• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

by
August 10, 2026 5:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিযুক্তি পৰীক্ষাৰ সংস্কাৰৰ দাবীত ঝাৰখণ্ড বিধানসভা ঘেৰাও কৰিবলৈ যোৱা প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে আজি লাঠীচালনা কৰাৰ লগতে পানী হিলৈ আৰু কন্দুৱা গেছ প্ৰয়োগ কৰে। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে “লাঠীৰ পৰিৱৰ্তে আলোচনাৰেহে সমস্যা সমাধান হ’ব” বুলি কোৱাৰ পিছতো আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীৰ ওপৰত এনে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

 

Apply Now

নিযুক্তি পৰীক্ষাত হোৱা অনিয়মৰ অভিযোগত ৰাজ্যিক চি আই ডিয়ে ঝাৰখণ্ড লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ এল ছিয়াংটেক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, যোৱা ২২ জুলাইত তেওঁ নিজ পদৰ পৰা পদত্যাগ কৰিছিল। হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে বিধানসভালৈ সমদল উলিয়াবলৈ ৰাঁচীত উপস্থিত হোৱাৰ সময়তে এই ঘটনা ঘটিছে।

 

অনশনত বহা ছাত্ৰ নেতা দেৱেন্দ্ৰ নাথ মাহতোও এই সমদলত অংশগ্ৰহণ কৰিছিল, যাক আৰক্ষীয়ে পৰৱৰ্তী সময়ত আটক কৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ পানী হিলৈ ব্যৱহাৰ কৰাৰ সময়ত একাংশ ছাত্ৰই পানীৰ সোঁতৰ সন্মুখতে নাচিবলৈ আৰম্ভ কৰে, যিয়ে পাটনাত হোৱা ‘নিট’ প্ৰতিবাদৰ দৃশ্য সোঁৱৰাই দিয়ে।

 

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে পুৱাই ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা ৰে’ল, বাছ আৰু অন্যান্য বাহনেৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আহি ৰাজধানীত উপস্থিত হৈছিল। আইন-শৃংখলা জনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে চহৰখনৰ প্ৰধান চ’ক আৰু স্পৰ্শকাতৰ স্থানসমূহত বেৰিকেড স্থাপন কৰিছে। বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়েন কৰাৰ লগতে ৰাঁচীৰ বেছিভাগ বিদ্যালয় আজি বন্ধ ৰখা হৈছে। ছাত্ৰ-ছাত্ৰীৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰিবলৈ জিলাৰ সীমান্ত আৰু ঘাইপথসমূহত আৰক্ষীয়ে বাছ আৰু ব্যক্তিগত বাহনসমূহত তালাচী চলায়।

 

জেপিএছচি আৰু জেএছএছচিৰ নিযুক্তি পৰীক্ষাত প্ৰশ্নপত্ৰ ফাঁচ হোৱা ঘটনাই হৈছে এই প্ৰতিবাদৰ মূল কাৰণ। যোৱা ১৬ দিন ধৰি চলি থকা এই আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে গঠন কৰা পেনেল আৰু আন্দোলনকাৰীৰ মাজত কেইবালানিও আলোচনা ব্যৰ্থ হোৱাৰ পিছতে আজিৰ এই সমদল উলিওৱা হয়। কালি অনুষ্ঠিত ষষ্ঠ লানি আলোচনাৰ পাছতো কোনো সমাধান সূত্ৰ ওলোৱা নাই, কিয়নো ছাত্ৰ-ছাত্ৰীসকলে সমগ্ৰ ঘটনাৰ চিবিআই তদন্তৰ দাবীত অটল আছে।

 

চৰকাৰে দাবী কৰিছে যে তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ “৯৮ শতাংশ” দাবী মানি লৈছে,  য’ত ১৪সংখ্যক জেপিএছচি পৰীক্ষা আৰু ২০২৩ তথা ২০২৫ চনৰ বেকলগ নিযুক্তি পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্তও অন্তৰ্ভুক্ত আৰু আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে। কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ মতে, তেওঁলোকে বাতিল কৰিব বিচৰা ১৩ টা পৰীক্ষাৰ ভিতৰত মাত্ৰ ৩ টাহে বাতিল কৰিবলৈ চৰকাৰ মান্তি হৈছে। জেপিএছচি-জেএছএছচি সংস্কাৰ মঞ্চৰ নেতা ৰবীন্দ্ৰ পাছোৱানে চিবিআই তদন্তৰ দাবীৰ পৰা পিছুৱাই নাযায় বুলি স্পষ্ট কৰি দিছে।

 

বৰ্তমানো ৬ জন প্ৰতিবাদকাৰীয়ে অনশন চলাই আছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিযুক্তি কেলেংকাৰীত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল। ইপিনে, মুখ্যমন্ত্ৰী ছোৰেনৰ বাসভৱনৰ বাহিৰত বিজেপি নেতাসকলেও প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে, চি আই ডিৰ জাননীৰ পিছতে কালি জেপিএছচিৰ তিনিগৰাকী সদস্যই পদত্যাগ কৰিছিল।

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

পদাৰ্থ বিজ্ঞানৰ জগতত ভাৰতৰ বিশেষ গৌৰৱ, ষ্টীফেন হকিন্সৰ দৰেই ডিৰাক পদকেৰে সন্মানিত অধ্যাপক দীপক ধৰ

পদাৰ্থ বিজ্ঞানৰ জগতত ভাৰতৰ বিশেষ গৌৰৱ, ষ্টীফেন হকিন্সৰ দৰেই ডিৰাক পদকেৰে সন্মানিত অধ্যাপক দীপক ধৰ

August 10, 2026 5:40 pm
ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

August 10, 2026 5:00 pm
উজনি অসমৰ প্ৰলয়ংকাৰী বান: চৰকাৰৰ বিফলতা ঢাকিবলৈ ‘ডাৱৰ বিস্ফোৰণ’ৰ ভুৱা দাবী, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৬ সংগঠনৰ

উজনি অসমৰ প্ৰলয়ংকাৰী বান: চৰকাৰৰ বিফলতা ঢাকিবলৈ ‘ডাৱৰ বিস্ফোৰণ’ৰ ভুৱা দাবী, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৬ সংগঠনৰ

August 10, 2026 3:25 pm
দুৰ্নীতি: যেতিয়া ক্ষমতাই নিজৰ সেৱা কৰিবলৈ আৰম্ভ কৰে

দুৰ্নীতি: যেতিয়া ক্ষমতাই নিজৰ সেৱা কৰিবলৈ আৰম্ভ কৰে

August 10, 2026 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদাৰ্থ বিজ্ঞানৰ জগতত ভাৰতৰ বিশেষ গৌৰৱ, ষ্টীফেন হকিন্সৰ দৰেই ডিৰাক পদকেৰে সন্মানিত অধ্যাপক দীপক ধৰ

পদাৰ্থ বিজ্ঞানৰ জগতত ভাৰতৰ বিশেষ গৌৰৱ, ষ্টীফেন হকিন্সৰ দৰেই ডিৰাক পদকেৰে সন্মানিত অধ্যাপক দীপক ধৰ

August 10, 2026 5:40 pm
ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

August 10, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd