• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বাবা ছিদ্দিকিৰ দৰে দশা হ’ব’, এইবাৰ অজ্ঞাত নম্বৰৰ পৰা যোগী আদিত্যনাথক হত্যাৰ ভাবুকি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2024 11:09 am
অজ্ঞাত নম্বৰৰ পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মৃত্যুৰ ভাবুকি। ফাইল ফটোঃ সংগ্ৰহীত।

অজ্ঞাত নম্বৰৰ পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মৃত্যুৰ ভাবুকি। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মৃত্যুৰ ভাবুকি দিয়া হৈছে। শনিবাৰে নিশা মুম্বাই আৰক্ষীয়ে লাভ কৰে এক ভাবুকি বাৰ্তা। য’ত কোৱা হৈছে, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ দৰে যোগী আদিত্যনাথকো উৰুৱাই দিয়া হ’ব। তেওঁক ১০ দিনৰ ভিতৰত পদত্যাগ কৰিবলৈ সকীয়াই দিয়া হৈছে।

জানিব পৰা মতে, শনিবাৰে নিশা মুম্বাই আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ কোষে এই ভাবুকি বাৰ্তা লাভ কৰে। অজ্ঞাত নম্বৰৰ পৰা প্ৰেৰণ কৰা হৈছে মেছেজটো। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই খবৰ বিয়পি পৰাৰ লগে লগে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে।

কিন্তু এয়াই প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বেও যোগী আদিত্যনাথক কেইবাবাৰো মৃত্যুৰ ভাবুকি দিয়া হৈছিল। যোৱা বছৰ স্বাধীনতা দিৱসৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক উৰুৱাই দিয়াৰ ভাবুকি দিয়া এখন পত্ৰক লৈ লক্ষ্ণৌত চাঞ্চল্যৰ সৃষ্টি হৈছিল। উত্তৰ প্ৰদেশৰ জনস্বাৰ্থৰ গোচৰকাৰী দেৱেন্দ্ৰ তিৱাৰীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল চিঠিখন।

Apply Now

লগতে পঢ়কঃ ৰে’ল লাইন চাফা কৰি থকা অৱস্থাত চলন্ত ৰে’লৰ খুন্দাত নিহত ৪ জন ৰে’লৱেৰ চাফাই কৰ্মী

ভাবুকিটোত কোৱা হৈছিল, ‘অন্ততঃ নিৰাপত্তাৰক্ষী আছে, নহ’লে বহু আগতেই যোগী আদিত্যনাথক উৰুৱাই দিলোঁহেঁতেন৷ নিজকে সংশোধন কৰক। নহ’লে প্ৰাণ হেৰুৱাব।’ তাৰো পূৰ্বে উত্তৰ প্ৰদেশ আৰক্ষীৰ হেল্পলাইন হোৱাটছএপ নম্বৰত ফোন কৰি মুখ্যমন্ত্ৰীৰ প্ৰাণনাশৰ ভাবুকি দিয়া হৈছিল। নৰেন্দ্ৰ মোডী আৰু যোগী আদিত্যনাথক হত্যাৰ ভাবুকিও লাভ কৰিছে মুম্বাই আৰক্ষীয়ে।

যোৱা ১২ অক্টোবৰত দশেৰাৰ সন্ধিয়া পুত্ৰ জিছান ছিদ্দিকীৰ কাৰ্যালয়ৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল বাবা ছিদ্দিকীক। এই ঘটনাত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। আটাইকেইজনেই লৰেন্স বিষ্ণোই গেঙৰ সদস্য। ছ’চিয়েল মিডিয়াতো এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে গেংটোৱে।

লগতে পঢ়কঃ কেনেকৈ সহজে ঘৰত নিগনিৰ উপদ্ৰৱৰ পৰা মুক্তি পাব? জানি লওক এই যাদুকৰী ঘৰুৱা কৌশল

ইফালে, বিগত কিছুদিনত প্ৰায় পাঁচশখন আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমানে বোমা ৰখাৰ ভাবুকি লাভ কৰিছে। তাৰ ফল ভোগ কৰিবলগীয়া হৈছে যাত্ৰীসকলে। পিছত অৱশ্যে নিৰাপত্তা সংস্থাসমূহে এই ভাবুকি সম্পূৰ্ণ মিছা বুলি অৱগত কৰে। বেছিভাগ ভাবুকি বাৰ্তাই আহিছিল ছ’চিয়েল মিডিয়াত। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd