• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাশ্মীৰৰ ঘটনাক লৈ বিধায়ক আমিনুল ইছলামৰ বিতৰ্কিত ফেইচবুক পোষ্ট

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 16, 2019 4:44 pm
Aminul Islam Facebook Post
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ নৃশংসতাত ৪২জনকৈ চি আৰ পি এফ জোৱানৰ মৃত্যু হোৱা ঘটনাত সমগ্ৰ দেশবাসী ম্ৰিয়মাণ হৈ থকাৰ সময়তে এই হত্যালীলাক লৈ ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে অসমৰ এজন জনপ্ৰতিনিধিয়ে।

তেওঁ ধিং সমষ্টিৰ এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইছলাম।

Apply Now

পুলৱামাৰ ঘটনাৰ পিছদিনাই ১৫ ফেব্ৰুৱাৰিত বিধায়কজনে তেওঁৰ Aminul Islam, MLA-Dhing নামৰ ফেইচবুক পেইজটোত অসমীয়া আৰু ইংৰাজী ভাষাত এই সন্ত্ৰাসবাদী আক্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰে।

‘‘পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সেনাৰ গুলীয়াগুলী আৰু সদায় ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ কিয় হয়?’’ আমিনুল ইছলামে তেওঁৰ পেইজটোৰ পোষ্টটোত কয়। উক্ত পেইজটোৰ প্ৰায় ৬৬ হাজাৰ অনুগামী আছে।

১৫ ফেব্ৰুৱাৰিত বিয়লি ৩.০৯ বজাত এই পোষ্টটো আপল’ড দিয়াৰ আধা ঘন্টাৰ পাছত তেওঁ একেখিনি কথাকে ইংৰাজীত লিখে, ‘‘Why dose terrorist attack take place in Kashmir regularly before every parliamentary Election in India?’’

আমিনুল ইছলামৰ এই পোষ্ট দুটাৰ পাছত যথেষ্ট সংখ্যকে ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে মন্তব্য কৰে। বিধায়জনৰ মুষ্টিমেয় অনুৰাগীৰ বাদে বেছিভাগেই পোষ্টটোক গৰিহণা দিয়ে। লগতে এই দুঃখজনক বিষয়টোক লৈ ৰাজনীতি নকৰিবলৈও সকীয়নি দিয়ে।

ইপিনে, আমিনুল ইছলামে ফেইচবুকযোগে উত্থাপন কৰা এই প্ৰশ্নক তীব্ৰ গৰিহণা দিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। তেওঁ আমিনুল ইছলামক পাকিস্তানৰ এজেন্ট আৰু সমৰ্থক বুলিও আখ্যা দিয়ে।

‘‘এনেকুৱা হয় বুলি মই নাভাবো। আমি আমাৰ নিজৰ সৈনিকক মৰোৱাম নেকি? তেওঁৰ এই কথা নিন্দনীয়। তেওঁ আওপকীয়াকৈ আমিয়েই এই ঘটনা ঘটোৱা বুলি ক’লে। তেওঁ পাকিস্তানক গৰিহণা নিদিয়ে কিয়?’’, আক্ৰমণাত্মক প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ মন্তব্য।

একেদৰে, আমিনুল ইছলামক এই কথাৰে নিকৃষ্ট ৰাজনীতি কৰিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই।

শইকীয়াই কয়, ‘‘ভাৰতবৰ্ষৰ গৰিমা আৰু দেশৰ সেৱাত ব্ৰতী সেনাৰ প্ৰতি যে তেওঁৰ শ্ৰদ্ধা নাই এই কথাই প্ৰমাণ কৰিছে।’’

উল্লেখযোগ্য যে, কাশ্মীৰৰ এই বৰ্বৰ ঘটনাৰ পাছত বিৰোধী কংগ্ৰেছেও সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতি সমৰ্থন আৰু সহযোগিতা আগ বঢ়াব বুলি আশ্বাস দিছে। কিন্তু তেনে সময়ত অসমৰ এজন দায়িত্বশীল জনপ্ৰতিনিধিয়ে ছ’চিয়েল মিডিয়াত উত্থাপন কৰা এই প্ৰশ্নই চৰ্চা লাভ কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd