DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আছু সদস্যৰ ওপৰত পৰা প্ৰতিটো কোবৰ প্ৰত্যুত্তৰ দিয়া হ’ব : সমুজ্জ্বল ভট্টাচাৰ্য

আছু আৰু বিজেপিৰ মাজৰ সংঘাত অধিক পোনপটীয়া হোৱাৰ দিশত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 28, 2019 8:46 pm
AASU PressMeet

আজি গুৱাহাটীৰ চহিদ ভৱনত সংবাদমেলত আছু নেতৃত্ব।

1.7k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত চলি থকা আন্দোলনৰ মাজতে ২৭ জানুৱাৰিত নলবাৰীৰ ঘগ্ৰাপাৰত সংঘটিত ঘটনাই সদৌ অসম ছাত্ৰ সন্থা আৰু বিজেপিৰ মাজৰ সংঘাত অধিক পোনপটীয়া কৰি তুলিলে।

এই ইংগিত আজি আছুৰ নেতৃত্বৰ ভাষ্যত স্পষ্ট হৈ পৰে। আজি গুৱাহাটীৰ চহিদ ভৱনত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই কালিৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াই নহয়, ইয়াৰ পৰিণাম বিজেপিৰ বাবে ভাল নহ’ব বুলি সকীয়াই দিয়ে।

“ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত পৰা প্ৰতিটো কোবৰ উচিত প্ৰত্যুত্তৰ চৰকাৰ আৰু বিজেপি দলক দিয়া হ’ব। কোনেও ইয়াৰ পৰা নিস্তাৰ নাপাব”, কঠোৰ বাৰ্তা সমুজ্জ্বল ভট্টাচাৰ্য্যৰ।

২৭ জানুৱাৰিত আৰক্ষীয়ে আটক কৰা প্ৰতিবাদকাৰীক থানাৰ ভিতৰত বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰা ঘটনাটো বিজেপিৰ বৰ্বৰতা আৰু গুণ্ডামি বুলি আখ্যা দিয়ে। তেওঁ নলবাৰী জিলাৰ আৰক্ষী বাহিনী বিজেপি-আৰ এছ এছৰ স্বেচ্চাসেৱক হিচাপে কাম কৰি থকা বুলি আজিও দোহাৰে।

“থানাৰ ভিতৰত গৈ গুণ্ডামি, মাৰপিট কৰা কাৰ্যই এই সত্যৰ প্ৰতিফলন ঘটাইছে”, আছুৰ উপদেষ্টাজনে কয়।

ইপিনে এই ঘটনাৰ প্ৰতিবাদত কাইলৈ অৰ্থাৎ ২৯ জানুৱাৰিত সমগ্ৰ ৰাজ্যতে সদৌ অসম ছাত্ৰ সন্থাই দিনৰ ১২ বজাৰ পৰা ১ বজালৈ এঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলি আজিৰ সংবাদ মেলত সমুজ্বল ভট্টাচাৰ্যই জানিবলৈ দিয়ে।

বিজেপি নেতৃত্বধীন চৰকাৰক সকীয়নি প্ৰদান কৰি ভট্টাচাৰ্যই কয়, “যিযানেই বৰ্বৰতা বা দমন নচলাওক কিয়, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম আৰু তীব্ৰতৰ হ’ব। কোনো দমনে এই সংগ্ৰামৰ গতি ৰুদ্ধ কৰিব নোৱাৰিব, বৰং এই আন্দোলন তীব্ৰ, ব্যাপক আৰু প্ৰসাৰিত হ’ব”।

সংবাদমেলত উপস্থিত থাকি উত্তৰ-পূব ছাত্ৰ সংগঠনৰ অধ্যক্ষ চেমুৱেল জেৰৱাই ঘগ্ৰাপাৰৰ ঘটনাটোক গৰিহণা দিয়ে। তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূবত আন্দোলন অব্যাহত থাকিব বুলিও মন্তব্য কৰে।

সংবাদমেলত সদৌ চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকি কালিৰ ঘটনাক ধিক্কাৰ দিয়ে।

উল্লেখযোগ্য যে নলবাৰীৰ ঘটনাৰ প্ৰতিবাদত আজি ছাত্ৰ সন্থাই জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যজুৰি ক’লা পতাকা উত্তোলন, পথ অৱৰোধ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে।

Recent News

নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা তিনিচুকীয়া থানাৰ আৰক্ষী বিষয়া দীনকান্ত সোণোৱালৰ

নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা তিনিচুকীয়া থানাৰ আৰক্ষী বিষয়া দীনকান্ত সোণোৱালৰ

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

Sanjay Raut

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd