উজনি অসমৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হৈ সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহৰ কাষত থিয় দি মানৱীয় সহায়ৰ হাত আগবঢ়াইছে কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্গত হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনে। বানপীড়িত ৰাইজৰ দুখ-কষ্টৰ সময়ত তেওঁলোকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি সন্মিলনৰ তৰফৰ পৰা ১১,০০০ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়।
উক্ত সাহায্যৰাশি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দিছপুৰ শাখাৰ জৰিয়তে দুৰ্যোগত ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজৰ সহায়ৰ বাবে আগবঢ়োৱা হ’ব। অসম জ্যেষ্ঠ নাগৰিক সন্মিলন, জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু বিভিন্ন শাখাৰ সহযোগিতাত সংগৃহীত সাহায্যই বানপীড়িত ৰাইজৰ দুখৰ সময়ত কিছু হ’লেও সকাহ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰা হৈছে।
ৰাজ্যৰ এই কঠিন দুৰ্যোগৰ সময়ত বানপীড়িত লোকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এই আন্তৰিক প্ৰচেষ্টাক অসম জ্যেষ্ঠ নাগৰিক সন্মিলনে আন্তৰিক শলাগ জ্ঞাপন কৰে। সন্মিলনে আশা প্ৰকাশ কৰে যে এনে সহমৰ্মিতা আৰু সহযোগিতাৰ মনোভাৱে বানপীড়িত পৰিয়ালসমূহক এই সংকটৰ সময়ত সাহস যোগোৱাৰ লগতে পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ পথ কিছু পৰিমাণে হলেও সহজ কৰি তুলিব।





