• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমিতি গঠনেৰে কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্ব এৰাই চলিব বিচাৰিছে : আছু

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 3, 2019 8:21 pm
03-01-19 Guwahati- AASU pmt (1)

কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৃহস্পতিবাৰে গুৱাহাটীত আছুৰ সংবাদমেল। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪’ ৰ লোকসভা নিৰ্বাচনৰ আগত নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ মে’ৰ পাছত বাংলাদেশীক টালি-টোপোলা বান্ধিবলৈ কৈছিল। কিন্তু যোৱা চাৰে চাৰি বছৰত কাৰ্যতঃ একো নকৰা চৰকাৰখনে হঠাতে অসম চুক্তিৰ ৬ নম্বৰ দফা সম্পৰ্কত ল’লে এক সিদ্ধান্ত।

নৰেন্দ্ৰ মোদী নেতৃত্বধীন চৰকাৰৰ এই হঠাতে লোৱা সিদ্ধান্ত কেৱল এক আভূৱাৰ বাদে আন একো নহয় বুলি মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই। লগতে এই সিদ্ধান্ত নৰেন্দ্ৰ মোদীয়ে ২০১৪’ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দিয়া আশ্বাসৰ নামান্তৰ বুলিও অভিহিত কৰিছে ছাত্ৰ সন্থাই।

Apply Now

বৃহস্পতিবাৰে গুৱাহাটীৰ চহিদ ন্যাসত এখন সংবাদমেল অনুষ্ঠিত কৰি অসম চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই।

উল্লেখ্য যে, কালি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে এখন উচ্চ স্তৰীয় সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সমিতি খনে অসম চুক্তি ৰূপায়ণৰো যাৱতীয় কামকাজ আগবঢ়াই নিয়াৰ কথা কোৱা হৈছে। কেবিনেট বৈঠকৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।

ইপিনে কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাৰ পাছত আজি সংবাদমেলত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘’লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত সৃষ্টি হোৱা তীব্ৰ আন্দোলনক শাম কটোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে। ধিক্কাৰ দিব পাৰি যে নৰেন্দ্ৰ মোদী চৰকাৰে চাৰে চাৰি বছৰৰ মূৰত অসম চুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ সময় পালে।

তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে ‘উচ্চস্তৰীয় সমিতি’ গঠন কৰিব ওলোৱা বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ১৯৯৮ চনৰ ডিচেম্বৰ মাহতেই তেতিয়াৰ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব জি কে পিল্লাইৰ নেতৃত্বত এখন সমিতি গঠন হৈছিল। এই সমিতিত কেন্দ্ৰীয় চৰকাৰৰ ৪ জন, অসম চৰকাৰৰ ৩ জন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৩ জন সদস্য আছিল। সমিতিখনৰ কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিল বুলিও সমুজ্বল ভট্টাচাৰ্যই উল্লেখ কৰে।

মন কৰিবলগীয়া যে, ১৯৯৮ চনত গঠিত এই সমিতিখনত বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেতিয়া আছুৰ প্ৰতিনিধি হিচাপে আছিল। এতিয়া একেটা বিষয়ত পুনৰ সমিতি গঠন কৰা বিষয়টোত একো নতুনত্ব নাই আৰু যুগান্তকাৰী নহয় বুলি আছু নেতৃত্বই প্ৰকাশ কৰে।

ইয়াৰ লগতে কালি আলোচনা কৰা বিধানসভাত খিলঞ্জীয়াৰ বাবে আসন সংৰক্ষণ কৰা বিষয়টোতো কোনো নতুনত্ব নাই বুলি উল্লেখ কৰি ১৯৯৮ চনত গঠন কৰা সমিতিতেই এই সম্পৰ্কত আলোচনা হৈছিল বুলি ছাত্ৰ সন্থাৰ তৰফৰ পৰা মন্তব্য প্ৰকাশ কৰে। জি কে পিল্লাইৰ নেতৃত্বত গঠিত এই সমিতিখনৰ ধাৰাবাহিকতা ৰক্ষা কৰি পুনৰ সক্ৰিয় কৰিবলৈও ছাত্ৰ সন্থাই দাবী জনায়।

একেদৰে, কালি সিদ্ধান্ত লোৱা অনুসৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰিবলগীয়া উচ্চ স্তৰীয় সমিতিখনক অসম চুক্তি ৰূপায়ণৰ বিষয়টো চোৱা চিতা কৰিবলৈ দিব বুলি কৰা ঘোষণাকো গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি আছু নেতৃত্বই মন্তব্য কৰে।

‘অসম চুক্তি ৰূপায়ণৰ নডেল মন্ত্ৰালয় হ’ল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। সমিতি এখনৰ হ’ব নোৱাৰে। এই ঘোষণাৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্ব এৰাই চলিব বিচাৰিছে’, -সমুজ্বল ভট্টাচাৰ্যই সংবাদমেলত কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd