• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ডেনিছ ঔষধ নিৰ্মাতা কোম্পানী ন'ভ' নৰ্ডিষ্কে বুধবাৰে ভাৰতত এউইক্লি বা ইনচুলিন আইক'ডেক নামৰ এবিধ নতুন ইনচুলিন বজাৰত মুকলি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2026 3:53 pm
71
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেনিছ ঔষধ নিৰ্মাতা কোম্পানী ন‘ভ’ নৰ্ডিষ্কে বুধবাৰে ভাৰতত এউইক্লি বা ইনচুলিন আইক’ডেক নামৰ এবিধ নতুন ইনচুলিন বজাৰত মুকলি কৰিছে। টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে তৈয়াৰ কৰা এইটোৱেই হৈছে বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন। এই নতুন আৱিষ্কাৰৰ ফলত ডায়েবেটিছ ৰোগীসকলে এতিয়াৰে পৰা বছৰত ৩৬৫ টা ইনচুলিন বেজী লোৱাৰ পৰিৱৰ্তে মাত্ৰ ৫২ টা বেজী ললেই হ’ব, যিটো চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক বৃহৎ সাফল্য বুলি গণ্য কৰা হৈছে।

ইনচুলিন হৈছে এবিধ হৰম‘ন যিয়ে তেজৰ পৰা গ্লুক’জ বা চেনি কোষলৈ নিয়াত সহায় কৰে আৰু তেজত চেনিৰ পৰিমাণ বাঢ়ি যোৱাত বাধা দিয়ে। সাধাৰণতে টাইপ ১ আৰু গুৰুতৰ টাইপ ২ ডায়েবেটিছ ৰোগীসকলে তেজৰ চেনি নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনিক ইনচুলিন ল’বলগীয়া হয়। কিন্তু প্ৰতিদিনে বেজী লোৱাৰ ভয়তে ভাৰতত বহুতো ৰোগীয়ে ইনচুলিন লোৱাটো প্ৰায় সাতৰ পৰা ন বছৰলৈকে পিছুৱাই দিয়ে। কোম্পানীটোৱে জনোৱা মতে, এই নতুন সাপ্তাহিক ইনচুলিনবিধৰ জৰিয়তে ৰোগীৰ বেজীৰ প্ৰতি থকা এই ভয় দূৰ কৰিবলৈ চেষ্টা কৰা হৈছে।

Apply Now

এই নতুন ইনচুলিনবিধৰ দামে চিকিৎসক আৰু ৰোগী সকলোকে আচৰিত কৰিছে। এউইক্লিৰ ৭০০ ইউনিটৰ এটা পেকেটৰ দাম ৰখা হৈছে ২৬১১ টকা, অৰ্থাৎ প্ৰতি ইউনিটৰ দাম প্ৰায় ৩.৭৩ টকা। বৰ্তমান বজাৰত উপলব্ধ দৈনিক ইনচুলিনতকৈ ই প্ৰায় ৩০ ৰ পৰা ৪০ শতাংশ সস্তা। যিসকল ৰোগীক দৈনিক ১০ ইউনিট ইনচুলিনৰ প্ৰয়োজন হয়, তেওঁলোকে সপ্তাহত ৭০ ইউনিট ল’ব লাগিব আৰু ইয়াৰ বাবে সপ্তাহত প্ৰায় ২৬১ টকা খৰচ হ’ব। মুম্বাইৰ আগশাৰীৰ চিকিৎসক ডাঃ ৰাজীৱ কোভিলে কয় যে ইয়াৰ দাম সঁচাকৈয়ে বহুত কম আৰু ই সকলোৰে বাবে সুলভ হ’ব।

বৰ্তমান ভাৰতত প্ৰায় ১০.১ কোটি মানুহ ডায়েবেটিছ ৰোগত আৰু ১৩.৬ কোটি মানুহ প্ৰি-ডায়েবেটিছত আক্ৰান্ত হৈ আছে। ইয়াৰ উপৰিও প্ৰায় ৯ লাখ ৰোগী টাইপ ১ ডায়েবেটিছত আক্ৰান্ত। এই নতুন ইনচুলিনবিধ ফ্লেক্সটাচ নামৰ এটা পেনৰ জৰিয়তে সপ্তাহত মাত্ৰ এদিন ল‘ব লাগিব। কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি, এই সাপ্তাহিক ইনচুলিনে তেজৰ চেনি অতি সুন্দৰভাৱে নিয়ন্ত্ৰণত ৰাখে। নতুন দিল্লীৰ চিকিৎসক ডাঃ এছ কে ৱাংনুৱে কয় যে এই সহজ পদ্ধতিৰ ফলত ৰোগীসকলে সময়মতে চিকিৎসা গ্ৰহণ কৰিবলৈ আগ্ৰহী হ’ব আৰু ই ভাৰতৰ দৰে বিশাল দেশ এখনত ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am
পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am
পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd