অলপতে নৰ্থ-ইষ্ট নাও-ত প্ৰকাশিত বাতৰিৰ সত্যতা প্ৰমাণ কৰি ম্যানমাৰস্থিত আলফা (স্বাঃ)ৰ শিবিৰসমূহলৈ সংকট আহিছে বুলি স্বীকাৰ কৰিছে বিদ্ৰোহী সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।
কেৱল আলফা (স্বাঃ)ৰ শিবিৰেই নহয়, এন ডি এফ বিকে ধৰি উত্তৰ-পূবৰ সকলো উগ্ৰপন্থী সংগঠনৰ শিবিৰসমূহ এই সংকটৰ সন্মুখীন হৈছে। অৱশ্যে ভূটানত ২০০৩ চনত চলা অপাৰেইশ্যন অল ক্লীয়াৰৰ নিচিনা পৰিস্থিতি সৃষ্টি হোৱা নাই বুলি সেনাধ্যক্ষজনৰ স্বীকাৰোক্তিত প্ৰকাশ।
বেচৰকাৰী খণ্ডৰ এটা নিউজ চেনেল নিউজ এইটিন অসম-নৰ্থ-ইষ্ট-অত আলফা (স্বাঃ) সেনাধ্যক্ষজনৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপ বুলি দাবী কৰি প্ৰচাৰ কৰা এটা অডিঅ’-ভিডিঅ’ত সেনাধ্যক্ষ বৰুৱাক এইদৰে কোৱা শুনা গৈছে।
লগতে পঢ়ক আলফা (স্বাঃ)ৰ বিৰুদ্ধে কঠোৰ বাৰ্মিজ আৰ্মি, নাগা বিদ্ৰোহীলৈ সুকীয়া শিবিৰ
আনহাতে ম্যানমাৰ সেনাৰ আক্ৰমণত সংগঠনটোৰ এজন সদস্য নিহত হোৱা বুলি ওলোৱা খবৰ “নিশ্চিত” বুলি ক’বলৈ অস্বীকাৰ কৰে সেনাধ্যক্ষজনে। তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ ‘শ শ কেডাৰৰ মাজত ক’ৰবাত কেনেবাকৈ এনেকুৱা এটা ঘটনা ঘটাটো অস্বাভাৱিক নহয়’ বুলিও মন্তব্য কৰে।
বাৰ্তালাপটোত বৰুৱাই অৰ্থনৈতিক কূটনীতিৰ বাবেই ম্যানমাৰে ইয়াৰ ভূমিত থাকি ভাৰতৰ বিৰুদ্ধে যুঁজ দি থকা উত্তৰ-পূবৰ সংগঠনবোৰৰ বিৰুদ্ধে অভিযান চলাব বুলি এটা নিশ্চিত শংকা প্ৰকাশ কৰে।
“অভিযান চলোৱাটো চলাব। কাৰণ ইয়াত অৰ্থনৈতিক কূটনীতি আছে, সৰু সৰু দেশবোৰৰ ক্ষেত্ৰত যিটো স্বাভাৱিক”, সেনাধ্যক্ষজনৰ মন্তব্য।
বাংলাদেশ আৰু ভূটানে সংগঠনটোৰ ওপৰত লোৱা ব্যৱস্থাৰ আঁৰতো অৰ্থনৈতিক কূটনীতি আছিল বুলি কয় বৰুৱাই।
“কিন্তু ভূটানত যিটো হৈছিল, ইয়াত সেইটো নহয়। ভূটানত ইণ্ডিয়ান আৰ্মি আৰু ভূটান ৰয়েল আৰ্মিয়ে আগভেটা দি আমাক ওলাব নোৱৰা কৰিছিল।” অপাৰেইশ্যন অল ক্লীয়াৰ-ৰ বিপৰ্য্যয় সুঁৱৰি বৰুৱাৰ অকপট স্বীকাৰোক্তি।
ম্যানমাৰত শেহতীয়াকৈ হোৱা অগ্ৰগতিৰ পৃষ্ঠভূমিত সংগঠনটো বিশেষ ক্ষতিৰ সন্মুখীন হোৱা নাই আৰু নেতা-কেডাৰসকলে পৰিস্থিতি চম্ভালি ল’বলৈ সক্ষম হৈ আছে বুলি দাবী কৰে পৌঢ় সেনাধ্যক্ষজনে।
”ম্যানমাৰৰ সৈতে সংঘাতৰ পৰা আঁতৰি থাকিব খোজো”,টেলিফোনিক বাৰ্তালাপটোত বৰুৱাই এইদৰেও কয়।