NORTHEAST NOW (Assamese)

২ টা বিশেষ খবৰ: এজেপিৰ দুই প্ৰাৰ্থীৰ মনোনয়ন নাকচ, নিৰ্দলীয় হিচাবে নিৰ্বাচন খেলাৰ ইংগিত শিলাদিত্যৰ

March 10, 2021 9:24 pm · এন ই নাও নিউজ
Updated: March 10, 2021 9:48 pm

ৰাজ্যৰ ৰাজনীতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পৰা দুটা বিশেষ খবৰ ।

প্ৰথম খবৰটো হ’ল অসম জাতীয় পৰিষদ দলৰ দুজনকৈ প্ৰাৰ্থীৰ মনোনয়ন নাকচ হোৱা বুলি জানিব পৰা গৈছে।

মনোনয়ন নাকচ হোৱা অসম জাতীয়  পৰিষদৰ প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে বটদ্ৰৱা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা অৰূপ কুমাৰ শইকীয়া আৰু মৰিয়নী সমষ্টিৰ পৰা এজেপিৰ প্ৰাৰ্থী হিচাবে মনোনয়ন দাখিল কৰা অলোক ঘোষ।

দুয়োগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পৰ্যাপ্ত নথিৰ অভাৱত ৰাজ্যিক নিৰ্বাচন আয়োগে নাকচ কৰা বুলি জানিব পৰা গৈছে।

দুয়োগৰাকী প্ৰাৰ্থীৰে মনোনয়ন নাকচ হোৱাত এতিয়া দুয়োটা সমষ্টিতে ৰাজনৈতিক সমীকৰণত যথেষ্ট পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে।

আনহাতে টিকটৰ পৰা বঞ্চিত হৈ আজি গুৱাহাটীত বিজেপিৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰা বিজেপিৰ হোজাইৰ বিধায়ক শিলাদিত্য দেৱে নিৰ্দলীয় ভাবে নিৰ্বাচন খেলিব বুলি ইংগিত দিছে।

Related News