• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৃত্যু ভয়ে “থমাইছে” অসমৰ হস্তীৰ গুজৰাট যাত্ৰা

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 19, 2019 6:21 pm
Fear of deaths make Gujarat journey “edgy” for Assam elephants

আহমেদাবাদলৈ যাবগৈ লগা বাবুলাল নামৰ হাতীটো। ছবি-- নৰ্থ-ইষ্ট নাও।

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা গুজৰাটলৈ চাৰিটা হাতীৰ পৰিবহণক লৈ সৃষ্ট বিতৰ্কৰ মাজতে, যাত্ৰাকালত জন্তুকেইটাৰ স্বাস্থ্য সন্দৰ্ভত বনপ্ৰেমীসকলে অৱতাৰণা কৰিছে গুৰুতৰ প্ৰশ্নৰ।

উত্তৰ ভাৰতৰ প্ৰাণঘাতী গ্ৰীষ্মপ্ৰৱাহৰ মাজতে উজনি অসমৰ তিনিচুকীয়াৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ হাতীকেইটা পৰিবহণৰ বাবে অসমৰ বন বিভাগে অনুমতি দিছিল।

Apply Now

হাতী চাৰিটাৰ পৰিবহণৰ দায়িত্ব বৰ্তমান উত্তৰ-পূব সীমান্ত ৰে’লৱে’ক দিয়া হৈছে।

কিন্তু যাত্ৰাকালত হাতী চাৰিটাৰ স্বাস্থ্যৰ দায়িত্ব গ্ৰহণত– দেখাত এতিয়াও– সম্পূৰ্ণ ধূসৰতাই বিৰাজ কৰিছে।

বনপ্ৰেমী কৰ্মীসকলৰ মতে, তিনিচুকীয়াৰ পৰা আহমেদাবাদলৈ ৩,১০০ কিঃ মিঃৰ সুদীৰ্ঘ যাত্ৰা হাতী চাৰিটাৰ বাবে অতি ৰিস্কি হ’ব পাৰে।

“যদি যাত্ৰাকালত কোনো এটা হাতী মৃত্যুমুখত পৰে, তাৰ দায়িত্ব কোনে ল’ব?” উদ্ধৃতিত নাম উল্লেখৰ অনুমতি নিদিয়া এগৰাকী বনপ্ৰেমীৰ মন্তব্য।

যাত্ৰাকালত হাতীকেইটাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দায়িত্ব কাৰ হ’ব— হাতী মালিকৰ নে জগন্নাথ মন্দিৰৰ?

বা, যাত্ৰাকালত হাতীৰ মৃত্যুৰ দায়িত্ব ল’বলৈ অসম বা গুজৰাটৰ বন বিভাগ সাজুনে?

নিখুঁত স্বাস্থ্য লৈ হাতীকেইটাই আহমেদাবাদ পাবগৈ বুলি লগত যাব লগা পশু চিকিৎসককেইজনে নিশ্চয়তা দিব পাৰিব নে?

আৰু, হাতী পৰিবহণৰ ক্ষেত্ৰত এন এফ ৰে’লৱে’ দক্ষনে? আহমেদাবাদত হাতীকেইটা নিখুঁতভাৱে উপস্থিত হ’বগৈ বুলি তিনিচুকীয়াৰ মাণ্ডলিক ৰে’লৱে’ প্ৰবন্ধকে কোনো ৰকমৰ এক লিখিত প্ৰতিশ্ৰুতি দিবনে?

খবৰ মতে, হাতী পৰিবহণৰ কাৰণে এন এফ ৰে’লৱে’ৰ বাতানুকূলিত কোনো বিশেষ ডবা নাই। জন্তুকেইটাক আধা-মুকলি ডবাতে পঠোৱাৰ সম্ভাৱনা।

হাতীকেইটাৰ কাৰণে যাত্ৰাটো খুব বিপদসংকুল হ’ব; তাৰ প্ৰথম কাৰণটোৱে হ’ল, উত্তৰ ভাৰতৰ শুকান আৰু গৰম বতৰৰ সৈতে সিহঁতৰ কোনো পৰিচয় নাই।

দ্বিতীয়তে, দূৰণিবটীয়া ৰে’লৰ দ্ৰুতগতিৰ সৈতে হাতীকেইটাই মোকাবিলা কৰিব নোৱাৰিব পাৰে।

যাত্ৰাকাল কমোৱাৰ বাবে অসমৰ বন বিভাগৰ বিষয়াই তিনিচুকীয়াৰ পৰা যোৱা এখন যাত্ৰীবাহী ৰে’লত হাতী নিবলগীয়া ডবাকেইটা সংযোগ কৰিব খুজিছে।

হাতী কঢ়িওৱা ডবাকেইটা খুব সম্ভৱ অৱধ-আচাম বা ব্ৰহ্মপুত্ৰ মে’ইলৰ সৈতে তিনিচুকীয়াত সংযোজন কৰা হ’ব।

কাতিহাৰ ষ্টে’চন পাৰ হোৱাৰ পিছত সকলো ৰে’লেই ঘণ্টাত ১০০ কিঃ মিঃতকৈ অধিক বেগত গতি কৰে।

ৰে’লৱে’ কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে হাতী পৰিবহণৰ বাবে যাত্ৰীবাহী ৰে’লৰ গড় গতি হ্ৰাস কৰিব পৰা নাযাব।

তৃতীয়তে, আৰু এটা আশংকা হৈছে— ভয়বিহ্বল হাতীকেইটাই শুৰেৰে ৰে’লপথৰ ওপৰৰ বৈদ্যুতিক তাঁৰত চোৱাৰ চেষ্টা কৰিব পাৰে, আৰু ফলত বিদ্যুৎস্পৃষ্ট হ’বলগীয়া হ’ব পাৰে।

চতুৰ্থতে, পশু চিকিৎসক আৰু পৰিচাৰকসকলে যাত্ৰাকালত হাতীকেইটা চোৱা-চিতা কৰিবলৈ পৰ্য্যাপ্ত সময় নাপাব পাৰে।

ষ্টে’চনত যাত্ৰীবাহী ৰে’ল থমাৰ সময় দুইৰ পৰা তিনি মিনিট, তেওঁলোক নামি গৈ হাতী থকা বিশেষ ডবাটো পোৱালে ৰে’ল হয়টো যাবৰ হ’ব!

লগতে পঢ়িবলৈ ক্লিক কৰক– প্ৰাণঘাতী গৰমত বিধি উলংঘনেৰে গুজৰাটলৈ নিব খোজা হৈছে অসমৰ চাৰিটাকৈ হাতী

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd