অৱশেষত শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ একনিষ্ঠ সেৱক, বৰনাম লগুৱা, থানৰ ভঁৰালী যোগেশ আতৈয়ে স্বাস্থ্যৰ উন্নতিৰ হ’কে শুকুৰবাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ৫০ হাজাৰ টকাৰ এক আৰ্থিক সাহায্য লাভ কৰে। এই আৰ্থিক সাহায্য প্ৰদান কৰে বটদ্ৰবা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই।
উল্লেখ্য যে, শ্ৰীশ্ৰীবটদ্ৰবা থানৰ একনিষ্ঠ সেৱক, বৰনাম লগুৱা, থানৰ ভঁৰালী তথা বিশিষ্ট বৈষ্ণৱ পণ্ডিত যোগেশ আতৈ সম্প্ৰতি কৰ্কট ৰোগত আক্ৰান্ত হৈ বটদ্ৰবা থান পৰিচালনা সমিতিৰ তত্বাৱধানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। গুৰুতৰভাৱে অসুস্থ হোৱাত উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে।
জীৱনৰ বাটত ৫০ টাৰো অধিক বছৰ গুৰুজনাৰ জীৱন আদৰ্শক সাৰোগত কৰি বটদ্ৰবা থানৰ চৈধ্য প্ৰসংগ, গীত-মাত, অংকীয়া ভাওনা, নাম-প্ৰসংগৰ প্ৰণালীবদ্ধ চৰ্চাত ওৰে দিন ব্ৰতী হৈ থকা এইগৰাকী মহান বৈষ্ণৱৰ কাৰণে থান পৰিচালনা সমিতিৰ তৰফৰ পৰা সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে অলপতে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীক সাক্ষাৎ কৰি শ্ৰী শ্ৰী বটদ্ৰবা থানৰ সৰ্বাংগীন উন্নয়ন, বিকাশৰ লগতে বিশিষ্ট বৈষ্ণৱ পণ্ডিতগৰাকীৰ স্বাস্থ্যসন্মত সকলো বিষয় বিতংভাবে অৱগত কৰিছিল।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে প্ৰেছ উপদেষ্টাগৰাকীয়ে বৈষ্ণৱ পণ্ডিত যোগেশ আতৈক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰাৰ সন্দৰ্ভত শীঘ্ৰে যাৱতীয় সকলো চৰকাৰী পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল।
ইয়াৰ পৰিপ্ৰেক্ষিততে শুকুৰবাৰে বটদ্ৰবা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বৈষ্ণৱ পণ্ডিত তথা শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ একনিষ্ঠ সেৱক, বৰনাম লগুৱা, থানৰ ভঁৰালী যোগেশ আতৈৰ স্বাস্থ্যৰ বুজ লয় আৰু লগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ৫০ হাজাৰ টকাৰ এক আৰ্থিক সাহায্য প্ৰদান কৰে।
বটদ্ৰবাৰ বিধায়িকাগৰাকীৰ সংগ প্ৰদান কৰি উপস্থিত হোৱা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক ব্ৰজেন কাকতি আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ৰমেন তালুকদাৰে তেখেতৰ আশু আৰোগ্য কামনা কৰে।