• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

ঝাৰখণ্ডত পৰীক্ষাৰ ব্যাপক খেলিমেলিক লৈ তীব্ৰতৰ হৈ পৰা ছাত্ৰ আন্দোলনৰ অন্ত পেলাবলৈ ৰাজ্য চৰকাৰ আৰু প্ৰতিবাদকাৰীৰ মাজত বৰ্তমান ষষ্ঠ লানি গুৰুত্বপূৰ্ণ আলোচনা চলি আছে। বিগত দুসপ্তাহ ধৰি চলা তীব্ৰ প্ৰতিবাদ আৰু পূৰ্বৰ পাঁচলানি বৈঠক ব্যৰ্থ হোৱাৰ পাছত অৱশেষত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ ক্ষোভ ন্যায্য বুলি স্বীকাৰ কৰিছে। ইয়াৰ লগতে আন্দোলনকাৰীৰ দাবী মানি সমগ্ৰ কেলেংকাৰীৰ তদন্ত বলৱৎকৰণ সঞ্চালকালয়ক (ED) অৰ্পণ কৰাৰো পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2026 3:34 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঝাৰখণ্ডত পৰীক্ষাৰ ব্যাপক খেলিমেলিক লৈ তীব্ৰতৰ হৈ পৰা ছাত্ৰ আন্দোলনৰ অন্ত পেলাবলৈ ৰাজ্য চৰকাৰ আৰু প্ৰতিবাদকাৰীৰ মাজত বৰ্তমান ষষ্ঠ লানি গুৰুত্বপূৰ্ণ আলোচনা চলি আছে। বিগত দুসপ্তাহ ধৰি চলা তীব্ৰ প্ৰতিবাদ আৰু পূৰ্বৰ পাঁচলানি বৈঠক ব্যৰ্থ হোৱাৰ পাছত অৱশেষত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ ক্ষোভ ন্যায্য বুলি স্বীকাৰ কৰিছে। ইয়াৰ লগতে আন্দোলনকাৰীৰ দাবী মানি সমগ্ৰ কেলেংকাৰীৰ তদন্ত বলৱৎকৰণ সঞ্চালকালয়ক (ED) অৰ্পণ কৰাৰো পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।

Apply Now

ৰাজ্যিক মন্ত্ৰী দীপিকা পাণ্ডে সিঙে পূৰ্বে জানিবলৈ দিছিল যে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণক ছাত্ৰ-ছাত্ৰীসকলৰ দাবী আৰু আলোচনাৰ পৰা ওলাই অহা মতামত সন্দৰ্ভত অৱগত কৰা হৈছে। আনহাতে, কালি মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছত আন এগৰাকী মন্ত্ৰী সঞ্জয় প্ৰসাদ যাদৱে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে পৰৱৰ্তী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছিল।

ৰাঁচীৰ জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত চলি থকা ছাত্ৰ-ছাত্ৰীসকলৰ এই প্ৰতিবাদে আজি ১৬ সংখ্যক দিনত ভৰি দিছেহি। প্ৰতিবাদকাৰীসকলৰ মূল দাবী হৈছে যোৱা ২ জুলাইত ঝাৰখণ্ড লোকসেৱা আয়োগে (JPSC) অনুষ্ঠিত কৰা ১৪ সংখ্যক অসামৰিক সেৱা প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰা। ইয়াৰ লগতে পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ এক নিৰপেক্ষ তদন্তৰো তেওঁলোকে দাবী জনাইছে, যিটো চিবিআইৰ (CBI) দ্বাৰা বা এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠিত পেনেলৰ দ্বাৰা কৰিবলৈ চৰকাৰক দাবী জনোৱা হৈছে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ছাত্ৰ-ছাত্ৰীসকলৰ এই প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীয়ে য’তেই সমস্যা উত্থাপন নকৰক কিয়, তেওঁ আৰু বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী তালৈ যাব। খৰ্গেয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ বাবে সমান আৰু গুৰুত্বপূৰ্ণ, সেয়েহে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ সদায় সৰ্বোচ্চ। ৰাহুল গান্ধীয়েও কেন্দ্ৰ বা ৰাজ্য চৰকাৰসমূহক ছাত্ৰ-ছাত্ৰীৰ কথা শুনি শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ আহ্বান জনাইছে।

আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় শেঠে কয় যে ৰাহুল গান্ধীয়ে এই বিষয়টোক লৈ কেৱল ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা কৰিছে। ইয়াৰ পৰিৱৰ্তে তেওঁ ঝাৰখণ্ডৰ কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰখনক শীঘ্ৰে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া উচিত। ছাত্ৰ-ছাত্ৰীসকলৰ দাবী ন্যায্য বুলি উল্লেখ কৰি তেওঁ ছোৰেণ চৰকাৰক অসংবেদনশীল বুলি সমালোচনা কৰে। শেঠে লগতে কয় যে ঝাৰখণ্ড চৰকাৰে চাকৰি কেলেংকাৰীক আশ্ৰয় দিছে আৰু প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে চিবিআই বা ইডিৰ তদন্তৰ বাহিৰে আন একো মানি নলয়। গতিকে কংগ্ৰেছে ঝাৰখণ্ড চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা উচিত।

ইফালে, ঝাৰখণ্ড চৰকাৰে এতিয়ালৈকে ৰাঁচীত বিভিন্ন প্ৰতিবাদী গোটৰ সৈতে পাঁচ লানি আলোচনা অনুষ্ঠিত কৰিছে যদিও কোনো সমাধান সূত্ৰ নোলোৱাত অচলাৱস্থা অব্যাহত আছে। দাবী পূৰণ নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলাই যোৱাৰ হুংকাৰ দিছে ছাত্ৰ-ছাত্ৰীসকলে। যোৱা শুকুৰবাৰে চৰকাৰী প্ৰতিনিধিয়ে ঝাৰখণ্ড লোকতান্ত্ৰিক ক্ৰান্তিকাৰী মৰ্চাৰ নেতা দেৱেন্দ্ৰ নাথ মাহতোৰ নেতৃত্বৰ এটা দলৰ সৈতে প্ৰথমখন বৈঠকত মিলিত হৈছিল। যোৱা এসপ্তাহ ধৰি আমৰণ অনশনত বহা মাহতোৱে কয় যে সকলো সংগঠনৰ দাবী একেই আৰু চৰকাৰে সেয়া মানি ল’ব লাগে। ইয়াৰ লগতে চৰকাৰী পেনেলে তিনিটা কংগ্ৰেছ সমৰ্থিত ছাত্ৰ সংগঠন আৰু ‘জেপিএছচি-জেএছএছচি এচপিৰেণ্ট ন্যায় মঞ্চ’ৰ প্ৰতিনিধি দলৰ সৈতেও পৃথকে পৃথকে বৈঠকত মিলিত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm
১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

August 9, 2026 1:10 pm
পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

August 9, 2026 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm
১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd