• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছু সদস্যৰ ওপৰত পৰা প্ৰতিটো কোবৰ প্ৰত্যুত্তৰ দিয়া হ’ব : সমুজ্জ্বল ভট্টাচাৰ্য

আছু আৰু বিজেপিৰ মাজৰ সংঘাত অধিক পোনপটীয়া হোৱাৰ দিশত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 28, 2019 8:46 pm
AASU PressMeet

আজি গুৱাহাটীৰ চহিদ ভৱনত সংবাদমেলত আছু নেতৃত্ব।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত চলি থকা আন্দোলনৰ মাজতে ২৭ জানুৱাৰিত নলবাৰীৰ ঘগ্ৰাপাৰত সংঘটিত ঘটনাই সদৌ অসম ছাত্ৰ সন্থা আৰু বিজেপিৰ মাজৰ সংঘাত অধিক পোনপটীয়া কৰি তুলিলে।

এই ইংগিত আজি আছুৰ নেতৃত্বৰ ভাষ্যত স্পষ্ট হৈ পৰে। আজি গুৱাহাটীৰ চহিদ ভৱনত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই কালিৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াই নহয়, ইয়াৰ পৰিণাম বিজেপিৰ বাবে ভাল নহ’ব বুলি সকীয়াই দিয়ে।

Apply Now

“ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত পৰা প্ৰতিটো কোবৰ উচিত প্ৰত্যুত্তৰ চৰকাৰ আৰু বিজেপি দলক দিয়া হ’ব। কোনেও ইয়াৰ পৰা নিস্তাৰ নাপাব”, কঠোৰ বাৰ্তা সমুজ্জ্বল ভট্টাচাৰ্য্যৰ।

২৭ জানুৱাৰিত আৰক্ষীয়ে আটক কৰা প্ৰতিবাদকাৰীক থানাৰ ভিতৰত বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰা ঘটনাটো বিজেপিৰ বৰ্বৰতা আৰু গুণ্ডামি বুলি আখ্যা দিয়ে। তেওঁ নলবাৰী জিলাৰ আৰক্ষী বাহিনী বিজেপি-আৰ এছ এছৰ স্বেচ্চাসেৱক হিচাপে কাম কৰি থকা বুলি আজিও দোহাৰে।

“থানাৰ ভিতৰত গৈ গুণ্ডামি, মাৰপিট কৰা কাৰ্যই এই সত্যৰ প্ৰতিফলন ঘটাইছে”, আছুৰ উপদেষ্টাজনে কয়।

ইপিনে এই ঘটনাৰ প্ৰতিবাদত কাইলৈ অৰ্থাৎ ২৯ জানুৱাৰিত সমগ্ৰ ৰাজ্যতে সদৌ অসম ছাত্ৰ সন্থাই দিনৰ ১২ বজাৰ পৰা ১ বজালৈ এঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলি আজিৰ সংবাদ মেলত সমুজ্বল ভট্টাচাৰ্যই জানিবলৈ দিয়ে।

বিজেপি নেতৃত্বধীন চৰকাৰক সকীয়নি প্ৰদান কৰি ভট্টাচাৰ্যই কয়, “যিযানেই বৰ্বৰতা বা দমন নচলাওক কিয়, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম আৰু তীব্ৰতৰ হ’ব। কোনো দমনে এই সংগ্ৰামৰ গতি ৰুদ্ধ কৰিব নোৱাৰিব, বৰং এই আন্দোলন তীব্ৰ, ব্যাপক আৰু প্ৰসাৰিত হ’ব”।

সংবাদমেলত উপস্থিত থাকি উত্তৰ-পূব ছাত্ৰ সংগঠনৰ অধ্যক্ষ চেমুৱেল জেৰৱাই ঘগ্ৰাপাৰৰ ঘটনাটোক গৰিহণা দিয়ে। তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূবত আন্দোলন অব্যাহত থাকিব বুলিও মন্তব্য কৰে।

সংবাদমেলত সদৌ চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকি কালিৰ ঘটনাক ধিক্কাৰ দিয়ে।

উল্লেখযোগ্য যে নলবাৰীৰ ঘটনাৰ প্ৰতিবাদত আজি ছাত্ৰ সন্থাই জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যজুৰি ক’লা পতাকা উত্তোলন, পথ অৱৰোধ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd