দিপাৱলীৰ প্ৰাকক্ষণত দুধনৈত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত প্ৰাণ গ’ল এটি কিশোৰৰ ৷ দুই নং শান্তিপুৰত সংঘটিত হৈছে মৰ্মান্তিক দুৰ্ঘটনাটো৷
ৰাতিপুৱা ৰে’ল পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত কিশোৰটিক এখন তীব্ৰবেগী ৰে’লে মহটিয়াই নিয়ে ৷ ফলত থিতাতে নিহত হয় বিশাল বৰ্মন নামৰ কিশোৰটিৰ ৷
লগতে পঢ়ক: ৰংজুলিত বহু হেক্টৰ ভূমিৰ ধাননি খাই তহিলং কৰিলে বন্যহস্তীয়ে; মূৰে-কপালে হাত কৃষকৰ
ৰে’লৰ খুন্দাত ছিন্ন-ভিন্ন হৈ পৰে কিশোৰটিৰ দেহ ৷ ঘটনাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱাৰপাৰা অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
দিপাৱলীৰ প্ৰাকক্ষণত কিশোৰটিৰ এনে অকাল মৃত্যুত সমগ্ৰ দুধনৈ অঞ্চলত শোকৰ ছাঁ পৰিছে।