• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভিক্টৰৰ অশ্লীল বাক্যবাণ আৰু অখিলৰ খিলখিল হাঁহি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2026 4:57 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজনীতি এতিয়া তীব্ৰ উৎকণ্ঠাৰ মাজেৰে পাৰ হৈছে কাৰণ কংগ্ৰেছৰ সৈতে বিৰোধী ঐক্য গঠনৰ চৰ্চা চলি থকাৰ মাজতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ শেহতীয়া পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

মঙলবাৰে সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয় যে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ আলোচনা এতিয়াও শেষ হৈ যোৱা নাই । যদিও তেওঁক বৰ্তমানলৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰব গগৈয়ে ফোন কৰা নাই, তথাপিও জ্যেষ্ঠ নেতা ৰিপুণ বৰাই পুৱাই তেওঁৰ সৈতে যোগাযোগ কৰিছে আৰু কথা-বতৰাবোৰ গঠনমূলক দিশত আগবাঢ়িছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে কংগ্ৰেছে বৰ্তমানলৈকে মিত্ৰতাৰ সন্দৰ্ভত কোনো নেতিবাচক কথা কোৱা নাই। ইয়াৰ উপৰিও অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও অখিল গগৈৰ সৈতে কথা পাতিছে আৰু যিকোনো বিৰোধী ঐক্যত ৰাইজৰ দলক বাদ নিদিবলৈ গুৰুত্ব আৰোপ কৰিছে।

Apply Now

অৱশ্যে মিত্ৰতাৰ এই গুৰুত্বপূৰ্ণ আলোচনা চলি থকাৰ মাজতে মঙলবাৰে হ’বলগীয়া বিৰোধী ঐক্য মঞ্চৰ সংবাদ মেলখন হঠাৎ বাতিল কৰা হয়। ইয়াৰ পাছতে সোমবাৰে নিশা অখিল গগৈক বিতৰ্কিত ছ’চিয়েল মিডিয়া ব্যক্তিত্ব ভিক্টৰ দাসৰ সৈতে একেলগে দেখা যায়। দুয়োৰে এই আকস্মিক সাক্ষাৎ আৰু ফেচবুক লাইভক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা চলিছে। এই লাইভ অনুষ্ঠানত অখিল গগৈ আৰু ভিক্টৰ দাসে শিল্পী জুবিন গাৰ্গৰ প্ৰসংগ উত্থাপন কৰে। বিশেষকৈ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নিৰ্মাণত চৰকাৰে কৰা পলমক লৈ দুয়ো তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে কয় যে তেওঁলোকক এই কামৰ বাবে আৰু চৰকাৰৰ সহায় নালাগে আৰু ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়। মাত্ৰ এক টকাকৈ হ’লেও দান কৰি এই স্মৃতিসৌধটো নিজে গঢ়ি তোলাৰ বাবে তেওঁলোকে ৰাইজক অনুৰোধ কৰে।

ইফালে এই ফেচবুক লাইভৰ সময়ত অখিল গগৈ আৰু ভিক্টৰ দাসৰ ব্যৱহাৰক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে। লাইভটোৰ সময়ত দুয়োকে হাঁহি-ধেমালি কৰি থকা দেখা গৈছিল আৰু ভিক্টৰ দাসে নিজৰ স্বভাৱজাত সুলভ তথা অনানুষ্ঠানিক ভাষা ব্যৱহাৰ কৰিছিল। এগৰাকী নিৰ্বাচিত বিধায়ক হৈ অখিল গগৈয়ে এনেধৰণৰ আচৰণ কৰা কাৰ্যত বহু অনুগামী আৰু সাধাৰণ ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে। কিছুমান লোকে ইয়াক এগৰাকী জনপ্ৰতিনিধিৰ বাবে অপেশাদাৰী আচৰণ বুলিও অভিহিত কৰিছে। এফালে মিত্ৰতাৰ অংক আৰু আনফালে আৱেগিক ইছ্যু ব্যৱহাৰ কৰি জনসাধাৰণৰ মাজলৈ যোৱাৰ এই প্ৰয়াসৰ মাজত অখিল গগৈৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব, সেয়া এতিয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd