• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল যাত্ৰী ভৰ্তি বাছ; কমেও ২২ জনৰ মৃত্যু, আহত আন বহুতো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2024 12:01 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰী কঢ়িওৱা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাত বাছখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।  দুৰ্ঘটনাত কমেও ২২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আন বহুতো লোক আহত হৈছে. যুদ্ধকালীন অভিযানেৰে উদ্ধাৰৰ কাম আৰম্ভ হৈছে। কিছু লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

বাতৰি অনুসৰি, নাইনিতাল জিলাৰ অন্তৰ্গত পৌৰি-আলমোৰা সীমান্তৰ সমীপৰ ৰামনগৰত সোমবাৰে পুৱা বাছখন খাৱৈত বাগৰি পৰে। বহু যাত্ৰীৰ মৃত্যু হ’ব পাৰে বুলি আশংকা কৰা হৈছে। প্ৰকাশ পোৱা ঘটনাস্থলীৰ ভিডিঅ’ ত দেখা গৈছে যে খৰস্ৰোতা নদীৰ পাৰত এখন বাছ ওলোটাকৈ পৰি আছে। বাছখনৰ বেছি অংশ ভাঙি গৈছে।

বাছখনৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ স্থানীয় বহু লোকে ততাতৈয়াকৈ তাত উপস্থিত হয়। সেই অংশত নদীখনৰ গভীৰতা নথকাৰ বাবে বহু লোকে নদীখন পাৰ হৈ বাছখনৰ কাষ পাবলৈ চেষ্টা কৰিছে। উত্তৰাখণ্ডৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ কামত যোগদান কৰিছে। আৰক্ষীও সহযোগ কৰিছে।

Apply Now

লগতে পঢ়কঃ কিশোৰৰ পেটত ওলাল ঘড়ীৰ বেটাৰী, ব্লেডকে ধৰি ৫৬ টুকুৰা ধাতু, দেখি স্তম্ভিত চিকিৎসক

খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বাছখনত কমেও ৩৫জন লোক আছিল। মহকুমা আয়ুক্ত সঞ্জয় কুমাৰে জনোৱা মতে, ৫জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বহুতো ভিতৰত আবদ্ধ হৈ থাকে। তেওঁলোকক উদ্ধাৰৰ চেষ্টা চলোৱা হয়। পুৱা প্ৰায় ৯ বজাত প্ৰশাসনক এই দুৰ্ঘটনাৰ খবৰ দিয়া হয়। বাছখনত থকা যাত্ৰীসকলৰ মাজৰে কোনোবাই খৱৰ দিয়ে। আৰক্ষী অহাৰ পূৰ্বে স্থানীয় ৰাইজে উদ্ধাৰৰ কাম আৰম্ভ কৰে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাৰ পিছত উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰশাসনিক বিষয়াসকলক সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

#BreakingNews — उत्तराखंड के अल्मोड़ा में सड़क हादसा,खाई में गिरी बस .. #uttrakhand #almora pic.twitter.com/OLdBbLxK5p

— Rohit Chaudhary (@rohitch131298) November 4, 2024

মুখ্যমন্ত্ৰীয়ে কয়, ‘ৰামনগৰৰ সমীপত সংঘটিত বাছ দুৰ্ঘটনাৰ খবৰটো অতি দুখজনক আৰু দুৰ্ভাগ্যজনক। উদ্ধাৰ কামৰ বাবে জিলা প্ৰশাসনক প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হৈছে। স্থানীয় প্ৰশাসন আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। গুৰুতৰভাৱে আহতসকলক প্ৰয়োজন সাপেক্ষে বিমানেৰে লৈ যোৱা হ’ব।‘

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd