পশ্চিমে পাকিস্তান দখল কৰা গিলগিট-বাল্টিস্তানৰ কাৰাকোৰাম পৰ্বতমালা দেখা যায়। ইয়াৰ ওচৰতে ভাৰত-চীন লাইন অৱ একচুৱেল কণ্ট্ৰল (LoC)। ইয়াৰ মাজতে সমুদ্ৰপৃষ্ঠৰ পৰা ১৬,০০০ ফুট উচ্চতাত ভাৰতীয় বায়ুসেনাৰ দৌলত বেগ ওল্ডি বিমানঘাটি (‘ডি বি অ’’ নামেৰে জনাজাত) নিহিত হৈ আছে। এইবাৰ ভাৰতে সৈন্য ক্ষিপ্ৰতাৰে নিয়োগ কৰাৰ লক্ষ্যৰে বিকল্প পথ নিৰ্মাণ কৰিছে।
উল্লেখ্য যে ২০২০ চনৰ জুন মাহত চীনৰ সৈতে হোৱা উত্তেজনাৰ মাজতে সীমান্ত পথ সংস্থাই দৌলত বেগ ওল্ডি পোৱাৰ বাবে বিকল্প পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে। এই নতুন পথটোৱে লাডাখৰ ৰাজধানী লেহৰ পৰা দৌলাত বেগ অল্ডিলৈ ৭৯ কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰিব। দুদিনৰ পৰা মাত্ৰ ১১-১২ ঘন্টালৈ হ্ৰাস কৰা হ’ব যাত্ৰাৰ সময়। বৰ্তমান দাৰবুক-শ্বিয়ক-ডিবিঅ’ পথটোৱে কেইবাঠাইতো প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলঅ’চি) স্পৰ্শ কৰিছে। ফলত সেনাই ইয়াক ৰিস্কি বুলি গণ্য কৰে। কিন্তু নতুন পথটোৱে চীনৰ চোৰাংচোৱাগিৰি বা হঠাৎ আক্ৰমণৰ কোনো ভাবুকিৰ সৃষ্টি নকৰে। সেনাৰ সূত্ৰ অনুসৰি অহা বছৰৰ পৰা এই নতুন পথটো কাৰ্যক্ষম হৈ উঠিব। ১৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নতুন পথটোও গধুৰ সামৰিক সঁজুলি পৰিবহণৰ বাবে উপযোগী হ’ব।
প্ৰসংগক্ৰমে ভাৰত-চীন যুদ্ধৰ সময়ত ১৯৬২ চনত নিৰ্মাণ কৰা হৈছিল ডি বি অ’ বিমানবন্দৰ। চাৰি দশক ধৰি অব্যৱহৃত হৈ থকাৰ পিছত ২০০৮ চনত বৃহৎ সংস্কাৰৰ অন্তত এই বিমানঘাটিটো পুনৰ মুকলি কৰা হয়। ২০২০ চনত গালৱান খণ্ডৰ সময়ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখালৈ সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰ দ্ৰুতগতিত পৰিবহণ কৰাত ডি বি অ’ই ফলপ্ৰসূ ভূমিকা পালন কৰিছিল। এই বিমানপথটো চীনৰ বাবে সদায় মূৰৰ বিষ হৈ আহিছে। যুদ্ধৰ সূত্ৰপাত হ’লে ভাৰতে এই বিমানপথেৰে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC)ক সহজেই আক্ৰমণ কৰিবলৈ সক্ষম হ’ব বুলি আশংকা কৰিছে বেইজিঙে।