• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংখ্যালঘু বিৰোধী কোনো কামতে মোডীক সমৰ্থন নকৰে চন্দ্ৰবাবু নাইডুৱে; জনালে টিডিপি নেতাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2024 1:25 pm
টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু। ফাইল ফটোঃ সংগ্ৰহীত।

টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু। ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোডী চৰকাৰৰ সংখ্যালঘু বিৰোধী কোনো পদক্ষেপক সমৰ্থন নকৰে চন্দ্ৰবাবু নাইডুৱে। শেহতীয়াকৈ উত্থাপন হোৱা ৱাকফ বিল (ৱাকফ সংশোধনী বিধেয়ক ২০২৪) সন্দৰ্ভত টিডিপিৰ নেতা নবাব জানে এইদৰে কয়। তেওঁ কয় যে সংখ্যালঘু জনগোষ্ঠীৰ ক্ষতি হোৱা কোনো কাম টিডিপিৰ মুৰব্বীগৰাকীয়ে সমৰ্থন নকৰে।

দেওবাৰে হায়দৰাবাদৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত জমিয়ত-উলেমা-হিন্দৰ উদ্যোগত আয়োজিত এখন ৰাজহুৱা সভাত এই মন্তব্য কৰে টিডিপিৰ নেতাগৰাকীয়ে।

তৃতীয়বাৰৰ বাবে মিত্ৰজোঁটৰ চৰকাৰ গঢ়ি ক্ষমতালৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৱাকফ সংশোধনী বিধেয়ক ২০২৪ গৃহীত কৰিবলৈ উঠিপৰি লাগিছে। কিন্তু বিজেপিয়ে পূৰ্বৰ দৰে সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে অকলে সেয়া কৰিব নোৱাৰে। সেয়ে, মিত্ৰতাৰ অংশীদাৰ টিডিপি আৰু জেডিইউৰ সমৰ্থন অবিহনে সেয়া সম্ভৱ নহয়। অৱশ্যে টিডিপিৰ দৰে এনডিএৰ অংশীদাৰ দলে আৰম্ভণিৰে পৰাই এই বিধেয়কখনক সমৰ্থন কৰিবলৈ অনিচ্ছুক হৈ আহিছে।

Apply Now

লগতে পঢ়কঃ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল যাত্ৰী ভৰ্তি বাছ; কমেও ২২ জনৰ মৃত্যু, আহত আন বহুতো

আনকি নীতিশৰ জে ডি ইউয়েও বিহাৰ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু ভোট বেংকৰ কথা মনত ৰাখি সমৰ্থনৰ কোনো আশ্বাস দিয়া নাই। কাৰণ দেশৰ সংখ্যালঘু সংগঠনসমূহে ইতিমধ্যে এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। ইফালে ৰাজনৈতিক মহলে ভাবে যে এইজন টিডিপি নেতাৰ কথাই বিজেপিৰ সমস্যা বৃদ্ধি কৰিছে।

দেওবাৰৰ ৰাজহুৱা সভাত টিডিপি নেতাগৰাকীয়ে কয় যে, ‘’চন্দ্ৰবাবু নাইডুৰ অধীনত ৰাজ্যত সংখ্যালঘুসকলৰ সুৰক্ষা আৰু স্বাৰ্থ নিশ্চিত হৈছে। আমাৰ মুখ্যমন্ত্ৰী এজন ধৰ্মনিৰপেক্ষ মানসিকতাৰ ব্যক্তি। তেওঁ আমাৰ কোনো ক্ষতি হ’বলৈ নিদিয়ে। অকল চন্দ্ৰবাবুৰ বাবেহে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ আলোচনাৰ বাবে প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল।”

যোৱা আগষ্ট মাহত কেন্দ্ৰই সংসদত ‘ৱাকফ সংশোধনী বিধেয়ক ২০২৪’ উত্থাপন কৰিছিল যাতে কেন্দ্ৰই ৱাকফৰ সম্পত্তিসমূহ ‘পৰ্যবেক্ষণ’ কৰিব পাৰে। কিন্তু কংগ্ৰেছ আৰু দেশৰ আন বিৰোধী দলসমূহে সেই বিধেয়কত দেশৰ সংখ্যালঘু জনগোষ্ঠীৰ স্বাৰ্থৰ ক্ষতি হ’ব পাৰে সৰৱ হয়।

লগতে পঢ়কঃ কিশোৰৰ পেটত ওলাল ঘড়ীৰ বেটাৰী, ব্লেডকে ধৰি ৫৬ টুকুৰা ধাতু, দেখি স্তম্ভিত চিকিৎসক

সংখ্যালঘু ভোটৰ কথা মনত ৰাখি এন ডি এৰ দুটা অংশীদাৰ টিডিপি আৰু জেডিইউৰ দৰে দলে বিজেপিক সমৰ্থন কৰাৰ পৰা বিৰত থাকিল। ফলত মোডী চৰকাৰে হেঁচাত পৰি বিধেয়কখন জেপিচি বা যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ বাধ্য হয়। ফলত ৰাজনৈতিক মহলে অনুভৱ কৰে যে টিডিপিৰ এই ধৰণৰ বিৰোধিতাই মোডী মন্ত্ৰীসভাত চাপ বৃদ্ধি কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd