• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ ই ৰিক্সাত নিষেধাজ্ঞা: মহকুমাধিপতিক স্মাৰক পত্ৰ, ১৯ ছেপ্তেম্বৰত হ’ব আলোচনা

ই ৰিক্সা ‘পৰিৱেশৰ বন্ধু বাহন’, এই সেৱা বন্ধ কৰাটো বোকাখাতৰ ৰাইজৰ ওপৰতে মাধমাৰ: জীপাল ই ৰিক্সা সন্থা

উত্তম শইকীয়া by উত্তম শইকীয়া
September 13, 2018 5:47 pm
bokakhat e rickshaw

প্ৰতিনিধিত্বমূলক ছবি। ফে’ছবুকৰ পৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ ৰাষ্ট্ৰীয় পথত ই ৰিক্সা চলাচলত বাধা আৰোপ কৰা প্ৰশাসনীয় নিষেধাজ্ঞা বাতিল কৰাৰ বাবে জীপাল ই ৰিক্সা সন্থাই বৃহস্পতিবাৰে মহকুমাধিপতিৰ সৈতে আলোচনাত মিলিত হৈ এক পাঁচদফীয়া স্মাৰক পত্র প্ৰদান কৰে৷

বিশ্বজুৰি যান-বাহনজাত প্ৰদূষণ মানৱ সভ্যতাৰ কাৰণে ভাবুকি হৈ উঠাৰ পৰত বেটাৰিচালিত ই ৰিক্সাক ‘পৰিৱেশৰ বন্ধু বাহন’ৰূপে অভিহিত কৰি সন্থাই কয় যে এই সেৱা বন্ধ কৰাটো বোকাখাতৰ ৰাইজৰ ওপৰতে মাধমাৰসদৃশ।

Apply Now

‘ই ৰিক্সাৰ ক্ষেত্ৰত বোকাখাতত প্ৰশাসনে আৰোপ কৰা বাধ্যবাধকতা সৰ্বসাধাৰণ জনতাৰ ওপৰতেই এক মাধমাৰ,’ প্ৰশাসনীয় নিষেধাজ্ঞাৰ ‘এক উচ্চস্তৰীয় তদন্ত’ দাবী কৰি স্মাৰক পত্ৰত মন্তব্য সন্থাৰ।

অহা ১৯ ছেপ্তেম্বৰত গোলাঘাট জিলাৰ পৰিবহণ বিষয়াৰ উপস্থিতিত বোকাখাত মহকুমা প্ৰশাসন, বোকাখাত আৰক্ষী আৰু ট্ৰেফিকৰ উপৰি বিদ্যুৎ বিভাগৰ বিষয়া, বিভিন্ন দল-সংগঠন, সাংবাদিক, জীপাল ই ৰিক্সা সন্থা আৰু বোকাখাত ই ৰিক্সা সন্থাক লৈ ই ৰিক্সা সন্দৰ্ভত এক আলোচনা অনুষ্ঠিত কৰাৰ বাবে মহকুমাধিপতিৰে হোৱা আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

১৯ ছেপ্তেম্বৰৰ আলোচনালৈকে বোকাখাতত ই ৰিক্সাসমূহক পূৰ্বৰ দৰেই চলাচল কৰাৰ অনুমতি দিয়াৰ বাবে মহকুমাধিপতিক অনুৰোধ জনোৱা হয়৷ সন্থাই বোকাখাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকো স্মাৰক পত্রৰ প্ৰতিলিপি প্ৰদান কৰে৷

মহকুমাধিপতিৰে হোৱা আলোচনাত জীপাল কৃষক শ্ৰমিক সংঘৰ সোণেশ্বৰ নৰহ, প্ৰণৱ দলে, পুতুল নৰহ আৰু জীপাল ই ৰিক্সা সন্থাৰ সদস্যসকল, বোকাখাত ই ৰিক্সা সন্থাৰ সভাপতি বিজয় কুটুমৰ লগতে ভাৰতীয় যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য আকাশ ফুকন  আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াও উপস্থিত আছিল৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd