• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লুইতৰ বুকুৰে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত কাইলৈৰ পৰা চলিব ৰ’ ৰ’ জাহাজ

বিশাল আৰু আটকধুনীয়া ৰ’ ৰ’ জাহাজ এম ভি শংকৰদেৱত একেলগে যাব পাৰিব ২০০জন যাত্ৰী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 23, 2019 4:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লুইতৰ বুকুৰে নৌ-পথেৰে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত আহ-যাহ কৰা হাজাৰ হাজাৰ যাত্ৰীৰ বাবে অধিক সুচলতাৰ বাট মুকলি হোৱাৰ পথত। জলপথ ব্যৱহাৰকাৰীসকলৰ বাবে ইতিমধ্যে কলকাতাৰ পৰা গুৱাহাটী আহি পাইছে লুইতৰ বুকুত চলিব লগীয়া এখন ৰ’ৰ’ জাহাজ। ২৪ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটীৰ দুই পাৰৰ মাজত চলিব এম ভি শংকৰদেৱ নামৰ এই জাহাজখন।

ইয়াৰ উপৰি একেদিনাই চলাচল আৰম্ভ কৰিব আন তিনিখন সৰু জাহাজেও। সেইকেইখনৰ নাম আৰ পি এল পুঠিমাৰী, আৰ পি এল বুঢ়াদিয়া আৰু এম ভি বৰলীয়া।

Apply Now

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে ২৪ ফেব্ৰুৱাৰিত জাহাজকেইখনৰ যাত্ৰাৰ শুভাৰম্ভণি কৰিব। এই তথ্য অভ্যন্তৰীণ জল পৰিবহণৰ।

উল্লেখযোগ্য যে যোৱা বছৰৰ ৫ ছেপ্তেম্বৰত সংঘটিত নাও দুৰ্ঘটনাৰ পাছত অভ্যন্তৰীণ জলপৰিবহণ বিভাগে ব্ৰহ্মপুত্ৰত ভটভটী (যন্ত্ৰচালিত নাও)ৰ চলাচল বন্ধ কৰি দিছিল। ইয়াৰ পাছৰে পৰা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নাৱেৰে যাতায়াত কৰা যাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে।

আনহাতে, গুৱাহাটীৰ দুয়োটা পাৰৰ মাজত চলাচল কৰা ফেৰিসমূহ পুৰণি আৰু বহু ফেৰি বিকল হৈও গৈছে।

কিছুদিন পূৰ্বে গুৱাহাটীলৈ অনা এম শংকৰদেৱ নামৰ জাহাজখন ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ তত্ত্বাৱধানত এ চি ৰয় এণ্ড কোম্পানী নামৰ কলকাতাৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে। জাহাজখনৰ দৈৰ্ঘ্য ৫৭ মিটাৰ, প্ৰস্থ ১৫.২০ মিটাৰ আৰু ইয়াৰ অন্তৰ্ভাগ ৩ মিটাৰ দ।

অসম চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগে জানিবলৈ দিয়া মতে কেইবাকোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই জাহাজখনে ২০০জন যাত্ৰী আৰু ১২খন বোজাইভৰ্তি ট্ৰাক কঢ়িয়াব পাৰিব। জাহাজখনত ৪০০ বি এইচ্ছ পিৰ ২টা ইঞ্জিন আছে আৰু ই ঘণ্টাত ৯ কিল’ নট গতিত যাত্ৰা কৰিব পাৰিব।

এম ভি শংকৰদেৱৰ উপৰি দেওবাৰৰ পৰাই গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত চলিব লগীয়া আন তিনিখন জাহাজো ইতিমধ্যেই সাজু হৈ উঠিছে।

১.৯০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আৰ পি এল পুঠিমাৰী আৰু আৰ পি এল বুঢ়াদিয়া নামৰ জাহাজ দুখনৰ দৈৰ্ঘ্য ৩০ মিটাৰ আৰু প্ৰস্থ ০৭.৫০ মিটাৰকৈ। জাহাজ দুখনৰ প্ৰতিখনে এবাৰত ৫০জন যাত্ৰী আৰু ৪খন ভৰ্তি ট্ৰাকৰ সমপৰ্যায়ৰ ওজন পাৰাপাৰ হ’ব পাৰিব বুলি অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসে জানিবলৈ দিয়ে।

এম ভি বৰলীয়া নামৰ জাহাজখনেৰে ১২০জন যাত্ৰীৰ উপৰি ৭০-৮০খন দুচকীয়া বাহন ইপাৰ-সিপাৰ হ’ব পাৰিব বুলিও বিভাগৰ সঞ্চালকগৰাকীয়ে জনায়। ২৮ মিটাৰ দৈৰ্ঘ্য আৰু ১০ মিটাৰ প্ৰস্থৰ জাহাজখনৰ নিৰ্মাণ খৰচ ১.৮৬ কোটি টকা।

অৱশ্যে, জাহাজকেইখন কোনকেইটা ঘাটৰ মাজত চলিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই বুলি বিভাগে জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd