শেহতীয়াকৈ বম্বে উচ্চ ন্যায়ালয়ে বান্দ্ৰা ছেচন আদালতক নিৰ্দেশ দিছে যে য়ুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ প্ৰাক্তন পত্নী ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদৰ গোচৰৰ ২০ মাৰ্চ বৃহস্পতিবাৰৰ ভিতৰত সিদ্ধান্ত ল’ব লাগে। ন্যায়াধীশ মাধৱ জামদাৰৰ বিচাৰপীঠে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সৈতে ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ প্ৰতিশ্ৰুতিৰ কথা বিবেচনা কৰি পৰিয়াল আদালতক এই প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়ে।
২২ মাৰ্চৰ পৰা আৰম্ভ হোৱা আইপিএল ২০২৫ত পঞ্জাব কিংছৰ হৈ খেলিব য়ুজবেন্দ্ৰ চাহালে।২৫ মাৰ্চ মঙলবাৰে হায়দৰাবাদত গুজৰাট টাইটানছৰ বিৰুদ্ধে পঞ্জাব কিংছে উদ্বোধনী খেল খেলিব।চাহালে মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই প্ৰি-ছিজন শিবিৰত যোগদান কৰি চণ্ডীগড়ত কিংছৰ সৈতে প্ৰশিক্ষণ লৈছে। চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ সময়ত ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ছিনিয়ৰ ৰাষ্ট্ৰীয় পুৰুষ দলৰ হৈ উল্লাস কৰা দেখা গৈছিল। যোৱা ৯ মাৰ্চত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ ষ্টেণ্ডত আৰ জে মাহৱাছৰ কাষত বহি থকা দেখা গৈছিল।
উল্লেখ্য যে, যোৱা ৫ ফেব্ৰুৱাৰীত চাহাল আৰু ধনশ্ৰীয়ে পৰিয়াল আদালতত বিবাহ বিচ্ছেদ আৱেদন দাখিল কৰি পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ বিচাৰিছিল। কিন্তু পৰিয়াল আদালতে ২০ ফেব্ৰুৱাৰীত ছমাহ সময়সীমা ৰেহাই দিবলৈ অস্বীকাৰ কৰিছিল।চাহাল আৰু ধনশ্ৰীয়ে বিবাহৰ ১৮ মাহৰ পাছত ২০২২ চনৰ জুন মাহৰ পৰা পৃথকে বাস কৰি আহিছে।
আদালতে সন্মতিৰ চৰ্ত আংশিকভাৱে পালন কৰাৰ উদাহৰণ দাঙি ধৰে, য’ত চাহালে ধনশ্ৰীক ৪.৭৫ কোটি টকা দিব লাগিব। তেওঁ ২.৩৭ কোটি টকা দিছিল বুলি আদালতে লক্ষ্য কৰিছে। ইয়াৰ উপৰিও পৰিয়াল আদালতে বিবাহ পৰামৰ্শদাতাৰ পৰা পোৱা প্ৰতিবেদনৰ উল্লেখ কৰিছিল, য’ত ইংগিত দিয়া হৈছিল যে মধ্যস্থতাৰ প্ৰচেষ্টা আংশিকভাৱেহে মানি চলা হৈছে।
ইয়াৰ পাছতে চাহাল আৰু ধনশ্ৰীয়ে মুম্বাইত পৰিয়াল আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত যৌথ আবেদন দাখিল কৰে। হিন্দু বিবাহ আইনৰ ১৩বি ধাৰাত বিবাহ বিচ্ছেদৰ আৰ্জি প্ৰদান কৰাৰ পূৰ্বে ছমাহৰ সময় বাধ্যতামূলক। এই সময়ছোৱাৰ উদ্দেশ্য হৈছে পক্ষসমূহক মিলনৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ সময় দিয়া। কিন্তু নিষ্পত্তিৰ সম্ভাৱনা নথকা ক্ষেত্ৰত ইয়াক ৰেহাই দিব পাৰি।
চাহাল আৰু বাৰ্মাই ডেৰ-দুবছৰতকৈও অধিক সময় ধৰি পৃথকে পৃথকে বাস কৰি আহিছে আৰু মধ্যস্থতাৰ সময়ত বিশেষকৈ জীৱিকাৰ ধন পৰিশোধৰ ক্ষেত্ৰত চুক্তিবদ্ধ হোৱা সন্মতিৰ চৰ্তসমূহ মানি চলা বুলি বিবেচনা কৰি ন্যায়াধীশ জামদাৰে সময়সীমা ৰেহাই দিয়ে।