স্পেইনৰ ৰজা, ৰাণী আৰু প্ৰধানমন্ত্ৰীৰ ওপৰত বোকা নিক্ষেপ কৰিলে ক্ষুব্ধ জনতাই। দেওবাৰে ভেলেন্সিয়াৰ পূব প্ৰদেশৰ পাইপ’ৰ্টা চহৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত সংঘটিত হয় এই ঘটনা।
জানিব পৰা মতে, যোৱা কেইদিনমানৰ বানপানীত সেই অঞ্চলত দুশৰো অধিক লোকৰ মৃত্যু হৈছে। তাৰ পাছত দেওবাৰে দেশৰ ৰজা, ৰাণী আৰু প্ৰধানমন্ত্ৰী তালৈ অহাৰ সময়ত ক্ষুব্ধ ৰাইজৰ ৰোষৰ সন্মুখীন হ’ল। তেওঁলোকৰ ওপৰত নিক্ষেপ কৰা হ’ল বোকা।
বাতৰি মতে, স্থানীয় সময় অনুসৰি দেওবাৰে পাইপ’ৰ্টা চহৰৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে। তেওঁৰ সৈতে ভেলেন্সিয়াৰ আঞ্চলিক মুৰব্বী কাৰ্লোছ মেজনো আছিল।
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী আৰু আঞ্চলিক মুৰব্বীগৰাকীয়ে ক্ষুব্ধ জনতাৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হয়। ক্ষুব্ধ জনতাৰ এটা দলে তেওঁলোকৰ ওপৰত বোকা নিক্ষেপ কৰাত তেওঁলোকৰ গাত পৰে। পিছত নিৰাপত্তাৰক্ষীয়ে ক্ষিপ্ৰতাৰে দুয়োজনকে তাৰ পৰা আঁতৰাই আনে।
লগতে পঢ়কঃ সংখ্যালঘু বিৰোধী কোনো কামতে মোডীক সমৰ্থন নকৰে চন্দ্ৰবাবু নাইডুৱে; জনালে টিডিপি নেতাই
স্পেইনৰ ৰজা ষষ্ঠ ফিলিপ আৰু ৰাণী লেটিজিয়াও একে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়।
খবৰ অনুসৰি ৰাইজে নিক্ষেপ কৰা বোকা ৰজা-ৰাণীৰ মুখ আৰু কাপোৰত গৈ পৰে। ঘটনাৰ পিছতে তেওঁলোকক নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হয়।
উদ্ধাৰ অভিযানৰ লেহেমীয়া হোৱাৰ বাবে ভেলেন্সিয়াৰ জনসাধাৰণ ক্ৰমাৎ ক্ষুব্ধ হৈ পৰিছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। সেয়ে ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীগৰাকীৰ ভ্ৰমণৰ সময়ত তেওঁলোক প্ৰতিবাদকাৰী হৈ পৰে। আনকি বহুতে ৰজা, ৰাণী আৰু প্ৰধানমন্ত্ৰীৰ সন্মুখত তেওঁলোকক ‘হত্যাকাৰী’ বুলি চিঞৰি প্ৰতিবাদ সাব্যস্ত কৰে।
পিছত স্পেইনৰ চৰকাৰী টেলিভিছনত প্ৰকাশ পাইছে যে ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীৰ ভেলেন্সিয়া ভ্ৰমণ পিছুৱাই দিয়া হৈছে।
লগতে পঢ়কঃ প্ৰস্তুতি অবিহনেই নিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজত নামিছিল ভাৰত? বিধ্বস্ত হোৱাৰ পিছতে প্ৰশ্ন শচীনৰ
উল্লেখ্য যে যোৱা মঙলবাৰে স্পেইনত ধাৰাসাৰ বৰষুণ হৈছিল। ইয়াৰ ফলত পূব প্ৰদেশ ভেলেন্সিয়া আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত অপ্ৰত্যাশিত বানপানীৰ সৃষ্টি হয়। বিভিন্ন দলং, ৰাস্তা আৰু অট্টালিকা বানত জাহ যায়। বহু লোকে পানীৰ কবলৰ পৰা ৰক্ষা পাবলৈ ছাদত উঠি বা গছ আঁকোৱালি ধৰি থকা দেখা যায়।