লখিমপুৰত সংঘটিত এক হৃদয় বিদাৰক দুৰ্ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
কালি অৰ্থাৎ মঙলবাৰে লখিমপুৰ জিলাৰ বান্দৰদেৱাত নিজৰেই বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ এগৰাকী যুৱতীয়ে এটা পথ দুৰ্ঘটনাত পতিত হৈ নিজৰ প্ৰাণ হেৰুৱাব লগীয়া হয়। নিহত যুৱতী গৰাকী মৃদুস্মিতা হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে বিয়াৰ নিয়ন্ত্ৰণ দিবলৈ যোৱা অৱস্থাত পিছফালৰ পৰা এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে নিহত হয় মৃদুস্মিতা হাজৰিকা নামৰ যুৱতী গৰাকী। একেটা দুৰ্ঘটনাতে মইনা কটকী নামৰ আন এজন যুৱকেও প্ৰাণ হেৰুৱা লগীয়া হয়।
আনহাতে ১০ অক্টোবৰত বিয়াৰ দিন নিৰ্ধাৰণ কৰা যুৱতী গৰাকীয়ে এনেদৰে নিজৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ দ্ৰুত বেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱালগীয়া হোৱা ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। লগতে এই কথাতে স্থানীয় লোক সকল ক্ষোভিত হৈ পৰিছে।
ফলত স্থানীয় লোকসকলে পথ অৱৰোধ কৰি অঞ্চলটোত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি ইমানেই জটিল হৈ পৰে যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে শূন্যলা গুলী চালনা কৰিব লগীয়া হয়।