• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ পুনৰীক্ষণ : প্ৰতীক হাজেলাক সকীয়নি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 26, 2019 4:39 pm
Bijon Mohajon Press Meet

ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদমেলত বিজেপিৰ মুখপাত্ৰত্ৰয়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো মইমতালিৰে পৰিচালনা কৰিছে বুলি অভিযোগ তুলি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আজি সংবাদমেল দি আক্ৰমণ কৰে বিজেপিৰ মুখপাত্ৰ বিজন মহাজনে।

“কোনো বিষয়াই নিজাববীয়াকৈ এন আৰ চি প্ৰক্ৰিয়া চলাব নোৱাৰে” বুলি মন্তব্য কৰি মহাজনে হাজেলাক প্ৰশ্ন কৰে, “উচ্চতম ন্যায়ালয়ে হুকুম নিদিয়াকৈ কেনেকৈ হাজেলাই ২৭ শতাংশ লোকৰ পুনৰীক্ষণ কৰিলে?”

Apply Now

উল্লেখ কৰা প্ৰয়োজন যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই অলপতে উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত নামৰ ২৭ শতাংশৰ পুনৰীক্ষণ কৰা হ’ল বুলি তথ্য দিছিল।

ইয়াৰ পিছতে যোৱা ২৩ জুলাইত উচ্চতম ন্যায়ালয়ে খচৰাত অন্তৰ্ভুক্ত নামৰ পৰা ২০ শতাংশৰ যাদৃচ্ছিক পুনৰীক্ষণ (random sample re-verification)ৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জনোৱা আৱেদন নাকচ কৰিছিল।

২৭ শতাংশৰ পুনৰীক্ষণ হৈ গ’ল বুলি হাজেলাই দিয়া তথ্যক ভিত্তি কৰি শীৰ্ষ আদালতখনে কৈছিল, “We do not consider it necessary to accede to the prayers for a further sample verification as prayed for on behalf of the Union of India and the State of Assam.”

এই অগ্ৰগতিৰ পিছতে ৰাজ্যিক বিজেপি খৰ্গহস্ত হৈ পৰে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ ওপৰত।

লগতে পঢ়ক প্রতীক হাজেলাৰ স্থিতি সন্দেহজনক : বিজেপি

আদালতৰ দ্বাৰা নিৰাশ হোৱা বিজেপিয়ে ২৪ জুলাইত হেঙেৰাবাৰীৰ ৰাজ্যিক কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰি বিষয়টোত পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰিছিল। আলোচনাৰ অন্তত প্ৰতীক হাজেলাক সমালোচনা কৰি এটা বিবৃতি প্ৰকাশ কৰিছিল নেতৃত্বই।

ইয়াৰ দুদিন পিছতে আজি পুনৰ দলটোৰ এজন মুখপাত্ৰ মহাজনে হেঙেৰাবাৰীৰ কাৰ্য্যালয়ত প্ৰতীক হাজেলাক সমালোচনাৰে সংবাদমেল দিয়ে।

মহাজনৰ প্ৰশ্ন, “হাজেলাই কেনেকৈ প্ৰাপ্ত ৩৬লাখ দাবী আৰু ২লাখ অভিযোগ উচ্চতম ন্যায়ালয়ত দাখিল কৰিবলৈ গৈ মুঠ ৮০লাখ মানুহৰ স্বয়ংক্ৰিয় পুনৰীক্ষণ হৈ গৈছে বুলি উচ্চতম ন্যায়ালয়ক জনালে?”

তেওঁ লগতে কয়, “২৮/০৮/২০১৮-ত উচ্চতম ন্যায়ালয়ে হাজেলাক প্ৰশ্ন কৰিছিল যে ১০ শতাংশ পুনৰীক্ষণৰ বাবে কিমান সময় লাগিব আৰু কি কি তথ্য দিব পাৰিব? কিন্তু হাজেলাই নথি-পত্ৰ দাখিল কৰিলে নে নাই আমি আজিও অৱগত নহয়।”

তেওঁ এন আৰ চিত এজনো যদি বিদেশী সোমায়, তেন্তে প্ৰতীক হাজেলা দায়ী হ’ব বুলি মন্তব্য কৰে।

“ৰাইজে নজনাকৈ একো কাম হ’ব নোৱাৰে। হাজেলাই ৰাইজক জনাওক “automatic reverification কি? এইটো কেতিয়া আৰম্ভ কৰিছিল আৰু কেতিয়া শেষ কৰিছিল। ত্ৰুটিৰ পৰিমাণ ৰাইজক অৱগত কৰক।”, মহাজনে কয়।

“হাজেলাৰ এই কাম গৰিহণাৰ যোগ্য” বুলি কৈ মহাজনে প্ৰশ্ন কৰে, “তেওঁ ন্যায়পালিকাৰ ঊৰ্ধ্বত নেকি?”

সাম্প্ৰতিক অসমে বিদেশীৰ বোজা লৈ ককবকাই আছে বুলি দাবী কৰি মহাজনে এন আৰ চিখনক অসমীয়া জাতিৰ আয়ুসৰেখা আখ্য দিয়া।

সংবাদমেলত ৰাজ্যিক বিজেপিৰ আন এজন মুখপাত্ৰ মমিনুৰ আৱাল, মিডিয়া কোষৰ দেৱান ধ্ৰুৱজ্যোতি মৰল আৰু আন এজন মুখপাত্ৰ অমিয় ভূঞাও উপস্থিত আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd