আমেৰিকাত পুনৰ এক বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এইবাৰ এই আক্ৰমণ সংঘটিত হয় উইচকনচিন প্ৰদেশৰ মেডিচন অঞ্চলত। ঘটনাটো সংঘটিত হৈছে এখন বিদ্যালয়ত। কোৱা হৈছে যে এই আক্ৰমণত বন্দুকধাৰীকে ধৰি কমেও ৩ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত শিশুও থকাৰ খবৰ পোৱা গৈছে। এই আক্ৰমণত কমেও আন ৫ জন লোক আহত হয়।
মেডিচন আৰক্ষী বিভাগে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা অনুসৰি ব্যক্তিগত শিক্ষানুষ্ঠান এবাণ্ডেণ্ট লাইফ খ্ৰীষ্টান স্কুলত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা। কিণ্ডাৰগাৰ্টেনৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰায় ৪০০ ছাত্ৰ-ছাত্ৰীয়ে এই বিদ্যালয়খনত অধ্যয়ন কৰে।
মেডিচনৰ আৰক্ষী অধীক্ষক শ্বাউন বাৰ্নছে সংবাদমেলৰ সময়ত কয় যে এই কাণ্ডত সন্দেহযুক্ত বন্দুকধাৰীকে ধৰি কমেও পাঁচজন লোক নিহত হৈছে। কিন্তু পিছত একাধিক বাতৰিত তিনিজন লোকৰ মৃত্যু হোৱা বুলি দাবী কৰা হয়। চিকিৎসালয়ত দুজনৰ অৱস্থা সংকটজনক।
লগতে পঢ়কঃ আজি সংসদত দাখিল কৰা হ’ব ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক; হুইপ জাৰি বিজেপিৰ, সাজু বিৰোধীও
ইফালে এই ঘটনাত আক্ৰমণকাৰী এগৰাকী কিশোৰী বুলি কোৱা হৈছে। আক্ৰমণকাৰীৰ বয়স ১৭ বছৰ। আৰক্ষী বিষয়াসকলে বিদ্যালয়খনত উপস্থিত হোৱাৰ সময়ত বন্দুকধাৰীক মৃত অৱস্থাত উদ্ধাৰ কৰা বুলি আৰক্ষী বিষয়াগৰাকীয়ে দাবী কৰে। ঘটনাৰ তদন্ত অব্যাহত থকা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ লগে লগে আৰক্ষীৰ গাড়ী আৰু এম্বুলেন্স বিদ্যালয়ত উপস্থিত হোৱা দেখা যায়। আহতসকলক উদ্ধাৰ কৰি এম্বুলেন্সেৰে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে আমেৰিকাত বন্দুক নিয়ন্ত্ৰণ আৰু বিদ্যালয়ৰ সুৰক্ষাৰ বিষয়বোৰ ৰাজনৈতিক আৰু সামাজিক বিষয়ত পৰিণত হৈছে। যোৱা কিছু বছৰত বিদ্যালয়ত এনেধৰণৰ গুলীচালনাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। কেৱল এই বছৰতে আমেৰিকাত ৩২২খন স্কুলত গুলীচালনাৰ ঘটনা হৈছে। ১৯৬৬ চনৰ পিছত এই সংখ্যা দ্বিতীয় সৰ্বাধিক। ২০২৩ চনত আমেৰিকাৰ বিদ্যালয়ত ৩৪৯টা এনে আক্ৰমণ সংঘটিত হৈছিল।
আনহাতে, আমেৰিকাত বাৰে বাৰে কেৱল বিদ্যালয়তে নহয়, অন্যান্য ৰাজহুৱা স্থানো এনে আক্ৰমণৰ সাক্ষী হৈ আহিছে। ইয়াৰ পূৰ্বে ২০২২ চনত সমগ্ৰ আমেৰিকাত ৬৪৭টা এনে গুলীচালনা সংঘটিত হৈছিল।
লগতে পঢ়কঃ জৰ্জিয়াৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে ১১ জন ভাৰতীয়ৰ মৃতদেহ
ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২৫ অক্টোবৰত আমেৰিকাৰ মেইনৰ সৰু চহৰ লুইষ্টনত বন্দুকধাৰীৰ আক্ৰমণত প্ৰায় ২০ জন লোকে প্ৰাণ হেৰুৱাইছিল। তাৰ আগেয়ে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত বন্দুকধাৰীৰ আক্ৰমণত কমেও ৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। সেই কাণ্ড সংঘটিত হৈছিল আমেৰিকাৰ মিচিচিপি ৰাজ্যৰ আৰ্কাবুটলা অঞ্চলত।
তাৰো পূৰ্বে ২০২৩ চনৰ ২৩ জানুৱাৰীত তিনিটা পৃথক চহৰত বন্দুকৰ আক্ৰমণত ৮ জন লোকে প্ৰাণ হেৰুৱাইছিল। সেইদিনা কেলিফৰ্ণিয়াৰ হাফ মুন বে’ত সংঘটিত আক্ৰমণত কমেও ৪ জন লোক নিহত হয়। সেইদিনা ডেছ মইনেছৰ এখন শিক্ষানুষ্ঠানত বন্দুকধাৰীয়ে দুটি শিশুক হত্যা কৰিছিল। আনহাতে একেদিনাই চিকাগোত সংঘটিত ডকাইতিৰ ঘটনাত দুজন লোকৰ মৃত্যু হয়।