• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টালি-টোপোলা বান্ধিবলৈ আৰু এগৰাকী বাংলাদেশী অভিনেতাক নিৰ্দেশ ভাৰত চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2019 8:05 pm
tv-serial-rani-rashmoni-shooting-at-dakshineswar Another Bangladesh actor asked to leave India

সহ অভিনেত্ৰীৰ সৈতে নুৰ। ছবি সৌজন্য-- Zee News।

1.5k
VIEWS
Share on FacebookShare on Twitter

ফাৰ্দৌছ আহমেদৰ পিছত আন এজন বাংলাদেশী অভিনেতা গাজি আব্দুন নুৰক ভাৰতৰ পৰা টালি-টোপোলা বান্ধিবলৈ নিৰ্দেশ দিয়া হৈছে।

ক’লকাতাত এখন নিৰ্বাচনী সভাত ভাগ লোৱা বাবে অভিনেতাজনৰ বিজিনেছ ভিজা বাতিল কৰা হৈছে আৰু তেওঁক ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হৈছে।

অৱশ্যে অভিনেতা দুজনৰ বিৰুদ্ধে কঠোৰ আৰু তাৎক্ষণিক পদক্ষেপৰ বিপৰীতে বিজেপিৰ হৈ প্ৰচাৰ চলোৱা বাংলাদেশৰ শীৰ্ষ জনজাতি নেতা চান্তু লামাৰ বিৰুদ্ধে এতিয়াও লোৱা হোৱা নাই কোনো ব্যৱস্থা। উত্তৰ আৰু দক্ষিণ বংগৰ জনজাতি-অধ্যুষিত অঞ্চলত গেৰুৱা দলটোৰ হৈ লামাই প্ৰচাৰ চলাইছে।

জি বাংলা টিভি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক “ৰানি ৰচমনি”ত ৰাজা চাহেব চৰিত্ৰত নুৰে অভিনয় কৰিছিল। কিন্তু ধাৰাবাহিকখনত ইতিমধ্যে ৰাজা চাহেবৰ মৃত্যু ঘটিছে— গতিকে নুৰৰ অনুপস্থিতিয়ে জনপ্ৰিয় ধাৰাবাহিকখনৰ কোনো ক্ষতি নকৰে।

দমদম সমষ্টিৰ সাংসদ, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ নেতা সৌগত ৰয়ৰ এক নিৰ্বাচনী সভাত যোৱা সপ্তাহত নুৰে অংশ লোৱা বুলি অভিযোগ উত্থাপিত হৈছিল।

লগতে পঢ়ক– তৃণমূল প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা বাংলাদেশী অভিনেতাক “ভাৰত ত্যাগ”ৰ নিৰ্দেশ

কিন্তু নুৰে জনোৱা মতে তেওঁ মাত্ৰ তৃণমূল নেতা মদন মিত্ৰৰ গাড়ীত গৈছিল আৰু কোনো নিৰ্বাচনী সভাত যোগ দিব বুলি তেওঁৰ কোনো ধাৰণা নাছিল।

নুৰ আৰু ফাৰ্দৌছ দুয়োৱে তেওঁলোকৰ “ভুল” মাফ কৰি দিয়াৰ বাবে ভাৰতীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছে। নিৰ্বাচনী কাম-কাজত অংশগ্ৰহণ তেওঁলোকৰ বিজিনেছ ভিজা চৰ্তৰ নিশ্চিত উলংঘন।

“পৰিণামৰ উমান নোপোৱাকৈ এই কাম কৰা বাবে মই ভীষণ দুঃখিত। মই মোৰ সতীৰ্থ স্থানীয় অভিনেতাসকলৰ অনুৰোধ অগ্ৰাহ্য কৰিব লাগিছিল। কিন্তু মই আৱেগিক হ’লো,” সহ অভিনেত্ৰী পায়েল চৰকাৰৰ অনুৰোধত সভালৈ যোৱা বুলি উল্লেখ কৰি ফাৰ্দৌছৰ মন্তব্য।

অনাহূত বিতৰ্কত সাঙোৰ খোৱা দুয়োজন অভিনেতাকে ক’লকাতাস্থিত বাংলাদেশ উপ উচ্চায়ুক্তই কথা শুনাইছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd