আদিবাসীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি অভিহিত কৰি বিজেপি আৰু মিত্ৰদল বি পি এফক আদিবাসী অধ্যুষিত এলেকাত প্ৰৱেশ নিষিদ্ধ কৰিছে জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনে। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ হাৰাপুটাস্থিত চাওতাল টাইগাৰ ফ’ৰ্চৰ ডেজিগনেটেড শিবিৰত সোমবাৰে আয়োজিত এখন সংবাদমেলত এইকথা প্ৰকাশ কৰিছে সংগঠনকেইটাই।
সংগঠনকেইটাই লগতে বিগত লোকসভা নিৰ্বাচনৰ সময়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি শাসনত বহা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে বি পি এফৰ তথা হাগ্ৰামা মহিলাৰীক সন্তুষ্ট কৰাৰ স্বাৰ্থতেই আদিবাসীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত চৰম প্ৰতাৰণা কৰা বুলি ক্ষোভ উজাৰে।
সেয়েহে, আগন্তুক লোকসভা নিৰ্বাচনত বি পি এফ আৰু বিজেপি সন্মিলিত চৰকাৰৰ কোনো দলকে আদিবাসী অধ্যুষিত এলেকাত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি তেওঁলোকে হুংকাৰ দিয়ে।
আনহাতে, তথাকথিত বড়োলেণ্ডত আদিবাসীসকলৰ সাংবিধানিক অধিকাৰক তচনচ কৰি দিয়া হ’ল বুলিও ছয় জনগোষ্ঠীৰ নেতৃত্বই সোমবাৰৰ সংবাদমেলযোগে গুৰুতৰ অভিযোগ তুলিছে।
তদুপৰি, অবড়ো ভোটৰ দ্বাৰা বি টি এ ডিত শাসনৰ গাদী দখল কৰা হাগ্ৰামা মহিলাৰীয়ে আদিবাসীক নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিলে, সেয়া কোনোদিনেই সফল হ’বলৈ দিয়া নহ’ব বুলি আদিবাসীসকলৰ যুদ্ধবিৰত বিভিন্ন গোট আৰু ছাত্ৰ সংগঠনে তীব্ৰ ক্ষোভ উজাৰিছে।
উক্ত সংবাদ মেলত উপস্থিত থকা আকমা, আপা, এছ টি এফ, আছা আদিকে ধৰি বিভিন্ন সংগঠনৰ নেতৃবৃন্দই বি টি এ ডিৰ শাসনাধিষ্ঠিত দল বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি সংবাদ মেলত অভিযোগ তোলে যে বি টি এ ডিত ভয়াৱহ সাম্প্ৰদায়িকতাৰ আশ্ৰয় লোৱা হাগ্ৰামাৰ চতুৰালিত আদিবাসীসকলৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে।
ইপিনে, সংগঠনকেইটাৰ নেতৃত্বই আদিবাসী নেতাসকলক বি পি এফ ত্যাগ কৰিবলৈ শেষবাৰৰ বাবে আহ্বান জনাইছে।