শেহতীয়া সময়চোৱাত বিশ্বৰ দেশসমূহে নিজৰ সুৰক্ষাৰ বাবে অত্যাধুনিক অস্ত্ৰ নিৰ্মাণ কৰি আছে। একে সময়তে কিছুমান দেশে আন দেশৰ পৰাও অস্ত্ৰ ক্ৰয় কৰি আছে। যুদ্ধ বিমানৰ যিকোনো যুদ্ধৰ পৰিস্থিতি আৰু দিশ সলনি কৰাৰ ক্ষমতা থাকে। যিকোনো দেশৰ শক্তিৰ বিচাৰ হয় দেশখনৰ সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা। সর্বশক্তিশালী সেনাবাহিনী থকা দেশখনেই বিশ্বৰ সর্বশক্তিশালী দেশ৷
বৰ্ধিত প্ৰযুক্তিৰ লগে লগে অস্ত্ৰ-শস্ত্ৰও যথেষ্ট আধুনিক আৰু উন্নত হৈ পৰিছে। যাৰ ক্ষমতা আছে কেইমিনিটমানৰ ভিতৰতে শত্ৰুক ধ্বংস কৰাৰ সক্ষমতা ৰাখে। যুদ্ধ বিমানক সকলো অস্ত্ৰৰ ভিতৰত আটাইতকৈ শক্তিশালী বুলি গণ্য কৰা হয়, যিকোনো যুদ্ধতে ই এক অতি প্ৰয়োজনীয় অস্ত্ৰ, কিন্তু আপুনি জানেনে পৃথিৱীৰ কোনবোৰ যুদ্ধ বিমান আটাইতকৈ বিপজ্জনক? পৃথিৱীৰ আটাইতকৈ বিপজ্জনক যুদ্ধ বিমানৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক।
লকহিড মাৰ্টিনৰ এফ-৩৫ লাইটনিং হৈছে আমেৰিকাৰ পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান। এইখনেই এতিয়ালৈকে নিৰ্মিত আটাইতকৈ বিপজ্জনক যুদ্ধ বিমান। কিছু সময়ৰ আগতে ইজৰাইলে এই বিমান ব্যৱহাৰ কৰি ইৰাণক আক্ৰমণ কৰিছিল।
এফ-২২ হৈছে আমেৰিকাৰ বায়ুসেনাৰ প্ৰথমখন পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান। এইখনেই হৈছে বিশ্বৰ প্ৰথমখন ষ্টিলথ যুঁজাৰু বিমান। ইয়াক ওচৰৰ পৰা ডগ্ফাটতত যুঁজত ব্যৱহাৰ কৰা হয়। এইখন ছুপাৰছনিক বিমান, যিয়ে শব্দৰ গতিতকৈ বেছি বেগেৰে উৰিব পাৰে।
চুখই ছু-৫৭ ফেলন হৈছে ৰাছিয়াৰ পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান, য’ত লুকাই চুৰকৈ আক্ৰমণ কৰাৰ বৈশিষ্ট্য আছে। এই বিমানখন এয়াৰ শ্ৰেষ্ঠত্ব আৰু আক্ৰমণ অভিযানৰ বাবে ডিজাইন কৰা হৈছে। বৰ্তমান ৰাছিয়াৰ সেনাবাহিনীতো ইয়াৰ উপস্থিতি আছে।
দক্ষিণ কোৰিয়াৰ বায়ুসেনাৰ কে এফ-২১ বৰাম বিশ্বৰ অন্যতম মাৰাত্মক বিমান। এই বিমানখন দক্ষিণ কোৰিয়াই ইণ্ডোনেছিয়াৰ সৈতে অংশীদাৰিত্বৰে নিৰ্মাণ কৰিছিল। এই জেটখনত ষ্টেলথ বৈশিষ্ট্যৰ লগতে উন্নত এইএছএ ৰাডাৰ চিষ্টেম আৰু কিছুমান এফ-৩৫ ভিত্তিক প্ৰযুক্তি আছে, যিয়ে ইয়াক ৪.৫ আৰু ৫ম প্ৰজন্মৰ যুঁজাৰু বিমানৰ মাজত ৰাখে।
চেংডু জে-২০ হৈছে একক আসনৰ, টুইন জেট ইঞ্জিনযুক্ত, সকলো বতৰৰ বাবে পঞ্চম প্ৰজন্মৰ ষ্টেলথ যুঁজাৰু বিমান। এই যুঁজাৰু বিমানখন এফ-২২ আৰু ছু-৫৭ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰাকৈ ডিজাইন কৰা হৈছে। যিটো চীনৰ চেংডু এৰোস্পেচ কৰ্পৰেশ্যনে চীনৰ বায়ুসেনাৰ বাবে নিৰ্মাণ কৰিছিল।