাও এটা বাৰ্তা লাভ কৰিছিল। যদিও ট্ৰাম্পে জিনপিঙৰ বাৰ্তা লাভ কৰিছিল, তথাপিও চীনৰ বিষয়াসকলৰ আকৌ কমলাৰ সৈতে হলিগলি বেছি।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কাকো প্ৰত্যক্ষভাৱে সমৰ্থন কৰা নাই যদিও তেওঁ ট্ৰাম্পৰ ফালে অধিক ঢাল খোৱাৰ দিয়াৰ ইংগিত দিছে।

লগতে পঢ়কঃ ৰে’ল লাইন চাফা কৰি থকা অৱস্থাত চলন্ত ৰে’লৰ খুন্দাত নিহত ৪ জন ৰে’লৱেৰ চাফাই কৰ্মী

ইউৰোপৰ বহু নেতাই এতিয়া কমলা হেৰিছক সমৰ্থন কৰিছে। কাৰণ ট্ৰাম্পে পশ্চিমীয়া সামৰিক মিত্ৰজোঁট নাটোৰ বিৰুদ্ধে সকীয়াই দিছে। জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বোলজে কমলাক সমৰ্থন কৰি কয়, ‘মই তেওঁক ভালদৰে চিনি পাওঁ। তেওঁ হ’ব এজন মহান ৰাষ্ট্ৰপতি।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ট্ৰাম্পৰ সম্পৰ্ক অতি ঘনিষ্ঠ। কিছুদিন পূৰ্বে ট্ৰাম্পে টুইট কৰি মোডীক প্ৰশংসা কৰিছিল। অৱশ্যে চাথাম হাউছৰ দক্ষিণ এছিয়াৰ জ্যেষ্ঠ গৱেষক চৈতন্য বাজপেয়ীয়ে কয় যে মোডীৰ কোনো পছন্দৰ প্ৰাৰ্থী আছে বুলি মই নাভাবো। দুয়োপক্ষই ভাৰতৰ সৈতে সম্পৰ্ক গভীৰ কৰিবলৈ সন্মত হৈছে।

এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দক্ষিণ কোৰিয়া আমেৰিকাৰ ঘনিষ্ঠ মিত্ৰ। দেশৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়েলে কাকো প্ৰত্যক্ষভাৱে সমৰ্থন কৰা নাই। কিন্তু বাইডেন প্ৰশাসনৰ অধীনত দুয়োখন দেশৰ সম্পৰ্ক অধিক ঘনিষ্ঠ হৈ পৰিছে। কোৰিয়াই ট্ৰাম্পৰ দিনত প্ৰতিৰক্ষা ব্যয় বৃদ্ধি নকৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ  ISL 2024-25: ঘৰুৱা খেলপথাৰত আজি ওড়িশাৰ বিৰুদ্ধে কঠিন যুঁজত অৱতীৰ্ণ হ’ব নৰ্থইষ্ট ইউনাইটেড এফ চি

জাপানৰ বাবে যদিহে ট্ৰাম্প জয়ী হয় তেন্তে তেওঁলোকৰ সৈতে আমেৰিকাৰ সহযোগিতা হ্ৰাস পাব। ট্ৰাম্পে শুল্ক বৃদ্ধি কৰিবলৈ কৈ জাপানক সামৰিক বাজেট বৃদ্ধি কৰিবলৈ ক’ব। কমলা ৰাষ্ট্ৰপতি হ’লে তেওঁলোকৰ নীতি অব্যাহত থাকিব।

বিশ্লেষকসকলৰ মতে অষ্ট্ৰেলিয়াৰ বাবে ট্ৰাম্প জয়ী হ’লে বহু প্ৰশ্নৰ উত্থাপন হ’ব। গতিকে ট্ৰাম্পৰ পক্ষত তেওঁলোকৰ সমৰ্থন নোযোৱাটোৱে স্বাভাৱিক। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd