• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজৰ হেঁচাতহে পঞ্চায়তৰ নিযুক্তিৰ তদন্ত ঘোষণা ‘নিকা প্ৰশাসন’ৰ কথা কোৱা মুখ্য মন্ত্ৰীৰ : এল ডি পি

অনির্বান পাঠক by অনির্বান পাঠক
March 12, 2019 4:55 pm
IMG-20190312-WA0012

বেলতলাৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে এল ডি পিৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নিকা প্ৰশাসন’ৰ কথা কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ তিনিটা বছৰ সম্পূৰ্ণ নৌহওতেই এতিয়া দুৰ্নীতিৰ অভিযোগে ৰাজ্যত তোলপাৰ লগাইছে। শেহতীয়াভাৱে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগৰ মুখ্য মন্ত্ৰীয়ে এজন আমোলক তদন্তৰ দায়িত্ব দিয়েই দায় সাৰিব বিচৰা কাৰ্যই চৰ্চা লাভ কৰিছে।

তদুপৰি, ‘দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল’ নীতি লোৱা বুলি দাবী কৰি অহা মুখ্য মন্ত্ৰী সোণোৱাল প্ৰকৃততে দুৰ্নীতি বিৰোধী স্থিতিত কিমান অটল তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। কাৰণ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে উপায়হীন হৈহে এই তদন্তৰ ঘোষণা কৰা বুলি মন্তব্য কৰিছে লিবাৰেল ডেমক্ৰেটিক পাৰ্টি (এল ডি পি)য়ে।

Apply Now

মঙলবাৰে গুৱাহাটীৰ বেলতলাত থকা দলটোৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এল ডি পিৰ সভাপতি গুণ গগৈয়ে কয়, ‘ৰাইজৰ হেঁচাত পৰিহে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তদন্ত ঘোষণা কৰিছে। কিন্তু এই এজনীয়া তদন্ত কমিটিক ৰাইজে আশ্বাসত ল’ব পৰা নাই।‘

গুণ গগৈয়ে লগতে বিভাগটোত নিযুক্তিৰ প্ৰক্ৰিয়াত সংঘটিত অনিয়মৰ অভিযোগ চি বি আই বা উচ্চস্তৰীয় তদন্ত কৰাৰো দাবী কৰে। ইয়াৰ উপৰিও তদন্ত প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈ এই নিযুক্তি বাতিল কৰাৰো দাবী জনায়।

দলটোৱে লগতে স্বচ্ছ আৰু নিকা প্ৰশাসনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিত হোৱা দুৰ্নীতি আৰু স্বজন-তোষণে মিথ্যাচাৰী আৰু প্ৰৱঞ্চনাৰ স্বৰূপটো উদঙাই দিয়া বুলিও মন্তব্য কৰে।

ইপিনে, ৯৪৫ টা পদৰ বিপৰীতে প্ৰায় ১ লাখ ৮০ হাজাৰ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাটোত সংঘটিত হোৱা খেলিমেলিৰ পাছত চি আই ডিৰ তদন্তত কেতবোৰ বিসংগতিৰ তথ্য প্ৰকাশ পাইছিল। কিন্তু সেই সমূহক আওকান কৰি বিভাগটোৱে ফলাফল ঘোষণা আৰু নিযুক্তি প্ৰদান কৰা কাৰ্যৰো এল ডি পিয়ে বিৰোধিতা কৰে।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd