• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশীৰ নাম কৰ্তনৰ দায়িত্ব ৰাইজৰ মূৰত দি মুখ্য মন্ত্ৰীয়ে নিজে মূৰপোলোকা মাৰিছে : আছু

“মুখ্য মন্ত্ৰীয়ে নিজৰ দায়িত্ব পালন নকৰিলে সময়ে ক্ষমা নকৰিব”

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 1, 2018 8:11 pm
AASU_2

আছুৰ সংবাদমেলৰ দৃশ্য। ১ ডিচেম্বৰত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুযোগ পালেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ কৃতিত্বৰ দাবী কৰি থকা বিজেপি চৰকাৰে প্ৰকৃততে শুদ্ধ এন আৰ চিৰ বাবে কিমান কাম কৰিছে? মুখ্য মন্ত্ৰী সোণোৱালে কি দায়িত্ব পালন কৰিছে? এই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে আছুৰ নেতৃত্বই।

আছুৰ অভিযোগ, এন আৰ চিৰ খচৰাত সোমাই থকা সন্দেহযুক্ত নাগৰিকৰ নাম কৰ্তনৰ বাবে চৰকাৰে নিজে একো নকৰি ৰাইজলৈ দায়িত্ব ঠেলি দি হাত সাৱটি বহি আছে। লগতে মুখ্য মন্ত্ৰীজনে কিছুমান প্ৰৰোচনামূলক মন্তব্য কৰি আহিছে।

Apply Now

গুৱাহাটীৰ চহিদ ন্যাসত আজি এখন সংবাদমেলত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দুৰ্বল ভূমিকাৰ বাবে চৰকাৰ আৰু মুখ্য মন্ত্ৰী সোণোৱালক কঠোৰ সমালোচনা কৰে।

“মুখ্য মন্ত্ৰীয়ে নিজে একো দায়িত্ব পালন নকৰি আনৰ গাত দোষ জাপি দিব বিচাৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ আধাৰত মুখ্য মন্ত্ৰী আৰু অসম চৰকাৰে সন্দেহযুক্ত বিদেশীৰ নাম কৰ্তন বাতিল কৰিবলৈ নিজৰ ফালৰ পৰা ক্ষমতা প্ৰয়োগ কৰিব পাৰে। কিন্তু তাকে নকৰি মুখ্য মন্ত্ৰীগৰাকীয়ে কিছুমান প্ৰৰোচনামূলক মন্তব্য কৰি আহিছে।” সমুজ্জ্বলে কয়।

উল্লেখ্য যে যোৱা কেইদিনমানত মুখ্য মন্ত্ৰীয় সৰ্বনন্দ সোণোৱালে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাবোৰত এন আৰ চিত সোমাই থকা বিদেশী নাগৰিকৰ বিৰুদ্ধে আপত্তি দাখিল কৰিবলৈ ৰাইজক আহ্বান জনাই আহিছে। ইয়াক এক প্ৰকাৰৰ প্ৰৰোচনামূলক বুলি অভিহিত কৰে আছুৱে।

আনহাতে আছুৱে কয়, “মুখ্য মন্ত্ৰী আৰু অসম চৰকাৰে কৰিব লগীয়া কামৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ আনৰ ওপৰত এই দায়িত্ব ঠেলি দিব বিচাৰিছে।”

আছুৰ মতে, শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ দায়িত্ব চৰকাৰৰ আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ।

“মুখ্য মন্ত্ৰীগৰাকীয়ে নিজৰ দায়িত্ব পালন নকৰাৰ বাবে তেওঁক সময় আৰু জাতিয়ে ক্ষমা নকৰিব।” আছুৰ নেতৃত্বই কয়।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীয়ে এখন নিৰ্বাচনী সভাত কৈছিল, “এন আৰ চিত বিদেশীৰ নাম থাকি গ’লে পাছত হায়ৈ বিয়ৈ কৰি লাভ নাই।”

কিন্তু মুখ্য মন্ত্ৰীৰ এই মন্তব্যত সমুজ্জ্বল ভট্টাচাৰ্যই কয়, “মুখ্য মন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ে দিয়া নিজৰ দায়িত্বখিনিয়ে পালন নকৰিলে।”

আছুৱে আজি সংবাদমেলত স্পষ্ট কৰি দিয়ে যে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ে তদাৰক কৰিলেও ন্যায়ালয়ে বান্ধি দিয়া আইনৰ আধাৰত প্ৰশাসন যন্ত্ৰটো মুখ্য মন্ত্ৰী আৰু অসম চৰকাৰৰ নিৰ্দেশত চলিব লাগে। মুখ্য মন্ত্ৰী আৰু চৰকাৰে আগ্ৰহ দেখুৱালে এখন শুদ্ধ নাগৰিকপঞ্জী পোৱাত সহায়ক হ’ব।

ছাত্ৰ সন্থাৰ নেতৃত্বই ইয়াকো কয় যে অসম চুক্তি ৰূপায়ণৰ বাবে নাগৰিকত্ব আইনত বিশেষ ধাৰা অন্তৰ্ভুক্ত আছে। এই ধাৰা প্ৰয়োগ কৰি অসম চৰকাৰৰ বিষয়াসকলে সন্দেহযুক্ত নাগৰিকৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

এন আৰ চিখন পূৰ্ণ ৰূপত প্ৰকাশ পোৱাৰ আগলৈ আইনৰ আধাৰত বিষয়াসকলে নিজাববীয়াকৈ অনুসন্ধান চলাব পাৰে। চূড়ান্ত খচৰাত থকা কোনো লোককো বিষয়াসকলে সন্দেহবশতঃ শুনানিৰ বাবে মাতিব পাৰে আৰু তথ্য-পাতি পুনৰ বিচাৰ কৰি চাব পাৰে। কিন্তু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ে দাবী আৰু আপত্তিৰ প্ৰক্ৰিয়া চলি থকা সময়তে ৰাজ্য চৰকাৰক নাগৰিকপঞ্জীৰ বাবে আবেদন কৰা সকলো আবেদনকাৰীক বায়’মেট্ৰিক তথ্য-পাতি সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু অসম চৰকাৰে এই পৰ্যন্ত এই দিশটোত এতিয়ালৈ কোনো ৱ্যৱস্থা লোৱা নাই।

ছাত্ৰ সন্থাৰ নেতৃত্বই উপৰোক্ত উদাহৰণসমূহেৰে অসম চৰকাৰৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমোলাচনা কৰি ‘আনৰ গাত দোষ জাপি দিয়াতকৈ নিজৰ দায়িত্ব পালন কৰিলে ৰাজ্যখনৰ ভৱিষ্যত সুৰক্ষিত হ’ব’ বুলি মন্তব্য কৰে।

লগতে অবৈধ বাংলাদেশীৰ নামমুক্ত এন আৰ চি প্ৰকাশ নোহোৱা পৰ্যন্ত ‘হায়ৈ-বিয়ৈ কৰিয়েই থাকিম’ বুলিও আছু নেতৃত্বই প্ৰকাশ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd