ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (UNSC)ৰ অধ্যক্ষৰ আসনত অধিষ্ঠিত হ’ল পাকিস্তান। যিটো সময়ত দেশখনৰ ওপৰত সন্ত্ৰাসবাদক আশ্ৰয় প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে তেনে সময়তে পাকিস্তান এই পদত অধিস্থিত হোৱাটো ভাৰতৰ বাবে কূটনৈতিক প্ৰত্যাহ্বান বুলিব পাৰি। ২০২৪ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ নিৰ্বাচনত ১৯৩টা ভোটৰ ভিতৰত ১৮২ ভোট লাভ কৰি পাকিস্তানে ২০২৫-২৬ বৰ্ষৰ বাবে অস্থায়ী সদস্য পদ লাভ কৰে। ই ২০১৩ চনৰ পাছত পাকিস্তানৰ প্ৰথম অধ্যক্ষতা আৰু অস্থায়ী সদস্য হিচাপে অষ্টম বাৰ।
পাকিস্তানে ইয়াৰ পূৰ্বে ১৯৫২-৫৩, ১৯৬৮-৬৯, ১৯৭৬-৭৭, ১৯৮৩-৮৪, ১৯৯৩-৯৪, ২০০৩-০৪, আৰু ২০১২-১৩ চনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। কিন্তু বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধ আৰু সন্ত্ৰাসৰ পৰিস্থিতিৰ মাজত পাকিস্তানৰ অধ্যক্ষতাৰ বিষয়টোৱে নতুন প্ৰশ্ন উত্থাপন কৰিছে।
বিশেষকৈ ভাৰতৰ সৈতে উত্তেজনাপূৰ্ণ পৰিৱেশৰ পটভূমিত পাকিস্তানৰ এই পদ লাভ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়। এই পদত ভেটো ক্ষমতা নাথাকিলেও, পাকিস্তানে কূটনৈতিকভাৱে নিজৰ দৃষ্টিভংগী আগবঢ়াব পাৰে।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰু ভাৰত কিয় সদস্য নহয়?
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৫ সদস্যৰ ভিতৰত ৫টা স্থায়ী সদস্য (চীন, ফ্ৰান্স, ৰাছিয়া, যুক্তৰাজ্য আৰু আমেৰিকা) আৰু ১০খন অস্থায়ী সদস্য থাকে, যাক দুবছৰৰ কাৰ্যকালৰ বাবে নিৰ্বাচন কৰা হয়। ২০২৫ বৰ্ষত এছিয়াৰ আসনত জাপানৰ ঠাইত পাকিস্তানে স্থান লাভ কৰিছে। ভাৰত ২০২১-২২ বৰ্ষত অস্থায়ী সদস্য আছিল, আৰু এতিয়া সদস্য নহয়। এইবাৰ পাকিস্তানৰ সৈতে আলজেৰিয়া, ডেনমাৰ্ক, গ্ৰীচ, গায়ানা, পানামা, কোৰিয়া, ছিয়েৰা লিয়ন, স্লোভেনিয়া আৰু ছোমালিয়া অস্থায়ী সদস্য দেশ হিচাপে অন্তর্ভুক্ত হৈছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষতা ইংৰাজী নামৰ বর্ণানুক্ৰম অনুসৰি প্ৰতিমাহে সদস্য দেশৰ মাজত পৰিৱর্তিত হয়।
পাকিস্তানৰ অধ্যক্ষতা: প্রতীকী পদ নে কৌশলগত সুযোগ?
UNSCৰ অধ্যক্ষতা যদিও এক প্রতীকী আৰু ঘূৰ্ণনীয় পদ, তথাপিও পাকিস্তানে কাশ্মীৰ বিষয় আদিয়েৰে ভাৰতৰ বিৰুদ্ধে নিজৰ অভিমত মুকলি কৰিব পাৰে। The Economic Times ৰ এক সমীক্ষা মতে, ভাৰত ইতিমধ্যে কৌশলগতভাৱে পাকিস্তানৰ অধ্যক্ষতাক মোকাবিলা কৰাৰ পৰিকল্পনা কৰিছে। বিশেষকৈ ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত বিশ্বজুৰি সচেতনতা বৃদ্ধি কৰাৰ লগতে নিজৰ বিকাশমূলক দিশসমূহ প্ৰচাৰ কৰাৰ কৌশল গ্ৰহণ কৰিব।
পাকিস্তানৰ প্ৰতিক্ৰিয়া কি?
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰি ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি অসীম ইফতিখাৰ আহমেদে বিশ্ব শান্তিৰ প্ৰতি দায়বদ্ধতাৰ কথা প্ৰকাশ কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে “আমি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ লগত সহযোগিতা কৰি ৰাষ্ট্ৰসংঘৰ চনদৰ অনুসাৰে শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে একেলগে কাম কৰিম।”