ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেইমছত অসম গৌৰৱ হিমা দাসে আজি মহিলাৰ ৪০০ মিটাৰত ভাৰতৰ বাবে ৰূপৰ পদক অৰ্জন কৰাৰ লগে লগে সমগ্ৰ দেশৰ লগতে হিমাৰ গৃহ ভূমি ধিঙতো আনন্দ উল্লাসৰ বন্যা বয়।
আজি বিয়লি অনুষ্ঠিত ফাইনেল খেলত হিমাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম নহ’ল যদিও পুনৰ নিজৰ ব্যক্তিগত ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰি ৫০.৭৯ ছেকেণ্ডতে দৌৰ সামৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি দ্বিতীয় স্থানেৰে ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
প্ৰজেক্টৰ লগাই আজি হিমাৰ চোতালত খেল উপভোগ কৰিলে অঞ্চলবাসীয়ে। হিমাৰ সফলতাৰ পিছতে সকলোৱে আনন্দতে নাছি-বাগি উঠাৰ লগতে আতচবাজীৰে উদযাপন কৰিলে যেন আৱতৰীয়া দীপাৱলী। হিমাই সোণৰ পদক লাভ নকৰিলেও অকণো আক্ষেপ নাই তেওঁৰ পিতৃ-মাতৃৰ লগতে ধিংবাসী ৰাইজৰ।
হিমাৰ সফলতাত উৎফুল্লিত দেউতাক ৰঞ্জিত দাসে কয়, ‘হিমা যিহেতু অত্যন্ত দৃঢ় বিশ্বাসী, সেয়ে তাইৰ কথা মতেই কাম। হিমাই কেতিয়াও পদক লাভৰ আশাৰে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে। হিমাই দৌৰে সদায়ে টাইমিঙৰ পিছতহে। হিমাৰ সফলতাত আমি অত্যন্ত সুখী’। ইফালে মাতৃ জোনালী দাসেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আজিৰ ফলাফলক লৈও মই যথেষ্ট আনন্দিত হৈছো।
স্মৰ্তব্য যে, ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেইমছত প্ৰাৰম্ভিক প্ৰতিযোগিতাৰ বিপৰীতে ছেমিফাইনেলত পোনপটীয়াকৈ অংশ লৈ পূৰ্বৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড ভঙাৰ পিছত উচাহ-আনন্দই পাৰ ভাঙিছিল জন্মভূমি ধিঙত।
উল্লেখ্য যে হিমাৰ পিতৃ-মাতৃয়ে হিমাক এনেদৰেই সকলোকে মৰম আৰু আশীৰ্বাদ কৰিব যাবলৈ আহ্বান জনায়। অন্যহাতেদি হিমায়ো পুৱা পিতৃ-মাতৃলৈ ফোন কৰি তেওঁ বৰদৈচিলাৰ দৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব বুলিও কৈছিল। অৱশেষত হিমাই নিজৰ প্ৰতিশ্ৰুতি ৰাখি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।