• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিশোৰৰ পেটত ওলাল ঘড়ীৰ বেটাৰী, ব্লেডকে ধৰি ৫৬ টুকুৰা ধাতু, দেখি স্তম্ভিত চিকিৎসক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2024 10:22 am
কিশোৰৰ পেটত ওলাল ঘড়ীৰ বেটাৰী, ব্লেডকে ধৰি ৫৬ টুকুৰা ধাতু, দেখি স্তম্ভিত চিকিৎসক

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন কিশোৰৰ পেটত ঘড়ীৰ বেটাৰী, ব্লেডকে ধৰি ৫৬টা ধাতু পোৱা গ’ল। দিল্লীৰ এখন চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হৈছিল উত্তৰ প্ৰদেশৰ হাথৰাছৰ এটি ১৫ বছৰীয়া কিশোৰৰ। অপাৰেচনৰ অন্তত চিকিৎসকে কিশোৰজনৰ পেটৰ পৰা ঘড়ীৰ বেটাৰী, ব্লেড, নখকে ধৰি ৫৬টা সামগ্ৰী উলিয়াই আনে। অৱশ্যে অস্ত্ৰোপচাৰৰ পিছত কিশোৰজনৰ মৃত্যু হয়।

হাথৰছত চিকিৎসা প্ৰতিনিধি (এম আৰ) হিচাপে কৰ্মৰত নিহত কিশোৰজনৰ পিতৃ সঞ্চিত শৰ্মাই কয় যে তেওঁৰ পুত্ৰ আদিত্য শৰ্মা (১৫) নৱম শ্ৰেণীত অধ্যয়ন কৰি আছিল। তেওঁৰ শৰীৰৰ ভিতৰত পোৱা এইবোৰ বস্তুৱে চিকিৎসকক হতবাক কৰি তুলিছে।

সঞ্চিত শৰ্মাই জনায় যে ছফদাৰজং হাস্পতালত অস্ত্ৰোপচাৰৰ এদিন পিছতে তেওঁৰ পুত্ৰৰ মৃত্যু হয়। তেওঁ কয়, ইয়াৰ কাৰণ হ’ল তেওঁৰ হৃদস্পন্দন বৃদ্ধি হোৱাৰ লগতে ৰক্তচাপ বিপদজনকভাৱে হ্ৰাস পাইছিল। তেওঁ লগতে কয়, উত্তৰ প্ৰদেশ, জয়পুৰ আৰু দিল্লীৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা পৰীক্ষাৰ সময়ত আদিত্যৰ পেটত এইবোৰ বস্তু ধৰা পৰিছিল। পুত্ৰৰ পেটৰ তীব্ৰ বিষ আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাত তেওঁলোক চিন্তিত হৈ পৰে বুলিও কয় পিতৃয়ে।

লগতে পঢ়কঃ গুৱাহাটীত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ কৰ্ণাটকৰ এজন লোকৰ মৃতদেহ

আদিত্যক প্ৰথমে হাথৰাছৰ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়, তাৰ পৰাই পিছত চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিত জয়পুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়। তাত চিকিৎসাৰ অন্তত ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়। যেতিয়া তাৰ লক্ষণবোৰ পুনৰ দেখা দিবলৈ আৰম্ভ কৰে তেতিয়া পৰিয়ালে তাক আলিগড়ৰ এখন চিকিৎসালয়লৈ লৈ যায়, য’ত তাৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা দূৰ কৰিবলৈ অস্ত্ৰোপচাৰ কৰা হয়।

কিশোৰৰ স্কেনত ৫৬টা ধাতুৰ টুকুৰা পোৱা গৈছিল। ২৬ অক্টোবৰত আলিগড় হাস্পতালত অস্ত্ৰোপচাৰৰ পিছত কৰা আল্ট্ৰাছাউণ্ডত আদিত্যৰ শৰীৰৰ ভিতৰত প্ৰায় ১৯টা বস্তুৰ উপস্থিতি ধৰা পৰে, তাৰ পিছত চিকিৎসকে তেওঁক নয়দাৰ উন্নত চিকিৎসা কেন্দ্ৰলৈ স্থানান্তৰিত কৰে।

নয়ডাতো চিকিৎসকে পুনৰ ছাত্ৰজনৰ দেহ স্কেন কৰে, য’ত প্ৰায় ৫৬টা ধাতুৰ টুকুৰা ধৰা পৰে। ইয়াৰ পিছতে পৰিয়ালে ল’ৰাজনক দিল্লীৰ ছফদৰজং হাস্পতাললৈ লৈ যায় আৰু ২৭ অক্টোবৰত তেওঁৰ অপাৰেচন কৰা হয়।

লগতে পঢ়কঃ প্ৰস্তুতি অবিহনেই নিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজত নামিছিল ভাৰত? বিধ্বস্ত হোৱাৰ পিছতে প্ৰশ্ন শচীনৰ

মৃত কিশোৰজনৰ পিতৃয়ে কয়, “চিকিৎসকে যৎপৰোনাস্তি চেষ্টা কৰিলে, কিন্তু হয়তো ভাগ্যৰ বিড়ম্বনা আছিল। দিল্লীৰ এখন চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ এদিন পিছতে মোৰ ল’ৰাটোৰ হৃদস্পন্দন বৃদ্ধি পায় আৰু ৰক্তচাপ বিপদজনকভাৱে হ্ৰাস পোৱাৰ বাবেই মৃত্যু হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

August 18, 2025 1:19 pm
সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

August 18, 2025 12:58 pm
আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

August 18, 2025 11:29 am
ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

August 18, 2025 10:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

August 18, 2025 1:19 pm
সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

August 18, 2025 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd