জাতিৰ পক্ষত থাকি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিজেপিৰ সংগ ত্যাগ কৰা অসম গণ পৰিষদক গেৰুৱা দলটোৰ ‘সৰ্পিল আলিংগন’ৰ বান্ধোনৰ পৰা মুক্ত হোৱা বুলি অভিহিত কৰিছে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইয়ে।
বিধেয়কখন বাতিলৰ দাবীত বৃহস্পতিবাৰে দীঘলীপুখুৰীপাৰত অগপৰ বিধায়িনী দলে কৰা অনশন কাৰ্যসূচীত উপস্থিত থাকি দলটোলৈ অভিনন্দন জ্ঞাপন কৰি ড০ গোহাঁইয়ে বিজেপিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ এই অনশনক মহাত্মা গান্ধীৰ আত্মশুদ্ধিৰ বাবে কৰা অনশনৰ সৈতেও তুলনা কৰে।
‘’আপোনালোকে আজি বন্দিত্বৰ পৰা মুক্তিৰ আনন্দ উপলব্ধি কৰিছে। আপোনালোকৰ যদি সাধাৰণ মানুহৰ প্ৰতি অলপো দৰদ আছে তেনেহ’লে এই দলটোৰ সৈতে কেতিয়াও সম্পৰ্ক নাৰাখিব। অভিজ্ঞতাৰ পৰা আপোনালোকে বুজিছে তেওঁলোক কেনে অবিশ্বাসী আৰু প্ৰৱঞ্চক’’,-অগপলৈ আহ্বান জনাই ড০ হীৰেন গোহাঁইয়ে কয়।
তেওঁ লগতে ২০১৯’ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈ অগপক আত্ম প্ৰতাৰণা নকৰি সক্ৰিয় ভূমিকা গ্ৰহণৰ বাবেও আহ্বান জনায়। তাৰ বাবে গাঁৱে গাঁৱে সংগ্ৰামখন আগুৱাই নিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।
‘’টি ভিত চেহেৰা দেখুওৱা আন্দোলনেৰে জাতি ৰক্ষা সম্ভৱ নহয়। গাঁৱৰ মানুহ এতিয়াও সচেতন হোৱা নাই’’, বুলিও গোহাঁইয়ে কয়।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলা আন্দোলনক আচল যুদ্ধ নহয় বুলি মন্তব্য কৰি তেওঁ কয়, ‘’বিধেয়ক বিৰোধী আন্দোলন এক খণ্ডযুদ্ধ হে, আচল যুদ্ধখন দীঘলীয়া। সংগ্ৰামৰ শীৰ্ষবিন্দু হ’ব এই অত্যাচাৰী চৰকাৰক উচ্ছেদ কৰা।‘’
সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টোতো অগপক ভৰসা নকৰিবলৈ কৈ নিজৰ গৃহভূমিতে আনে দিয়া ৰক্ষাকৱচ অসহনীয় বুলিও তেওঁ মন্তব্য কৰে। ইংৰাজ, জাৰ্মান সকলৰ উদাহৰণেৰে অসমীয়াইও নিজৰ প্ৰাধান্য শক্তিশালী কৰিব লাগিব বুলি তেওঁ পৰামৰ্শ আগবঢ়ায়।
ইপিনে বিধেয়কখনৰ বিৰুদ্ধে এতিয়াও একাংশ সংগঠনে মুখ্য মন্ত্ৰীক স্মাৰক পত্ৰ দিয়া কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰে ড০ গোহাঁইয়ে।
‘’আচল নেতা দিল্লীত বহি থাকে। আমাৰ মুখ্য মন্ত্ৰীৰ কাম চন্তৰীতকৈ বেছি নহয়। কি সিদ্ধান্ত গ্ৰহণ হ’ব চন্তৰী এজনে কেনেকৈ গম পাব? চন্তৰী এজনক স্মাৰক পত্ৰ দিয়াৰ কোনো যুক্তি নাই। ই অৰণ্যৰোদন মাত্ৰ, ই ৰাইজৰ মনত ভূৱা আশাৰ সৃষ্টি কৰিব’’,-গোহাঁইয়ে কয়।
বিজেপিৰ দখলত থকা সকলো ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ নিজস্ব ক্ষমতা নাই, মতৰ মূল্য নাই বুলিও তেওঁ ভাষণত কয়।
আনহাতে, ড০ হীৰেন গোহাঁই অসম আন্দোলনৰ বিৰোধী আছিল বুলি একাংশই কৰা মন্তব্যৰ প্ৰত্যুত্বৰ দি তেওঁ কয়, ‘’মই কেতবাৰ নিষ্ঠুৰ কাৰ্যকলাপৰহে বিৰোধিতা কৰিছিলো, যিয়ে অসম আন্দোলনৰ ক্ষতি কৰিছিল। আপোনালোকৰ মনত বোধহয় নাই, আন্দোলনৰ নেতা সকলে যেতিয়া অসমৰ ৰাইজৰ আস্থা হেৰুৱাই পেলাইছিল সেই সময়ত মই বাহিৰৰ কাগজত লিখা লিখি কৰি আন্দোলনটোৰ সাৰতত্ত্ব প্ৰতিপন্ন কৰি আছিলো।‘’
তেওঁ ‘ছানডে’ নামৰ কলিকতাৰ পৰা প্ৰকাশিত আলোচনী এখনত অসম আন্দোলনক তুলি ধৰাৰ বাবে প্ৰৱন্ধ লিখিছিল বুলি গোহাঁইয়ে কয়।
ড০ গোহাঁইৰ এই ভাষণৰ সময়ত অনশন থলীত উপস্থিত আছিল প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামীকে প্ৰমুখ্য কৰি অসম আন্দোলনৰ বহুকেইগৰাকী নেতা।