নিযুক্তি পৰীক্ষাৰ সংস্কাৰৰ দাবীত ঝাৰখণ্ড বিধানসভা ঘেৰাও কৰিবলৈ যোৱা প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে আজি লাঠীচালনা কৰাৰ লগতে পানী হিলৈ আৰু কন্দুৱা গেছ প্ৰয়োগ কৰে। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে “লাঠীৰ পৰিৱৰ্তে আলোচনাৰেহে সমস্যা সমাধান হ’ব” বুলি কোৱাৰ পিছতো আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীৰ ওপৰত এনে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
নিযুক্তি পৰীক্ষাত হোৱা অনিয়মৰ অভিযোগত ৰাজ্যিক চি আই ডিয়ে ঝাৰখণ্ড লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ এল ছিয়াংটেক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, যোৱা ২২ জুলাইত তেওঁ নিজ পদৰ পৰা পদত্যাগ কৰিছিল। হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে বিধানসভালৈ সমদল উলিয়াবলৈ ৰাঁচীত উপস্থিত হোৱাৰ সময়তে এই ঘটনা ঘটিছে।
অনশনত বহা ছাত্ৰ নেতা দেৱেন্দ্ৰ নাথ মাহতোও এই সমদলত অংশগ্ৰহণ কৰিছিল, যাক আৰক্ষীয়ে পৰৱৰ্তী সময়ত আটক কৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ পানী হিলৈ ব্যৱহাৰ কৰাৰ সময়ত একাংশ ছাত্ৰই পানীৰ সোঁতৰ সন্মুখতে নাচিবলৈ আৰম্ভ কৰে, যিয়ে পাটনাত হোৱা ‘নিট’ প্ৰতিবাদৰ দৃশ্য সোঁৱৰাই দিয়ে।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে পুৱাই ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা ৰে’ল, বাছ আৰু অন্যান্য বাহনেৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আহি ৰাজধানীত উপস্থিত হৈছিল। আইন-শৃংখলা জনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে চহৰখনৰ প্ৰধান চ’ক আৰু স্পৰ্শকাতৰ স্থানসমূহত বেৰিকেড স্থাপন কৰিছে। বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়েন কৰাৰ লগতে ৰাঁচীৰ বেছিভাগ বিদ্যালয় আজি বন্ধ ৰখা হৈছে। ছাত্ৰ-ছাত্ৰীৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰিবলৈ জিলাৰ সীমান্ত আৰু ঘাইপথসমূহত আৰক্ষীয়ে বাছ আৰু ব্যক্তিগত বাহনসমূহত তালাচী চলায়।
জেপিএছচি আৰু জেএছএছচিৰ নিযুক্তি পৰীক্ষাত প্ৰশ্নপত্ৰ ফাঁচ হোৱা ঘটনাই হৈছে এই প্ৰতিবাদৰ মূল কাৰণ। যোৱা ১৬ দিন ধৰি চলি থকা এই আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে গঠন কৰা পেনেল আৰু আন্দোলনকাৰীৰ মাজত কেইবালানিও আলোচনা ব্যৰ্থ হোৱাৰ পিছতে আজিৰ এই সমদল উলিওৱা হয়। কালি অনুষ্ঠিত ষষ্ঠ লানি আলোচনাৰ পাছতো কোনো সমাধান সূত্ৰ ওলোৱা নাই, কিয়নো ছাত্ৰ-ছাত্ৰীসকলে সমগ্ৰ ঘটনাৰ চিবিআই তদন্তৰ দাবীত অটল আছে।
চৰকাৰে দাবী কৰিছে যে তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ “৯৮ শতাংশ” দাবী মানি লৈছে, য’ত ১৪সংখ্যক জেপিএছচি পৰীক্ষা আৰু ২০২৩ তথা ২০২৫ চনৰ বেকলগ নিযুক্তি পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্তও অন্তৰ্ভুক্ত আৰু আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে। কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ মতে, তেওঁলোকে বাতিল কৰিব বিচৰা ১৩ টা পৰীক্ষাৰ ভিতৰত মাত্ৰ ৩ টাহে বাতিল কৰিবলৈ চৰকাৰ মান্তি হৈছে। জেপিএছচি-জেএছএছচি সংস্কাৰ মঞ্চৰ নেতা ৰবীন্দ্ৰ পাছোৱানে চিবিআই তদন্তৰ দাবীৰ পৰা পিছুৱাই নাযায় বুলি স্পষ্ট কৰি দিছে।
বৰ্তমানো ৬ জন প্ৰতিবাদকাৰীয়ে অনশন চলাই আছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিযুক্তি কেলেংকাৰীত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল। ইপিনে, মুখ্যমন্ত্ৰী ছোৰেনৰ বাসভৱনৰ বাহিৰত বিজেপি নেতাসকলেও প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে, চি আই ডিৰ জাননীৰ পিছতে কালি জেপিএছচিৰ তিনিগৰাকী সদস্যই পদত্যাগ কৰিছিল।





