কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ নৃশংসতাত ৪২জনকৈ চি আৰ পি এফ জোৱানৰ মৃত্যু হোৱা ঘটনাত সমগ্ৰ দেশবাসী ম্ৰিয়মাণ হৈ থকাৰ সময়তে এই হত্যালীলাক লৈ ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে অসমৰ এজন জনপ্ৰতিনিধিয়ে।
তেওঁ ধিং সমষ্টিৰ এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইছলাম।
পুলৱামাৰ ঘটনাৰ পিছদিনাই ১৫ ফেব্ৰুৱাৰিত বিধায়কজনে তেওঁৰ Aminul Islam, MLA-Dhing নামৰ ফেইচবুক পেইজটোত অসমীয়া আৰু ইংৰাজী ভাষাত এই সন্ত্ৰাসবাদী আক্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰে।
‘‘পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সেনাৰ গুলীয়াগুলী আৰু সদায় ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ কিয় হয়?’’ আমিনুল ইছলামে তেওঁৰ পেইজটোৰ পোষ্টটোত কয়। উক্ত পেইজটোৰ প্ৰায় ৬৬ হাজাৰ অনুগামী আছে।
১৫ ফেব্ৰুৱাৰিত বিয়লি ৩.০৯ বজাত এই পোষ্টটো আপল’ড দিয়াৰ আধা ঘন্টাৰ পাছত তেওঁ একেখিনি কথাকে ইংৰাজীত লিখে, ‘‘Why dose terrorist attack take place in Kashmir regularly before every parliamentary Election in India?’’
আমিনুল ইছলামৰ এই পোষ্ট দুটাৰ পাছত যথেষ্ট সংখ্যকে ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে মন্তব্য কৰে। বিধায়জনৰ মুষ্টিমেয় অনুৰাগীৰ বাদে বেছিভাগেই পোষ্টটোক গৰিহণা দিয়ে। লগতে এই দুঃখজনক বিষয়টোক লৈ ৰাজনীতি নকৰিবলৈও সকীয়নি দিয়ে।
ইপিনে, আমিনুল ইছলামে ফেইচবুকযোগে উত্থাপন কৰা এই প্ৰশ্নক তীব্ৰ গৰিহণা দিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। তেওঁ আমিনুল ইছলামক পাকিস্তানৰ এজেন্ট আৰু সমৰ্থক বুলিও আখ্যা দিয়ে।
‘‘এনেকুৱা হয় বুলি মই নাভাবো। আমি আমাৰ নিজৰ সৈনিকক মৰোৱাম নেকি? তেওঁৰ এই কথা নিন্দনীয়। তেওঁ আওপকীয়াকৈ আমিয়েই এই ঘটনা ঘটোৱা বুলি ক’লে। তেওঁ পাকিস্তানক গৰিহণা নিদিয়ে কিয়?’’, আক্ৰমণাত্মক প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ মন্তব্য।
একেদৰে, আমিনুল ইছলামক এই কথাৰে নিকৃষ্ট ৰাজনীতি কৰিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই।
শইকীয়াই কয়, ‘‘ভাৰতবৰ্ষৰ গৰিমা আৰু দেশৰ সেৱাত ব্ৰতী সেনাৰ প্ৰতি যে তেওঁৰ শ্ৰদ্ধা নাই এই কথাই প্ৰমাণ কৰিছে।’’
উল্লেখযোগ্য যে, কাশ্মীৰৰ এই বৰ্বৰ ঘটনাৰ পাছত বিৰোধী কংগ্ৰেছেও সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতি সমৰ্থন আৰু সহযোগিতা আগ বঢ়াব বুলি আশ্বাস দিছে। কিন্তু তেনে সময়ত অসমৰ এজন দায়িত্বশীল জনপ্ৰতিনিধিয়ে ছ’চিয়েল মিডিয়াত উত্থাপন কৰা এই প্ৰশ্নই চৰ্চা লাভ কৰিছে।