• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শক্তি খণ্ডৰ পৰিৱৰ্তন আৰু প্ৰব্ৰজিত শ্ৰমিক: পোহৰলৈ আহিছে নিৰ্যাতনৰ শতাধিক গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2026 10:38 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বজুৰি শক্তি খণ্ডৰ পৰিৱৰ্তনৰ সৈতে জড়িত উদ্যোগসমূহত কৰ্মৰত প্ৰব্ৰজিত শ্ৰমিকসকল ব্যৱস্থাগত নিৰ্যাতনৰ বলি হোৱাৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ প্ৰকাশিত এক বিশ্লেষণাত্মক প্ৰতিবেদন অনুসৰি, কোম্পানীসমূহে কৰ্মক্ষেত্ৰত থকা শোষণৰ গাঁথনিগত কাৰণসমূহ দূৰ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে। ইয়াৰ ফলত পূৰ্বৰ ঔদ্যোগীকৰণৰ সময়ত দেখা পোৱা বৈষম্য আৰু নিৰ্যাতনৰ পৰিৱেশ পৰিষ্কাৰ শক্তিৰ উদ্যোগসমূহতো পুনৰাবৃত্তি হোৱাৰ আশংকা দেখা দিছে।

বিজনেছ এণ্ড হিউমেন ৰাইটছ চেণ্টাৰ নামৰ সংস্থাটোৱে ২০২৫ বৰ্ষত বিশ্বজুৰি প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত হোৱা নিৰ্যাতনৰ ৭৪৭ টা অভিযোগ লিপিবদ্ধ কৰিছে। ইয়াৰে বহুসংখ্যক অভিযোগ প্ৰত্যক্ষভাৱে শক্তি পৰিৱৰ্তনৰ সৈতে জড়িত উদ্যোগসমূহৰ বিৰুদ্ধে উত্থাপিত হৈছে। এই উদ্যোগসমূহৰ ভিতৰত গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ উৎপাদন, বৈদ্যুতিক বাহন  নিৰ্মাণ আৰু নৱীকৰণযোগ্য শক্তিৰ আন্তঃগাঁথনি উন্নয়ন আদি অন্তৰ্ভুক্ত। এই ঘটনাসমূহৰ সৈতে টেজলা আৰু হুণ্ডাইৰ দৰে বহুজাতিক কোম্পানীৰ নামো উল্লেখ কৰা হৈছে। সংস্থাটোৰ প্ৰতিবেদনত দুয়োটা কোম্পানীৰ বিৰুদ্ধে তিনিটাকৈ গোচৰ পোহৰলৈ আহিছে। পৰিষ্কাৰ শক্তিৰ দিশে এই পৰিৱৰ্তন যাতে দ্ৰুত হোৱাৰ লগতে শ্ৰমিকসকলৰ অধিকাৰ ৰক্ষাৰ জৰিয়তে ন্যায্যও হয়, তাৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক প্ৰতিবেদনখনত আহ্বান জনোৱা হৈছে।

Apply Now

প্ৰব্ৰজিত শ্ৰমিকসকলে শক্তি পৰিৱৰ্তনৰ প্ৰতিটো স্তৰতে অৱদান আগবঢ়াই আহিছে। তেওঁলোকে বৈদ্যুতিক বাহনৰ বেটাৰীৰ বাবে প্ৰয়োজনীয় নিকেল, কোবাল্ট আৰু এলুমিনিয়াম আহৰণ কৰাৰ লগতে নৱীকৰণযোগ্য শক্তিৰ আন্তঃগাঁথনি স্থাপন, বহনক্ষম নগৰ উন্নয়ন প্ৰকল্পৰ নিৰ্মাণ আৰু বৈদ্যুতিক বাহন নিৰ্মাণৰ দৰে কামবোৰ কৰে। বিএইচআৰচিয়ে কেৱল ২০২৫ চনতে শক্তি পৰিৱৰ্তনৰ বাবে গুৰুত্বপূৰ্ণ উদ্যোগসমূহত প্ৰব্ৰজিত শ্ৰমিকৰ নিৰ্যাতনৰ ২৩ টা নিৰ্দিষ্ট গোচৰ লিপিবদ্ধ কৰিছে। ইয়াৰে ৭ টা গোচৰ খনিজ পদাৰ্থ উৎপাদনত, ৬ টা বৈদ্যুতিক বাহনৰ যোগান শৃংখলত, ৩ টা বহনক্ষম নগৰ উন্নয়নত, ৩ টা পুনৰাৱৰ্তন খণ্ডত, ২ টা নৱীকৰণযোগ্য আৰু নিম্ন-কাৰ্বন শক্তি খণ্ডত আৰু এটাকৈ গোচৰ ইকো-টুৰিজম তথা নিম্ন-কাৰ্বন চিমেণ্ট নিৰ্মাণৰ সৈতে জড়িত।

বিশ্লেষণত দেখা গৈছে যে সেউজ অৰ্থনীতিৰ সৈতে জড়িত এই গোচৰসমূহ মূলতঃ অত্যধিক উৎপাদনৰ লক্ষ্য আৰু অস্বাভাৱিক কৰ্মঘণ্টাৰ সৈতে সম্পৰ্কিত। এই গোচৰসমূহৰ ৫২ শতাংশ ক্ষেত্ৰতে কৰ্মচাৰীৰ সুৰক্ষা উলংঘনৰ ঘটনা পোহৰলৈ আহিছে, যিটো সামগ্ৰিক তথ্যৰ (২৫ শতাংশ) তুলনাত যথেষ্ট বেছি। এই পৰিসংখ্যাই সেউজ উদ্যোগত কৰ্মৰত শ্ৰমিকসকলৰ সুৰক্ষা ব্যৱস্থাৰ দিশটোত প্ৰশ্নবোধক চিহ্ন আঁকি দিছে।

এই প্ৰসংগত বিএইচআৰচিৰ প্ৰব্ৰজিত শ্ৰমিক গৱেষক কেট্ৰিঅ‘না ফ্ৰেজাৰে স্পষ্ট কৰে যে শ্ৰমিক শোষণৰ ভেটিত জলবায়ু পৰিৱৰ্তনৰ কোনো ফলপ্ৰসূ সমাধান গঢ়ি তুলিব নোৱাৰি। ২০৩০ চনৰ ভিতৰত সেউজ অৰ্থনীতিৰ বাৰ্ষিক মূল্য ৭ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰাৰ দিশলৈ আঙুলিয়াই দি তেওঁ কয় যে এই শক্তি পৰিৱৰ্তনৰ পৰা লাভান্বিত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে প্ৰব্ৰজিত শ্ৰমিকৰ মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাটো অপৰিহাৰ্য।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm
কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd