• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ব্যাঘ্ৰ প্ৰকল্প সফল হ’বনে?

দ্বিপেন কাকতি by দ্বিপেন কাকতি
April 24, 2023 12:36 pm
ফটো সৌজন্য: পিআইবি।

ফটো সৌজন্য: পিআইবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰ্থনৈতিক বিকাশ বনাম পৰিৱেশ সুৰক্ষা–দুয়োটাৰে মাজত এক ধৰণৰ চিৰাচৰিত বৈৰিতা আছে৷ কাৰণ আধুনিক প্ৰযুক্তি প্ৰয়োগেৰে অৰ্থনীতিক বিকশাই তুলিবলৈ যাওঁতে পৰিৱেশৰ ওপৰত দুষ্প্ৰভাৱ পৰাটো অপৰিহাৰ্য কথা৷ প্ৰকৃতিক ধ্বংস নকৰাকৈ শিল্পায়নৰ দিশত আগবঢ়া সম্ভৱ নহয়৷ যিমানে বেছি উদ্যোগীকৰণ কৰা যাব, সিমানে বেছি প্ৰকৃতি ধ্বংস হ’ব৷ খনিজাত পণ্য নিষ্কাশনৰ বাবে নগৰীকৰণ অথবা নগৰ সম্প্ৰাসৰণৰ বাবেও প্ৰকৃতিৰ ধ্বংস অপৰিহাৰ্য৷ প্ৰকৃতি যিমানে ধ্বংস কৰা হয়, জীৱকুলৰ বাসস্থান আৰু খাদ্যৰ অভাৱো সিমানেই বৃদ্ধি পায়৷

যোৱা অন্ততঃ ছয়-সাতটা শতিকা ধৰি মানৱ জাতিয়ে উন্নয়নৰ বাবে বন-জংঘল কাটি বনাঞ্চলৰ পৰিসৰ কিমান সংকুচিত কৰি আনিলে, আজিৰ তাৰিখত তাক কল্পনা কৰাও কঠিন৷ তাৰ ফলত কিমান জীৱ-জন্তুৰ বিলুপ্তি ঘটিল, তাৰো কোনো হিচাপ নাই৷ কেৱল সেয়ে নহয়, শিল্পায়ন আৰু জনবিস্ফোৰণৰ কাৰণে বায়ু, পানী আদিও প্ৰদূষিত হৈছে৷ জল-বায়ু প্ৰদূষণৰ বাবেও লাখ লাখ জীৱ-জন্তু মৃত্যুৰ মুখত পৰি আহিছে৷ বহুতো প্ৰজাতি চিৰদিনৰ বাবে লোপ পাইছে৷

ফটো: সংগ্ৰহীত।

শিল্প আৰু গাড়ী-মটৰ, ফ্ৰীজ, এচি আদি অত্যাধুনিক প্ৰযুক্তিৰ যিমান সামগ্ৰী বজাৰলৈ আহি আছে, এই সকলোবিলাকে পৃথিৱীৰ বায়ুমণ্ডল আৰু জলৰাশিক ক্ৰমাৎ বেছিকৈ প্ৰদূষিত কৰি গৈ আছে৷ জল আৰু বায়ু প্ৰদূষণৰ বাবে প্লাষ্টিকৰ বৰ্জ্য পদাৰ্থবিলাকো বহু পৰিমাণে জগৰীয়া৷ এইবিলাকৰ কুপ্ৰভাৱ সমস্ত জীৱকুলৰ ওপৰতে পৰিছে৷ কেৱল জীৱকুলেই নহয়, বন-বিৰিখকো এইবিলাকে আক্ৰান্ত কৰিছে৷ এই আটাইবিলাকেই অৰ্থনৈতিক বিকাশৰ অনিবাৰ্য কুফল৷

Apply Now

ইয়াৰ মাজতো সিদিনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখেদি এষাৰ আশাব্যঞ্জক কথা নিৰ্গত হৈছিল৷ কৈছিল–তেখেতে অৰ্থনৈতিক বিকাশ আৰু পৰিৱেশৰ মাজত এটা সন্তুলন ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে৷ উল্লেখ্য, বিশ্বৰ দহখন প্ৰদূষিততম দেশৰ ভিতৰত ভাৰতবৰ্ষও এখন৷ তেনে এক পৰিস্থিতিত, আমি যদি পৰিৱেশৰ পুনৰ্বাসনৰ বাবে সন্তোষজনক পদক্ষেপ ল’ব পাৰো, তাতকৈ সুখৰ কথা কি হ’ব পাৰে? কিন্তু, “It is easier said than done.” কথাষাৰ শ্ৰুতিমধুৰ ঠিকেই, কিন্তু প্ৰচুৰ কষ্টসাধ্য৷ আচলতে দুঃসাধ্য বুলি ক’লেও অত্যুক্তি কৰা নহয়৷ কাৰণ অৰ্থনৈতিক বিকাশ আৰু পৰিৱেশৰ মাজত এক অহিনকুল সম্পৰ্ক আছে৷

ফটো: সংগ্ৰহীত।

সি যি কি নহওক, প্ৰধান মন্ত্ৰীয়ে কথাষাৰ উল্লেখ কৰিছিল আমাৰ দেশত বাঘ জৰীপৰ পৰিসংখ্যাত দৃষ্টি ৰাখি৷ মাহদিয়েক আগতে ভাৰতৰ বনাঞ্চলত চাৰি বছৰীয়া বাঘ জৰীপ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল৷ এই জৰীপত ভাৰতৰ বাঘৰ সংখ্যা ২,৯৬৭ৰ পৰা বৃদ্ধি হৈ ৩,১৬৭ হৈছেগৈ৷ এইটো নিশ্চয় আশাব্যঞ্জক কথা৷ এই সংখ্যা বিশ্বৰ মুঠ বাঘৰ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ৷ প্ৰধান মন্ত্ৰীয়ে ৯৭ খন দেশেৰে গঠিত “ইণ্টাৰনেচনেল বিগ কেট এলায়েন্স”ৰ প্ৰসংগও উল্লেখ কৰিছিল৷ এই সংস্থাটোৱে সাত বিধ বাঘৰ সুৰক্ষা আৰু সিহঁতৰ জনসংখ্যা বৃদ্ধিৰ বাবে যাৱতীয় উদ্যোগ লোৱাৰ কথা৷ সেই সাত বিধ বাঘ হ’ল–ঢেকীয়াপতীয়া, নাহৰফুটুকী, জাগুৱাৰ,  সিংহ, তুষাৰফুটুকী, চিতা আৰু মাকৰী বাঘ৷

এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে ব্যাঘ্ৰ সুৰক্ষাৰ জৰিয়তে বাঘৰ জনসংখ্যা বৃদ্ধি হোৱাটো আত্মসন্তুষ্টিৰ কাৰণ হ’ব নালাগে৷ কাৰণ সন্মুখত প্ৰত্যাহ্বান অনেক৷ কোৱা বাহুল্য, জৰীপৰ যোগেদি আন কেতবোৰ উদ্বেগজনক তথ্যও উদ্ভাসিত হৈছে৷ জৰীপত দেখা গৈছে যে কৰ্ণাটকৰ শিৱালিক বনাঞ্চল, গংগা উপত্যকাৰ সমভূমি আৰু উত্তৰ পূবৰ বনাঞ্চলত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে মধ্যভাৰত আৰু পশ্চিমঘাট অঞ্চলত বাঘৰ জনসংখ্যা দ্ৰুত হাৰত হ্ৰাস পাইছে৷ অথচ পশ্চিমঘাট অঞ্চলক জৈৱ বৈচিত্ৰৰ আঁকৰ বুলিয়েই জনা যায়৷

ফটো: সংগ্ৰহীত।

 

এই অঞ্চলবোৰত বাঘৰ জনসংখ্যা হ্ৰাসৰ অন্যতম কাৰণ হিচাপে যিকেইটা কাৰণ চিহ্নিত কৰা হৈছে, তাৰ ভিতৰত অন্যতম হ’ল–বনাঞ্চলসমূহক খণ্ড-বিখণ্ড কৰা আৰু সেইবিলাকত শিল্পায়নৰ বাবে অনুমতি প্ৰদান কৰা৷ ইয়াৰ ফলত বাঘৰ বিচৰণ ভূমি আৰু খাদ্য সংগ্ৰহৰ এলেকা যথেষ্ট পৰিমাণে সংকুচিত হৈ আহিছে৷ ইয়াৰ ফলত বহু বাঘে অনাহাৰত মৃত্যু বৰণ কৰিছে৷

চলিত দশকৰ শেষৰ ফালে ভাৰতত বাঘৰ জনসংখ্যা ৫,০০০ লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ কিন্তু উদ্বেগজনক কথাটো হ’ল, যিবিলাক বনাঞ্চলত বাঘৰ জনসংখ্যা বৃদ্ধি পাই আছে, সেইবিলাকৰ ভিতৰত কিছুমান বনাঞ্চল বাঘ ধাৰণ কৰাৰ সৰ্ব্বোচ্চ সীমাত উপনীত হৈছে৷ তাতকৈ বেছি বাঘ ধাৰণ কৰাৰ ক্ষমতা সেইবিলাকৰ নাই৷ সুন্দৰবন তেনে এক উদাহৰণ৷ এনে পৰিস্থিতিত মানুহ আৰু জন্তুৰ সংঘাত বৃদ্ধি পায়৷ তদুপৰি ভাৰতত অঞ্চল ভিনে প্ৰতি এশ বৰ্গকিলোমিটাৰ এলেকাত বাঘ ধাৰণ কৰাৰ ক্ষমতা সৰ্ব্বোচ্চ ৬ টাৰ পৰা ১৬ টা হ’ব পাৰে৷ উল্লেখ কৰা দৰকাৰ যে বিভিন্ন প্ৰাকৃতিক উপাদানৰ তাৰতম্যৰ কাৰণে আৰামদায়কভাৱে জীৱন-যাপন কৰিব পৰা বাঘৰ সংখ্যা অঞ্চল বিশেষে ভিন্ন হয়৷

ফটো: সংগ্ৰহীত।

 এই বনাঞ্চলসমূহৰ ধাৰণ ক্ষমতাতকৈ বাঘৰ জনসংখ্যা বাঢ়ি গ’লে বাঘৰ মৃত্যুৰ হাৰ অৱধাৰিতভাৱেই বাঢ়ি যাব৷ তদুপৰি জনঘনত্বৰ বাবে মহামাৰী বিয়পাৰো সম্ভাৱনা প্ৰবল হয়৷ এতেকে যিবোৰ অঞ্চলত বাঘৰ জনসংখ্যা বাঢ়ি গৈছে, সেইবোৰ অঞ্চলৰ বাঘৰ পুনবৰ্ণ্টনৰ আৱশ্যক আছে৷ আকৌ, পুনৰবৰ্ণ্টনৰ বাবে নতুন নতুন বনাঞ্চল সৃষ্টি কৰা অথবা বৰ্তমানৰ বনাঞ্চল সম্প্ৰসাৰিত কৰাৰ প্ৰয়োজন আছে৷

ক’বলৈ গ’লে, বনাঞ্চল সম্প্ৰসাৰণ ব্যাঘ্ৰ প্ৰকল্পৰ আঁচনিত অপৰিহাৰ্যভাৱেই অন্তৰ্ভূক্ত হ’ব লাগে৷ কিন্তু আমি জনাত, চৰকাৰে সেই দিশটোৰ প্ৰতি বিশেষ দৃষ্টি দিয়া নাই৷ তাৰ বিপৰীতে, শিল্পায়নৰ বাবে বনাঞ্চলৰ ধ্বংসযজ্ঞ নিৰন্তৰ চলিবই লাগিছে৷ তাৰ পৰা এই কথা স্পষ্ট যে ভাৰত চৰকাৰে সদায় পৰিৱেশতকৈ অৰ্থনীতিকে অগ্ৰাধিকাৰ দি আহিছে৷

ফটো: সংগ্ৰহীত।

মোদী ডাঙৰীয়াই স্বভাৱজাত বাগ্মিতাৰে, ঢৌতে খৰ মাৰি, বাঘৰ জনসংখ্যা বৃদ্ধিৰ কৃতিত্ব নিজৰ গালৈ টানি আনি অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশৰ মাজত সন্তুলন ৰক্ষাৰ কথাটো কৈ পেলাইছে৷ বাস্তৱিক বিচাৰত চৰকাৰে তাৰ ওলোটাটোহে কৰি আছে৷ যদি এনে নীতি অব্যাহত থাকে, তেন্তে বাঘৰ ভৱিষ্যৎ নিষ্কণ্টক বুলি ভবাৰ অৱকাশ স্বাভাৱিকতে নিচেই কম৷

 লেখকৰ ফোন-৯৪৩৫০৯০৮৯৯        

দ্বিপেন কাকতি

দ্বিপেন কাকতি

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd