• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰি : ৰাজ্যিক মহিলা আয়োগত দাখিল হোৱা নাই অভিযোগ

অনির্বাণ পাঠক by অনির্বাণ পাঠক
November 1, 2018 9:28 pm
Rajen-Gohain-768x489

কেন্ত্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰূদ্ধে উত্থাপিত মহিলাক যৌন নিৰ্যাতনৰ অভিযোগক লৈ ৰাজ্যত ব্যাপক চৰ্চা অব্যাহত আছে। এই ঘটনাৰ উচিত তদন্ত কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে।

কিন্তু তৎসত্বেও চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে এই ঘটনাৰ তদন্তৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। শাসকীয় দলৰ প্ৰভাৱশালী মন্ত্ৰী হোৱা হেতুকেই এই অভিযোগ এৰাই চলা বুলিও চৰ্চিত হৈছে।

Apply Now

গোহাঁইৰ বিৰুদ্ধে এই অভিযোগ সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগেও অৱলম্বন কৰি আছে সম্পূৰ্ণ নিৰৱতা। এই অভিযোগ বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

শইকীয়াই কয়, ‘’আমাৰ ৰাজ্যৰ মহিলা আয়োগে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। ৰাজ্যিক বিজেপিয়েও কোনো মতামত আগবঢ়োৱা নাই। তাৰ বিপৰীতে এক বোকা চটিওৱা ৰাজনীতি চলাই থকা দেখা গৈছে। কিন্তু এনেদৰে প্ৰকৃত সত্য প্ৰকাশ নাপায়। গতিকে ৰাজ্যিক মহিলা আয়োগে এই ঘটনাৰ তদন্তৰ বাবে চৰকাৰলৈ পৰামৰ্শ আগবঢ়াব লাগে।’’

শইকীয়াই এই ঘটনাৰ এক ন্যায়িক তদন্ত হ’ব লাগে বুলি কোৱাৰ লগতে এইক্ষেত্ৰত মহিলা আয়োগে আগভাগ ল’ব লাগে বুলিও মন্তব্য কৰে।

কিন্তু এই সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগৰ লগত যোগাযোগ কৰাত আয়োগৰ অধ্যক্ষা চিকিমিকি তালুকদাৰে কয়, ‘’আমি এতিয়ালৈ কাৰো পৰাই এই ঘটনাৰ অভিযোগ লাভ কৰা নাই। গতিকে কোনো অভিযোগ নোপাৱাকৈ আমি নিজে এইক্ষেত্ৰত আগবাঢ়িব নোৱাৰো। কোনোবাই যদি আমাৰ ওচৰত অভিযোগ দাখিল কৰে তেতিয়া বিষয়টো নিশ্চয়কৈ বিবেচনা কৰা হ’ব।’’

মনকৰিবলগীয়া যে, এই ঘটনাৰ পাছত মন্ত্ৰী গোঁহাইৰ বিৰুদ্ধে নিৰ্য্যাতিতা মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে গোচৰ তৰিছিল যদিও মন্ত্ৰীজনৰ মানুহৰ ভয়-ভাবুকিত গোচৰটো উঠাই লৈছিল বুলি বিভিন্নজনৰ বক্তব্যত প্ৰকাশ পাইছিল।

ইপিনে, শেহতীয়াভাৱে মহিলাগৰাকীৰ স্বামীয়ে মন্ত্ৰীজনৰ বিৰুদ্ধে পুনৰ গোচৰ চলাই যাম বুলি ঘোষণা কৰাৰ পাছতে স্থানীয় লোকে ৩০ অক্টোবৰত নিৰ্য্যাতিতাৰ ঘৰ ঘেৰাও কৰিছিল। আনকি মহিলাগৰাকীৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰাৰ লগতে অহা ১০ দিনৰ ভিতৰত স্বামী-স্ত্ৰীক উক্ত গাঁও ত্যাগ কৰাৰো দাবী জনায়।

মহিলাগৰাকীৰ লগতে পৰিয়ালটোৰ ক্ষেত্ৰত এনে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়ত এই ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰা দল-সংগঠন সমুহে ৰাজ্যিক মহিলা আয়োগৰ কাষ চপাৰো নিশ্চয়কৈ প্ৰয়োজন আছিল।

এই বিষয়ত কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাৰ লগত যোগাযোগ কৰাত তেওঁ কয়, ‘’আমি এই কথাটো চিন্তা কৰিছো। কাইলৈ আমি কেইবাটাও সংগঠনে ৰাজ্যিক মহিলা আয়োগত এক অভিযোগ দাখিল কৰিম।‘’

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত বৰ্তমানলৈ আগনবঢ়াৰ বিপৰীতে মহিলা আয়োগত অভিযোগ দাখিল হ’লে এইবাৰ তদন্তই কি ৰূপ লয় সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হ’ব।

অনির্বাণ পাঠক

অনির্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd