• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাৰ চলচ্চিত্ৰ মহোৎসৱত জিলিকিল অসমীয়া ছবি ‘মই এটি নিশাচৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2026 5:12 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত এগৰাকী চোৰৰ জীৱনক আধাৰ হিচাপে লৈ নিৰ্মিত অসমীয়া চলচ্চিত্ৰ ‘মই এটি নিশাচৰ’য়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মানীয় একোলাড গ্ল’বেল ফিল্ম কম্পিটিশ্যনত ‘এৱাৰ্ড অৱ এক্সেলেন্স স্পেচিয়েল মেনশ্যন’ (Award of Excellence Special Mention) বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা বিদ্যুৎ কটকীৰ পৰিচালনা আৰু জ্যেষ্ঠ সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি সত্য কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

পৰিচালক বিদ্যুৎ কটকীয়ে জানিবলৈ দিয়া মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত এই প্ৰতিযোগিতাখন ‘মুভি মেকাৰ‘ আলোচনীৰ মতে প্ৰৱেশ মূল্যৰ বিনিময়ত অংশগ্ৰহণ কৰিবলগীয়া বিশ্বৰ শীৰ্ষ ২৫ খন চলচ্চিত্ৰ মহোৎসৱৰ ভিতৰত অন্যতম। এই সন্মানে ছবিখনক সমগ্ৰ প্ৰতিযোগিতাখনৰ শীৰ্ষ ১০ খন শ্ৰেষ্ঠ ছবিৰ তালিকাত স্থান দিছে। কলাত্মক আৰু কাৰিকৰী দিশত সৰ্বোচ্চ মানদণ্ড স্থাপন কৰা প্ৰকল্পসমূহকহে এই স্বীকৃতি প্ৰদান কৰা হয় বুলি পৰিচালকগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে এই সন্মানে মানৱীয় আৱেগৰ কোনো মানৱসৃষ্ট ভৌগোলিক সীমাৱদ্ধতা নাই আৰু ই সকলোৰে বাবে একেই ভাষা কয় বুলি থকা বিশ্বাসক পুনৰ দৃঢ় কৰিছে। অসমৰ এখন দুৰ্গম গাঁৱৰ পটভূমিত নিৰ্মিত হ’লেও এই কাহিনীয়ে সাম্প্ৰতিক সময়ত বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে দেখা পোৱা সামাজিক আৰু ৰাজনৈতিক প্ৰত্যাহ্বানসমূহক প্ৰতিফলিত কৰে।

Apply Now

‘মই এটি নিশাচৰ’ ছবিখনৰ কাহিনীভাগ কদুৱা নামৰ এজন চতুৰ আৰু প্ৰত্যুৎপন্নমতি গাঁৱলীয়া চোৰৰ জীৱনৰ ওপৰত আধাৰিত। নিজৰ জীৱনধাৰণৰ মান উন্নত কৰাৰ বাবে কদুৱাই কৰা সৎ প্ৰচেষ্টাসমূহ কেনেদৰে স্থানীয় ক্ষমতাশালী লোকৰ খেয়াল-খুচি আৰু নিৰ্দেশনাত বাৰে বাৰে বাধাগ্ৰস্ত হয়, সেয়াই ছবিখনৰ মূল উপজীৱ্য। এই সন্মান লাভ কৰি আপ্লুত পৰিচালক কটকীয়ে কয় যে এই বঁটা কদুৱাৰ পৃথিৱীখনক জীৱন্ত ৰূপ দিয়া সমগ্ৰ সৃষ্টিশীল দলটোৰ প্ৰাপ্য। ছবিখনৰ শেষত দৰ্শকৰ মনত ‘প্ৰকৃত চোৰ কোন’ বুলি এক গভীৰ প্ৰশ্নৰ উদয় হ’ব বুলি তেওঁ উল্লেখ কৰে। ছবিখনৰ মুখ্য চৰিত্ৰত বিশিষ্ট নাট্যশিল্পী গুণমণি বৰুৱাই অভিনয় কৰাৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও জ্যেষ্ঠ আৰু কনিষ্ঠ শিল্পীয়ে গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হৈছে।

মুম্বাই নিবাসী চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে লগতে প্ৰকাশ কৰে যে ছবিখন আমেৰিকাৰ ২০২৬ বৰ্ষৰ ক’ভেলাইট ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেললৈকো নিৰ্বাচিত হৈছে। মহোৎসৱখনত ছবিখন চোৱাৰ পিছত চলচ্চিত্ৰ নিৰ্মাতাসকলে ইয়াক দৰ্শকক বাৰুকৈয়ে আকৰ্ষণ কৰিব পৰা এখন মনোমহা ছবি বুলি অভিহিত কৰিছে। কান বা ছানডান্সৰ দৰে বৃহৎ মহোৎসৱ নহ’লেও গুণগত মান, বৈচিত্ৰ্য আৰু সমগ্ৰ বিশ্বৰ স্বাধীন চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৃষ্টিৰাজিক তুলি ধৰাৰ ক্ষেত্ৰত এই মহোৎসৱৰ যথেষ্ট সুনাম আছে। নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেচন (এন এফ ডি চি) আৰু ৰেড ৰিভাৰ এণ্ড ব্লু হিলছৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখন অহা কেইমাহমানৰ ভিতৰত অসমত ব্যৱসায়িকভাৱে মুক্তি দিয়া হ’ব আৰু ৰাজ্যবাসীয়েও ইয়াক আদৰি ল’ব বুলি পৰিচালকগৰাকীয়ে আশা প্ৰকাশ কৰিছে। আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ স্বাধীন নিৰ্মাতাসকলৰ কৰ্মৰাজিক তুলি ধৰাৰ ক্ষেত্ৰত এই মহোৎসৱৰ যথেষ্ট সুনাম আছে। নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেচন (এন এফ ডি চি) আৰু ৰেড ৰিভাৰ এণ্ড ব্লু হিলছৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখন অহা কেইমাহমানৰ ভিতৰত অসমত ব্যৱসায়িকভাৱে মুক্তি দিয়া হ’ব আৰু ৰাজ্যবাসীয়েও ইয়াক আদৰি ল’ব বুলি পৰিচালকগৰাকীয়ে আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd